• rajashreedeviyoga

Normal delivery...কেনেকৈ নিজকে প্ৰস্তুত কৰিব। 

Updated: Sep 9, 2019

বহুতো মেচেজ আহিছে মোলৈ Normal deliveryৰ কাৰণে কেনেদৰে নিজকে প্ৰস্তুত কৰিছিলোঁ অকণমান জনাবলৈ। ইয়াৰ ওপৰত আজিলৈকে দুটামান পোষ্ট দিছিলোঁ, সেয়া নিশ্চয় সাৰ্থক হৈছে যিহেতু অকণমান হলেও সহায় কৰিব পাৰিছে লিখনী সমূহে। আগৰ পষ্টবোৰ ভালকৈ পঢ়িলে সৰু সৰু কথাবোৰ জানিব পাৰিব, গতিকে এবাৰ চকু ফুৰাব বুলি আশা কৰিলো। পইন্টকেইটা কৈ যাওঁ যাতে বেছি দীঘলীয়া নহয়।

১) প্ৰথমেই লাগিব normal deliveryৰ প্ৰতি ইতিবাচক চিন্তা। আজিকালি c section এটা ট্ৰেণ্ড হৈ পৰিছে। এই কথাষাৰ এইকাৰণে কৈছোঁ কাৰণ কোনো অসুবিধা নথকা গৰ্ভৱতী মহিলাই বিনা কাৰণত দিনবাৰ ঠিক কৰি c section কৰি আজৰি হয়। প্ৰধান কাৰণ চাগে labour pain. এইখিনিতে মোৰ ডাক্তৰে মোক কোৱা কথা এটা লিখিবৰ মন গল... "জানো যে বিষ হয়, আৰু এই বিষক মই সন্মান কৰোঁ, কিন্তু বিষ টোক এটা issue বনাব নালাগে। Delivery এটা সম্পূৰ্ণ প্ৰাকৃতিক প্ৰক্ৰিয়া, কোনো অসুবিধা নাথাকিলে অনাঁহকত c section কৰি দেহত সমস্যা সৃষ্টি কৰিব নালাগে। বিশেষকৈ প্ৰথম সন্তান যিমান পাৰি প্ৰাকৃতিক ভাৱে হোৱাটোত গুৰুত্ব দিওঁ মই, মাক যাতে শক্তিশালী হয় আৰু পিছৰ বাৰো যাতে প্ৰাকৃতিক ভাবে হোৱাৰ সম্ভাৱনা থাকে। তাৰোপৰি মই লিখিব লাগিব কি কাৰণত patient'ক operation কৰালো, যুক্তি পূৰ্ণ কাৰণ নথকাকৈ কি লিখিম? এইবোৰ এনেইটো লিখি দিব নোৱাৰি। মই শান্তিৰে শুব বিচাৰো আৰু এইবোৰ কৰিলে সেইখিনি অশান্তি লৈ মই নোৱাৰিম । " মোৰ মাৰো একেই যুক্তি আছিল যে ইয়াত ভয় কৰাৰ কোনো কাৰণ নাই, প্ৰকৃতিৰ নিয়ম । মই প্ৰথমৰ পৰাই normal delivery কৰাম বুলি আছিলোঁ আৰু সাহস নিজে নিজেই আহিছিল যে মই পাৰিম।

২) প্ৰতিটো সৰু সৰু কথা ডাক্তৰৰ লগত আলোচনা কৰক। যিমানেই সৰু নহওঁক কিয় তেওঁক জনাওক, লগ কৰক। কোনো ক্ষেত্ৰতে "এহ একো নহয়" বুলি নাথাকিব। খৰচী মাৰি জানি লওক আপোনাৰ স্বাস্থ্য কেনে।

