• rajashreedeviyoga

Four Seasons and Delight(পুৰণা জোলোঙাৰ পৰা)

আমি কলেজত পঢ়ি থাকোতে দুখন restaurantsৰ লগত আমাৰ বৰ মৰমৰ সম্পৰ্ক আছিল। দুপৰীয়া ভাত দিয়া নাছিল হোষ্টেলত, লুচি, চাও ইত্যাদি দিছিল। গতিকে আবেলি আমি জাকে জাকে প্ৰায়ে যিকোনো এখনলৈ দৌৰ দিও। Lake view hostelত আছিলোঁ, digholipukhuri ত। Four seasonsত মম আৰু delightত Fried Rice ভাল পাইছিলো। Delight খন হোষ্টেলৰ গাতে লাগি আছিল, অসম টাইপৰ ঘৰ, বৰ মৰমলগা পৰিৱেশ, সন্ধিয়া প্ৰেমিক প্ৰেমিকাৰ মিলনথলী। পিছে এদিন গোটেইখিনি জুই লাগি বহুতদিন বন্ধ হৈ আছিল। ধুনীয়াকৈ বনাই বঢ়িয়া কৰিলে পিছত। তেতিয়াও ভাল লাগে বহি , বেলকনীৰ চিট কেইটা বিশেষকৈ। Four seasons হালধীয়া ৰঙৰ সংমিশ্ৰিত আছিল, লৰাবোৰেও খুব সম্ভৱ হালধীয়া পিন্ধিছিল, আমি হালধীয়া ছাগলী বুলি মাতিছিলো। কিবা হলেই আমি পাৰ্টি খাবলৈ তালৈ গৈছিলো। কলেজৰ পৰাও practical কৰি দেৰিকে আহিলে তাতেই পেট ভৰাই ৰু ম সুমাইছিলো। পিছত ভিতৰৰ ফালে ঠাই উলিয়াই দিছিল, আৰু ভাল লাগিছিল তেতিয়া। এতিয়া বহু বছৰ হল নাই যোৱা। বাছৰ পৰাই husbandক প্ৰত্যেক বাৰ দেখাও, ২১ number বাছ ত উঠি। সেইটো মোৰ ৰুম, সেই খন delight, সেইখনত আমি খুব খাইছিলো। সিও expert হৈ গৈছে আজিকালি, সি দেখাই মোক,”সেইটো তোমাৰ ৰুম, সেইখন Delight.” Four Seasons খনহে দেখুৱাবলৈ সময় মিলাবই পৰা নাই।

  • Black Facebook Icon
  • Black Instagram Icon
  • Black Pinterest Icon
  • Black Twitter Icon

© 2020 by YogaTales. Proudly created by Bite Crawler

  • Black Facebook Icon
  • Black Instagram Icon