• rajashreedeviyoga

PAP Smear test... মহিলাসকলৰ Cervical cancer ৰ বিৰুদ্ধে এখোজ দিওঁ আঁহক

বিহু, পূজা, বাৰ্থ ডে, ভেলেণ্টাইন ডে, মাদাৰ্চ ডে, ৰাখী,এনিভৰ্ছেৰী, ফ্ৰেণ্ডছিপ ডে আৰু যে কিমান কি ... কি দিলে আপুনি এইবাৰ আপোনাৰ জীৱনৰ মৰমৰ মহিলা গৰাকীক? তেওঁ হব পাৰে আপোনাৰ মাতৃ, ভন্টি, বাইদেউ, পত্নী, নবৌ, খুৰী, মাহী,পেহী বা আপোনাৰ মৰমৰ বান্ধৱী। নাৰীক যদি সন্মান তথা মৰম দিব বিচাৰে তেন্তে আটাইতকৈ গুৰুত্ব দিয়ক তেওঁৰ স্বাস্থ্যৰ প্ৰতি । কালি PAP smear test কৰি আহিয়েই লিখা আৰম্ভ কৰিলোঁ ইয়াৰ বিষয়ে। মই নভবা কথা এটা মোৰ ডাক্তৰৰ পৰা বুজিবলৈ পাই বৰ ভাল লাগিল। সদায় ভাবিছিলো screening কৰাব লাগিব কিন্তু ইটো সিটো বহুটো কথাই পাহৰি যোৱা যায় । "পিছত কৰিম" বা "হব দে, এতিয়া জৰুৰী নহয়" বোৰে কিছুমান কথা তল পেলাই দিয়ে আৰু আমি তেনেকৈ এৰি দিও। Cervical Cancer ...আমি যিমান পাৰি এইবোৰ কথা পাতিব নিবিচাৰোঁ। Cancer বুলি কলেই ভয় লাগে। আৰু তাৰ বাবেই কিজানি awareness কম আমাৰ। ডাক্তৰ গৰাকীয়ে মোক যেতিয়া কলে screening কৰাই লবলৈ মোৰো কিবা লাগিছিল, যদিও জানিছিলো যে নিজৰ ভালৰ কাৰণে কৰিব দিছে। "যদি কিবা হয়? " ছোৱালীজনীৰ মুখখন আহিছিল মনলৈ। পিছ মূৰ্হুততে "ধুত, কি কি যে ভাবি আছোঁ" বুলি ধমক দিলোঁ মনটোক। তাইৰ মাতৃ হিচাপে নিজকে সুস্থ ৰখাইটো একমাত্ৰ কৰ্তব্য মোৰ। তাইৰ কাৰণেই নিজৰ দেহৰ সকলো সৰু সৰু কথা জনাটোয়েই হল তাইৰ প্ৰতি মোৰ মৰম। গতিকে লগালগ test টো কৰাই ললোঁ। আৰু কি লাগে? ইমান সহজ, আগলৈও কৰাই থাকিম। লগতে বাকী কি কি testকৰিব লাগে, গোটেইবোৰ কৰাই থাকিম। তেতিয়াহে নিজকে "supermom" বুলি কম। 😁 গতিকে আপুনি যদি sexualy active তেন্তে আপুনি PAP Smear কৰাই লব।কৰোৱাৰ আগত এবাৰ নিজৰ ডাক্তৰ ৰ লগত আলোচনা কৰি ভালকৈ বুজি লব।। প্ৰথমবাৰ কৰোৱা সকলে প্ৰথম তিনিবছৰ ত, প্ৰতি বছৰে এবাৰকৈ কৰাব লাগে। তাৰ পিছত তিনি বছৰত এবাৰকৈ কৰাব লাগে এই test আপোনাৰ ৬৫ বছৰ হোৱালৈকে। কাৰণ Precautions are always better, especially when it comes to your own life. গোটেই প্ৰক্ৰিয়া টো খুব কম সময়ত(১০/১৫ মিনিট, preparation ইত্যাদি ধৰি লৈ) আৰু কোনো বিষ বা কষ্ট নোপোৱাকৈ হয়, গতিকে ইমান ভয় কৰিব লগীয়া একো নাই। যিহেতু ,vaginaত কৰা হয় গতিকে অকন uncomfortable হোৱাটো স্বাভাৱিক। নিজকে relax কৰিলে কোনো অসুবিধা নোহোৱাকৈ খুব আৰামেৰে হৈ যায়। গতিকে dear ladies, আপুনি কেতিয়া কৰাই আছে PAP Smear? লৰাবোৰে এইবাৰ বিভিন্ন occasionত চকলেট,কাপোৰ দিয়াতকৈ স্বাস্থ্য পৰীক্ষা কৰিবলৈ এনেধৰণৰ package দিয়ক নিজৰ জীৱনৰ মূল্যৱান মহিলা গৰাকীক। 😍😍

  • Black Facebook Icon
  • Black Instagram Icon
  • Black Pinterest Icon
  • Black Twitter Icon

© 2020 by YogaTales. Proudly created by Bite Crawler

  • Black Facebook Icon
  • Black Instagram Icon