• rajashreedeviyoga

Depression


ডিপ্ৰেছনত ভোগা লাজৰ কথা নহয়, লুকাই ৰাখি আৰু বেয়া নকৰিব। খোলাকৈ কওঁক ,"অ , মই হতাশাত ভূগি আছোঁ।" সমাজে পিন্ধাই দিয়া চোলাবোৰ পিন্ধি পিন্ধি আৰু গধুৰ নকৰিব নিজৰ জীৱন। ৰাতি শুব পৰা নাই, সপোনবোৰে খেদি ফুৰিছে, ভৱিষ্যত দেখা পোৱা নাই, সকলো থাকিও ইমান অকলশৰীয়া। ইমান চেষ্টা কৰিও পাৰা নাই...আৰু নোৱাৰো যেন...কিন্তু উপায়োটো নাই...এনেকৈয়ে থাকিম নেকি!

এইবোৰ হল সমাজে দিয়া চোলা। কাৰণ আপুনি , মই সমাজৰ "ভাল লৰা, ভাল ছোৱালী।" চাকৰি ভাল , নিজেও চাগে ডাক্তৰ...আটায়ে ভাল বুলি কয়। কিন্তু ভিতৰত মৰি আছে সদায়...

কিয় পিন্ধি আছে ইমানবোৰ তেন্তে?

নিজকে তুলি ধৰিবলৈ এটাই চোলা লাগে আমাক। নিজৰ আত্মাৰ চোলা। তাত নাই কোনো বাধ্য বাধ্যকতা, নাই তাত "সমাজৰ চকুত ভাল" হবলৈ যুজঁ বাগৰ।

নিজৰ আত্মাক সন্মান কৰক, নিজক সন্মান কৰক। ওলাই আঁহক খোলাটোৰ পৰা আৰু কওঁক , "অ' আছে মোৰ depression আৰু সেইয়াই মোৰ পৰিচয় নহয়।" এইখিনি কৰা মানে আপুনি 50% নিজকে চিনি পালে। যাত্ৰা শুভ হওঁক।


33 views0 comments

Recent Posts

See All
  • Black Facebook Icon
  • Black Instagram Icon
  • Black Pinterest Icon
  • Black Twitter Icon

© 2020 by YogaTales. Proudly created by Bite Crawler

  • Black Facebook Icon
  • Black Instagram Icon