৩) anomaly scan হৈ যোৱাৰ পিছত ডাক্তৰৰ অনুমতি সাপেক্ষে exercise কৰক। Second আৰু third trimester ত exercise কৰা খুবেই জৰুৰী। সেইবুলি নিজকে কষ্ট নিদিব বা এলেহুৱাও যাতে হৈ নাযায়। ১৫/৩০ মিনিট কৰিবই লাগিব একে লেথাৰিয়ে বা নকৰিলে নহব বা ইমান দিনে একো নকৰিলোঁ কি হব ইত্যাদি বেছি ভাবিব নালাগে কিন্তু সেইবুলি ধিলাই দিবও নালাগে।

৪) প্ৰচলিত পায় নাপায়বোৰক গুৰুত্ব দিয়াতকৈ ডাক্তৰৰ পৰামৰ্শত আগবাঢ়ক, খোৱা বোৱা ভালকৈ কৰিবলৈ লিষ্ট বনাই লওক যাতে পাহৰি নাযায়। পায় নাপায়বোৰে ভয়ৰ সৃষ্টি কৰে যিটো নেকি মোৰ মতে এটা নেতিবাচক কথা আৰু সেই ভয় গৰ্ভত থকা সন্তানক দিয়াত যুক্তি আছে বুলি মই নাভাবো।

৫) relaxation কৰিব শিকি লওক। উশাহ লোৱা শিকি লওক। (এটা পোষ্টত দিছো মই কেনেকৈ কৰিছিলোঁ, পঢ়ি নুবুজিলে প্লিজ সুধিব)

৬) delivery পিছত latrine যাবলৈ দিগদাৰ নহয়(অকণমান দুৰ্বল, বিষ বা তেজ যোৱাটো স্বাভাৱিক) ডক্তেৰ এটা injection দিয়ে delivery পিছতেই (সেইবোৰ আপুনি গম নাপাব, মোক ডাক্তৰে

বুজাই দিছিল) যাৰ ফলত শৌচ ঢিলা হব আৰু আপুনি জোৰ দিব নালাগে। মোৰ আগৰে পৰা কোনো অসুবিধা নাছিল যিহেতু খোৱা বোৱা আৰু পানী ভালকৈ খাও। গতিকে ঔষধৰ নে নিজৰ নাজানো আজিলৈকে অসুবিধা পোৱা নাই। Delivery হোৱাৰ পিছতেই (গোটেই প্ৰক্ৰিয়া শেষ হোৱাৰ পিছত যেতিয়া মই উঠিব পৰা হৈছিলোঁ)পেট চলিবলৈ দৰৱ দিয়া হৈছিল মোক। এই ক্ষেত্ৰত adult diaper দিছিল মোক আৰু পিছত মই নিজেও কিনি লৈছিলোঁ। Injectionটো দিয়াৰ বাবে control নাছিল গতিকে সেই সময়ত খুব জৰুৰী diaper. "Friends" বুলি এটা company আছে তাৰ diaper pant ভাল, strap থকাটো নলব। Toilet roll paper ৰাখক, বহুত সুবিধা হব।

৭) delivery সময় আহিল বুলি কেনেকৈ গম পাম বুলি খুব চিন্তা হৈছিল মোৰো। Regular check up কৰি থাকিব, ডাক্তৰে date দিব কেতিয়াৰপৰা সাজু হৈ থাকিব লাগে। তাৰ মাজত কিবা হলে তেওঁক যোগাযোগ কৰিব লগে লগে। কেতিয়াবা false painও হয়। Check upত সকলো বুজাই দিব ডাক্তৰে

সময় আহিলে। নিজে app install কৰি লওক contraction tracker বুলি থাকে, সময়ত সহায় কৰিব। Contraction আহিলে নিজেই গম পাব যে অকণমান বেলেগ আজি বুলি, সন্দেহ কৰিলেই ডাক্তৰক যোগাযোগ কৰক।

