• rajashreedeviyoga

ব্যায়াম



নাই, তাই নাই এতিয়া। আজি আহে নে নাহে বা। সি দেখা পাই নে নাপায় বা !

বতাহজাকে তাৰ দীঘল হৈ অহা চুলিখিনি নচুৱাই থৈ গল। গোন্ধ এটা যেন দি থৈ গল তাৰ লগতে... মনটো ভাল লাগি গল তাৰ। এনেও এইকেইদিন খুবেই ৰোমান্টিক হৈ পৰিছে সি। বেলকনী তাৰ প্রিয় ঠাই এতিয়া। তাই আহে... খুব সম্ভৱ আজিও আহিব, সময়টোহে ভালকৈ কব নোৱাৰি। কেতিয়াবা 4টা, কেতিয়াবা 6টা। টাইট উজ্জ্বল yoga pant আৰু ধুনীয়া টপ এটা পিন্ধে তাই প্ৰায়ে। কাপোৰ এখন আৰ দি লৈ ব্যায়াম কৰে। চুলিখিনি উখকৈ বান্ধে, কেতিয়াবা দৌৰি গুচি যায় ভিতৰলৈ, কেতিয়াবা আকৌ আহে, কেতিয়াবা নাহে। লাহী গাটো তাইৰ, ধকধক কৈ বগা ডিঙিটো সি ধুনীয়াকৈয়ে দেখা পায় যদিও দূৰত তাৰ বেলকনীৰ পৰা। বতাহত কাপোৰে কিমান নো আৰ দিব ! এনেকুৱা ছোৱালী ভাল লাগে তাৰ, আধুনিক, খীনকৈ। আন্টিবোৰ দেখি আমুৱাইছে আৰু। ধমহ ধমহকৈ নিজকে ভালকৈ ৰাখিব নজনা শাৰী পিন্ধি থকা...ধুই। নিজৰ দেহটোক ধুনীয়াকৈ ৰাখিব পৰা ছোৱালী তাই। হাতখনো দেখিছে সি... যেন চুই চাব। আঙুলিকেইটা যেন তাৰ বুকুৰ মাজেদিয়েই নাচি নাচি গলগৈ হঠাতে। বুকুখন কঁপি উঠিল তাৰ, শিৰে শিৰে যেন এক উত্তেজনাই বাৰুকৈয়ে চুই গল। সি প্ৰেমত পৰিছে যে খাটাং। লাহেকৈ হাঁহি এটা মাৰি চিগাৰেট এটা জ্বলালে। ধোঁৱাবোৰ প্রিয় তাৰ, তাতোকৈ প্রিয় তাই... ধোঁৱাৰ মাজত যেন তাই সোমাই আহিল তাৰ বুকুলৈ। আহ... কি যে এই মাদকতা। প্ৰত্যেকটো ভাঁজ যেন তাৰ চকুৰ আগত। সি পান কৰি আছে পৃথিৱীৰ প্ৰাচীনতম মদিৰা...উন্মুক্ত যেন এই পৃথিৱী।



"ৰাহুল..."

হঠাতে যেন খহি পৰিল তাৰ পৃথিৱী। উফ তাইক পাইছিলেই সি। তাইৰ দেহৰ প্ৰত্যেকেটো ভাঁজৰ ৰাগীত মতলীয়া হৈ আছিল সি।


"কি হল?" গহীন সি।

" আমাৰ চচাইটিত yoga teacher এগৰাকী আছে জানা। 'জুম'ত yoga শিকাব বোলে। ময়ো কৰিয়ে লওঁ অকন। সেইটো যে কাপোৰ মেলা বেলকনীটো, তাতে থাকে তাই। দেখিছোঁ মই, ধুনীয়াকৈ। ভাল লাগিব।"

"নালাগে, সেইজনীৰ কথা জানো নহয়। বেয়া বেয়া ড্ৰেচ পিন্ধি লৰা পতাই থাকে, ৰুমত আনে। characterless bitch."

ঘৈণীয়েক প্ৰিয়াৰ aunty যেন looks টোৰ প্ৰতি থকা সমস্ত খং উজাৰি ফুফুঁৱাই ৰুমলৈ সুমাই আহিল সি।




  • Black Facebook Icon
  • Black Instagram Icon
  • Black Pinterest Icon
  • Black Twitter Icon

© 2020 by YogaTales. Proudly created by Bite Crawler

  • Black Facebook Icon
  • Black Instagram Icon