• rajashreedeviyoga

Pregnancyত নিজকে কিদৰে মানসিকভাবে সুস্থ ৰাখিব ?

Updated: Jul 13, 2019

(মই কেনেকৈ কি কৰিছিলোঁ অকণমান লিখিছোঁ। ইয়াৰ ইংলিছত লিখাটো ইতিমধ্যে দিয়া আছে, ইয়াত অসমীয়াত দিলোঁ।)

নতুন চহৰখনলৈ অহা এমাহ হৈছিলহে মাত্ৰ, pregnant বুলি গম পালোঁ। ইয়ালৈ আহি নিজৰ yoga class আৰম্ভ কৰাৰ প্লেন কৰি আছিলোঁ। খুব কিবাকিবি ভাবিছিলো, নিজৰ ক্লাছৰ কথা, অমুক কৰিম, তমুক কৰিম... মুঠতে নিজৰ মতে অৱশেষত নিজৰ এটা yoga class আৰম্ভ কৰিম আৰু। কিন্তু হঠাতে দুডাল ৰঙা ৰঙৰ আঁচ যেতিয়া দেখা পালোঁ, বিভিন্ন ধৰণৰ কথা মনলৈ আহিল। খুব ভাল লাগিছিল, কঁপি উঠিছিল মনটো আনন্দত কিন্তু অকণমান যেন কিবা এটা চিন্তা আহি গৈছিল... "মোৰ সপোনবোৰৰ কি হব? মোৰ আলপৈচান ধৰিবলৈ কোন আহিব ইয়ালৈ? নিজে অকলে কেনেকৈ পাৰিম?" এনেধৰণৰ চিন্তাই আৱৰি ধৰিলেহি মোক। পিছমূহুৰ্ততে নিজকে দোষী অনুভৱ কৰিলোঁ তেনেকৈ ভবা বাবে। কাৰণ মই জানো যে মোৰ প্ৰত্যেকটো চিন্তাই গৰ্ভত থকা শিশুটিৰ ওপৰত প্ৰভাৱ পেলাব। কিন্তু কি কৰোঁ মই? নিজৰ মানুহবোৰৰ লগত থাকিলেও অকন কম হল হৈ চিন্তা।

অৱশেষত এদিন নিজেই নিজকে স্থিৰ কৰালোঁ, yogaত শিকি অহা কথাবোৰ মনত পেলালো। জীৱনৰ বাটত খোজ দিবলৈ সাহস দিয়া গুৰুসকলৰ কথাবোৰ কেনেকৈ পাহৰি আছিলোঁ ইমান দিনে? এইয়াই উত্তম সময় শিকি অহা কথাবোৰেৰে নিজৰ জীৱন টো ধুনীয়াকৈ আগুৱাই নিয়াৰ। সেইদিনাৰ পৰা সঁচা অৰ্থত মই নিজৰ pregnancyউপভোগ কৰিব ললোঁ। Pregnancyত কেনেকৈ নিজকে ইতিবাচক ভাবে আগুৱাই নিছিলো অকণমান লিখিম আজি। আশাকৰোঁ ইয়াৰদ্বাৰা প্ৰত্যেক গৰ্ভৱতী মহিলাই অকমান হলেও সহায় লাভ কৰিব। এইখিনিতে কব বিচাৰো যে yoga সদায় আমাৰ দেহ আৰু মনৰ লগত জড়িত, গতিকে নিজৰ মনটোক শান্ত কৰিব পাৰিলে বহুখিনি সমস্যাৰ সমাধান নিজে নিজেই ওলাব।

১) সদায় ৰাতিপুৱা শুই উঠিয়েই মই নিজেই নিজকে বাৰে বাৰে কৈছিলো , " ok, মই pregnant আৰু মই খুব positive এই ক্ষেত্ৰত।" মই ভাবো, ই দুটা কথাত সহায় কৰিছিল। এটা হল pregnancy accept কৰাত আৰু আনটো নিজকে positive কৰাত।

২) মই বৰ্তমানত জীয়াই থাকিবলৈ ধৰিলো। ভৱিষ্যতে কি হব বোলা ভয় ভাৱ তোৰ পৰা নিজকে তুলি আনি বৰ্তমানত থকাৰ ফলত মোৰ মানসিক শান্তি ঘূৰি আহিল। লগতে বেছি ফূৰ্তিত থাকিব পৰা হলোঁ।

৩) মই মোৰ সকলো চিন্তা নেদেখা শক্তিৰ ওচৰত অৰ্পন কৰিলোঁ। নিজকে surrender কৰিলোঁ এক অৰ্থত। সদায় ৰাতিপুৱা বেলি মামাৰ উম লওঁ, বেলি মামাক শক্তি দিবলৈ প্ৰাৰ্থনা জনাওঁ। নিজকে surrender কৰাটোৱেই সাহস দিলে মোক আগুৱাই যাবলৈ। Confident হলো যে সকলো ভাল হব ।

