- rajashreedeviyoga
Deliziaৰ কথাৰে... Autistic শিশুৰ পৃথিৱীত এদিন
Updated: Aug 14, 2019
সৰু ল'ৰা ছোৱালী ভাল পাওঁ যদিও মই সচৰাচৰ kid's yoga camp বুলি ক'লে নকৰো কাৰণ সিহঁতক শিকোৱাটো মোৰ বাবে আটাইতকে কষ্টকৰ কাম… ইফালে দৌৰিব, সিফালে দৌৰিব, কোনে চম্ভালিব? কিন্তু এটা বিশেষ কেম্প আছিল যোৱা এপ্ৰিল মাহত… নিজে আগুৱাই গলো কৰিম বুলি। "Reach out camp for special children" Autistic শিশু প্ৰায়ভাগেই… জীৱনত প্ৰথমবাৰ সন্মুখীন হ'লো আৰু ইমানেই ভাল লাগিল যে ভাষাৰেবুজাব নোৱাৰি। আমাক প্ৰত্যেককে একো একোটা শিশুৰ দায়িত্ৱ দিয়া হৈছিল। মোৰ লগৰী হিচাপে পালো মৰমৰ Deliziaক। প্ৰথমে মই একো ধৰিবই পাৰা নাছিলো তাই কিনো কৈছে। নামটোকে ভালকে বুজি পোৱা নাছিলো কাৰণ তাইৰ মাত স্পষ্ট নহয়। বাৰে বাৰে সুধোনো কেনেকৈ গতিকে তেনেকেই আছিলো। তাই মোক প্ৰথমৰপৰাই ইমান ভাল পালে যে দিনটো সাৱটি থাকে মোক। ভাত খাবলৈ যাওতে আমি সহায় কৰি দিবলগীয়া হৈছিল, লগৰ এজনীয়ে সুধিলেহি," কি নাম তোমাৰ জীয়ৰীৰ? " মই এতিয়া কি কৰো নামটো যে নাজানো! মই।লাহেকে ঈংগিত কৰিলো "পিছত ক'ম।" পিছে Delizia ইমানেই smart যে তাই গম পালে মই যে নাজানো আৰু মই শুনাকে নামটো ক'লে। ইমান যে লাজ পালো লগতে বেয়াও লাগিল। তাইক ভাত খুৱাই দিবলগীয়া হৈছিল… তাকো কাহিনী কৈ কৈ… ভাত আহিছিল ট্ৰেইনত উঠি আৰু কুুুু… ঝুকঝুক বুলি মুখলৈ সোমাইছিল। তাইৰখিনি খাই উঠি মোকো ট্ৰেইনেৰে ভাত খোৱাবলৈ ৰৈ থাকে, অকণমান যদি ভাত এৰো তাই চেলাউৰি নচোৱাই ঈংগিত দিব কিয় এৰিছো বুলি। হয়তো, তাইক কৈছিলো ভাত এৰিব নালাগে আৰু নিজেই তাইৰ আগত… গিলি থলো। দুদিনীয়া কেম্পতএনেদৰে ইমান সৰু সৰু মৰমলগা কথা শিকালে তাই মোক… বাকী ল'ৰা ছোৱালীবোৰোও জীৱনৰ ইমান কথা উপলব্ধি কৰোৱালে। আটাইবোৰৰ কিবা নহয় কিবা নৰ্মেল নহয়, কোনোবাটোৰ ইমান খং, কোনোবাটোৰ আকৌ অকল ভাগৰ,কোনোবা আকৌ hyperactive, এটাই আকৌ নিজে গম নোপোৱাকৈ খাইয়েই থাকে… কিন্তু প্ৰত্যেকৰ পৰা শিকিবলগীয়া ইমান যে আছে… এই দুদিনীয়া কেম্প মোৰ জীৱনৰ বহুত আপুৰুগীয়া সম্পদ… ইমান যে চুমা পালো কণমানি কেইটাৰপৰা … আৰুনো কি লাগে। এতিয়াও সোধে লগৰকেইজনীয়ে তোৰ babyৰ কি খবৰ… Delizia যাৰ অৰ্থই হ'ল পৰম সুখ। Love to the lovely angel