৮) pregnancy অকল মহিলাগৰাকীৰ দায়িত্ব নহয়। নিজৰ স্বামী আৰু গোটেই পৰিয়ালৰ মানুহ ইয়াত সমানে দায়িত্বশীল হব লাগে। বিশেষকৈ স্বামীয়ে আৰম্ভণিৰপৰাই ইতিবাচক চিন্তা আৰু কথাৰে নিজৰ পত্নীক উৎসাহ দিব লাগে। এই সময়ত হৰমনৰ কাৰণে depression অহা স্বাভাৱিক, পৰিয়ালে সেই কথা সদায় মনত ৰাখি তেওঁক সহায় কৰিব লাগে।

৯) যদি pre/ante natal ক্লাছ আছে পতি পত্নী যাওক, যদি নাই ওচৰৰ সকলো লগ হৈ নিজৰ ঠাইৰ ডাক্তৰক মাতি আলোচনা কৰক । এই ক্ষেত্ৰত কোনো পদক্ষেপ লোৱা নাযায়, ঘৰে ঘৰে সুধি ফুৰাতকে এইয়াই উত্তম উপায়।

১০) ডাক্তৰৰ ওপৰত বিশ্বাস ৰাখক। Normal কৰিমেই , c section নকৰোৱেই বুলিও mind টোক বান্ধি নাৰাখিব। কিছুমান বিশেষ কাৰণত কেতিয়াবা ভবাটো নহবও পাৰে, কিন্তু সেইবুলি উগুল থুগুল হৈও নাথাকিব ।

১১) delivery কোঠাত যদি পাৰে স্বামীকো থাকিব দিয়ক। একেলগে নিজৰ সন্তানক পৃথিৱীলৈ অনাত কি প্ৰশান্তি আৰু আনন্দ আছে , থকাসকলেহে বুজিব।

১২) একেবাৰে শেষলৈ ৰৈ নাথাকিব, সময় থাকোঁতেই আৰু অকণমান সুস্থ হৈ থাকোতেই hospital যাব।

১৩) বিষ হব, নিজকে সাহসী কৰি লওক। সন্তানক লগ পাবৰ কাৰণে ইয়াতকৈ ভাল বেলেগ আৰু কি কৰিব পাৰে? সন্তানেও বিচাৰে কোনো অসুবিধা নোহোৱাকৈ জন্ম হোৱা আৰু সিহঁতেও আপোনাৰ দৰে একে কষ্ট কৰিবলৈ সাজু হয়। অনাহকত C section কৰি সময়ৰ আগতেই জন্ম দি সন্তানক observationত কিয়নো ৰাখিব লাগে? জন্ম হোৱাৰ বাবেই গৰ্ভত স্থিতি লৈছে, আহিবই নিজে নিজে।

১৪) ডাক্তৰৰ লগত আপুনি আৰু পৰিয়ালে corporateকৰিব লাগিব বিভিন্ন ক্ষেত্ৰত। Delivery সময়তো ডাক্তৰে push কৰিব কলে আৰু আপুনি ভয়ত নকৰিলেটো নহব ! আপোনাৰ সাহস আৰু মনোবল যাতে তেওঁতকৈ বেছি হয়। যিকোনো তাৎক্ষণিক সিদ্ধান্ত লোৱা সময়তো corporate কৰিব। তেতিয়াহে ডাক্তৰৰো সুবিধা হয় আৰু ভালকৈ নিজৰ কৰ্তব্য কৰিব পাৰে।

পিছলৈ আৰু লিখিম দেই। আশা কৰোঁ আটাইৰে অলপ হলেও সহায় হব। পিতৃ হবলগীয়া সকলে বা সম্বন্ধীয় সকলেও যাতে চকু ফুৰায়। এনেবোৰ আলোচনা খুব কম হোৱাৰ বাবে আজিও একো নজনাকৈ থকা মহিলা বহুত আছে, মাজে মাজে ভাবো আৰু যে কিমান কথা আছে শিকিবলৈ।

  • Black Facebook Icon
  • Black Instagram Icon
  • Black Pinterest Icon
  • Black Twitter Icon

© 2020 by YogaTales. Proudly created by Bite Crawler

  • Black Facebook Icon
  • Black Instagram Icon