৪) যিহেতু আমাৰ দেহ আৰু মন ওতঃপ্ৰোত ভাৱে জড়িত সেয়ে মই নিজৰ দেহৰ যত্ন লোৱাত গুৰুত্ব দিলোঁ। প্ৰতিটো মাহতে এখন diet chart বনালোঁ, healthy dietত ই মোক বহুত সহায় কৰিলে। তাৰ বাবেই চাগে pregnancyৰ পৰা আজিলৈকে মোৰ constipation বা gasৰ সমস্যা হোৱা নাই।

৫) relaxation মোৰ কাৰণে এটি প্ৰত্যাহ্বান আছিল। কাৰণ 1st trimesterত মই অকণো relax হব পৰা নাছিলোঁ। Aum chanting কৰিবলৈও বহুত চেষ্টা কৰিলোঁ কিন্তু পৰা নাছিলোঁ, মোৰ ঘুৰাব ধৰিছিল লগে লগে। গতিকে মই খুব rest লোৱা আৰম্ভ কৰিলোঁ আৰু partial Shavasana আৰম্ভ কৰিলোঁ। মোৰ দৰে কাৰোবাৰ যদি হৈছে তেওঁলোকেও কৰিব পাৰে এইটো। আৰামকৈ শুই লব, উশাহ নিশাহ লাহেকে লওক (deep gentle), চকু মুদি লওক লাহেকৈ। যেতিয়া উশাহ স্থিৰ(slow,gentle) হব, নিজৰ মনটোক আদেশ দিয়ক relax হবলৈ, তাৰ বাবে লাহে লাহে নিজকে "relax....relaaaaaaxxxxx......re....laaa.....xxxxx" বুলি repeat কৰক, যদি নিজৰ দেহৰ এটা অংগ relax কৰিব বিচাৰিছে , একে খিনি প্ৰক্ৰিয়া , অকল সেই particular partত ধ্যান(focus) কৰিব। মই Sonography কৰা সময়ত পেট, বুকু সদায় এনেদৰে relax কৰিছিলোঁ।

৬) digital worldৰ পৰা মই নিজকে আঁতৰাই আনিছিলো । Facebook, Instagram, YourQuote etc সকলো app uninstall কৰিছিলোঁ কাৰণ এটা Facebook update দিয়াৰ পিছত চাই থাকিবৰ মন যায় কি হল, কি নহল বুলি। গতিকে গৰ্ভত থকা শিশুটিক সম্পূৰ্ণ ভাবে সময় দিবলৈ এয়াই একমাত্ৰ উপায় আছিল। যদিও সম্পূৰ্ণভাবে সকলো এৰি দিয়া সম্ভব নহয় কিন্তু মই ভাবো এই সৰু সৰু কথাবোৰে বহুত সহায় কৰে।

৭) pregnancyত depression খুব common হয়, ময়ো ব্যতিক্ৰম নাছিলোঁ। মই মোৰ মনত চলি থকা কথাবোৰ husbandৰ লগত ভালকৈ বহি লৈ আলোচনা কৰিছিলোঁ আৰু এনে আলোচনাই depressionৰ পৰা ওলাই অহাত মোক বহুত সহায় কৰিছিল। গতিকে depression যেতিয়াই হয়, স্বামী বা পৰিয়ালৰ লগত আলোচনা কৰিব নহলে পিছলৈ বহুত ডাঙৰ সমস্যাও সৃষ্টি কৰিব পাৰে যিটো নেকি আপোনাৰ আৰু সন্তানৰ কাৰণে ভাল নহয়।

৮) exercise সদায় কৰক, মোক বহুত সহায় কৰিলে exercise এ। দেহ মন সুস্থ ৰাখিবলৈ ই খুবেই জৰুৰী। তাৰ বাবে সকলো আসন বা প্ৰানায়ম যে জানিবই লাগিব তেনে কোনো কথা নাই। সদায় ১৫/৩০ মিনিট খোজ কাঢ়ি চাওকচোন ঘৰতে, দেহ মন দুয়োটাই ভাল লাগি থাকিব।

শেষত, yoga মানেই নিজৰ দেহ মনৰ সৌন্দৰ্য্য উপলব্ধি কৰা। আমি কিদৰে চিন্তা কৰো, কিদৰে কাম কৰোঁ এই গোটেইবোৰ সাঙুৰি লৈ yogaই। অকল বেলেগ বেলেগ আসন বা প্ৰানায়াম কৰিলেই /কৰিলেহে যে yoga কৰা বুজায় সেয়া নহয়। গতিকে ভাল চিন্তা কৰক, ভাল খাওক আৰু নিজৰ দেহ মন ভালকৈ ৰাখক।

Happy pregnancy 😘😘

  • Black Facebook Icon
  • Black Instagram Icon
  • Black Pinterest Icon
  • Black Twitter Icon

© 2020 by YogaTales. Proudly created by Bite Crawler

  • Black Facebook Icon
  • Black Instagram Icon