• rajashreedeviyoga

Pregnancy...যদি ইমান সহজ হল হয়!

Pregnancyৰ কথাবোৰ এইকাৰণে লিখা আৰম্ভ কৰিছোঁ, যাতে আটায়ে অকমান হলেও অৱগত হয় , এগৰাকী গৰ্ভৱতী মহিলাই কেনেদৰে মাতৃ হয়। কম বেছি পৰিমাণে আটায়ে নিশ্চয় জানো কিন্তু আমি কিমান sensitive এই ক্ষেত্ৰত? নিজে যেতিয়া গৰ্ভৱতী হলো, নিজেও বহুত কথা শিকিলোঁ যিবোৰ আচলতে আগতীয়াকৈ জানিব লাগে। এতিয়াও বহুত আছে যিবোৰ নজনাকৈয়ে মাতৃ হলো। যিখিনি শিকিলোঁ লৰাবোৰেও জানক, গাভৰসকলেও জানক। সঠিক সময়ত জানিলে নিজে যেতিয়া সন্মুখীন হব (লাগিলে সেয়া নিজৰ হওঁক,বৌয়েক হওঁক, বায়েক হওঁক, বোৱাৰী হওঁক), গৰ্ভৱতী মহিলাৰ প্ৰতি সচেতন হব, কথাবোৰ বেছিকৈ বুজা হব। হৰমন ৰ তাৰতম্য ৰ বাবে গৰ্ভৱতী মহিলাৰ শাৰীৰিক আৰু মানসিকভাবে যিবোৰ পৰিবৰ্তন ঘটে, মই ভাবো সেয়া প্ৰত্যেকে জানিব লাগে। সেয়া আওকাণ কৰি আপুনি যদি তেওঁক সাধাৰণ মানুহৰ লগত ৰিজাই থাকে, সেয়া তেওঁৰ প্ৰতি অন্যায় বুলিয়ে কম। Depressionত ভুগি থাকে এগৰাকী গৰ্ভৱতী মহিলা, লগতে শৰীৰটো ত এশ এবুৰি বুজাব নোৱাৰা পৰিৱৰ্তন। এইখিনি সময়ত তেওঁক লাগে এশাৰী মৰমৰ মাত আৰু এখন Eveready কাণ😁, তেওঁৰ উল্টা পুল্টা কথাবোৰ শুনিবলৈ ...আৰু লাগে মৰম বিচাৰি পোৱা এখন হৃদয়। সেয়া নকৰি আপুনি যদি ঠেঙৰ উপৰত ঠেং তুলি গৰ্ভৱতী মহিলা গৰাকীক ঘৰৰ কামবোৰ গোটেই কৰিব দি আৰামেৰে দিন কটাইছে, নমস্কাৰ। "আমিও লৰা ছোৱালী জন্ম দিছোঁ" বুলি যদি ভাবিছে, আপোনাকো নমস্কাৰ। সকলো গৰ্ভৱতী মহিলা একে নহয়, কেনেদৰে কি অৱস্থাত তেওঁ দিন কটাই ছে, গৰ্ভত থকা সন্তানৰ কেনে অৱস্থা ইত্যাদি এজনৰ লগত আনজনৰ সদায় বেলেগ বেলেগ, গতিকে মই তেনেকেই পৰিলোঁ, তাইয়ো পাৰিব লাগিব যে তেনে কোনো কথা নাই। শাৰীৰিক আৰু মানসিক শান্তি দিয়ক পৰিয়ালে, তেওঁক সেয়াই আটাইতকৈ জৰুৰী এনে সময়ত। এইখিনিতে কব বিচাৰো বিয়া নোহোৱা সকললৈ যে আটাইতকৈ জৰুৰী medical test বোৰ কৰাটো যদিহে সন্তানৰ কামনা কৰিছে। কুণ্ডলী মিলাই দান প্ৰতিকাৰ কৰি ফুৰাতকে test বোৰ কৰাওক দুয়ো পাত্ৰ আৰু পাত্ৰী যে মিলি। thalassemia test যাতে আটায়ে কৰে। মোৰ যেতিয়া ধৰা পৰিছিল, চিন্তাই খাই পেলাইছিল, কিন্তু ভাগ্য ভাল যে স্বামীৰ normal ওলাল। তেতিয়া বুজিছিলো, কিমান জৰুৰী এইবোৰ কথা। কাৰণ পিছলৈ আকাশ খন খহি পৰাতকে আগতীয়াকৈ জানি বুজি সিদ্ধান্ত লোৱাটো খুব দৰকাৰ। আৰু লিখিম সৰু সৰু কথা। Stay tuned. বি. দ্ৰ: ঘৰৰ কাম কৰিব দিয়া ইত্যাদি কথাবোৰ পৰিয়ালৰ সকলো সদস্যক বুজোৱা হৈছে।

  • Black Facebook Icon
  • Black Instagram Icon
  • Black Pinterest Icon
  • Black Twitter Icon

© 2020 by YogaTales. Proudly created by Bite Crawler

  • Black Facebook Icon
  • Black Instagram Icon