• rajashreedeviyoga

Breastfeeding তথা অন্য বহুতো... গৰ্ভৱতী মহিলাৰ বাবে

নিজকে ভাগ্যৱতী বুলি ভাবো। বহুত আৰামত আছোঁ। গৰ্ভৱতী হৈ থাকোঁতে আৰু এতিয়াও মনে বিচৰাকে সুবিধা পাইছোঁ, মোৰ আৰু গুলগুলৰ ডাক্তৰক লৈ মই সুখী। গৰ্ভৱতী হৈ থাকোতে আমাৰ হস্পিটেলখনত দিয়া ফ্ৰী ক্লাছলৈ গৈছিলো আমি দুয়োটা। বহুত নজনা কথা জানিব পাৰিছিলো, নতুন মাকসকলৰ কেনে অৱস্থা জানেই চাগে। কিমান যে প্ৰশ্ন থাকে মনত। ডাক্তৰক মেচেজ দি দি সুধি থাকোঁ সৰু সৰু কথাত। আহিব কলেই দৌৰি যাও , তেতিয়াহে শান্তি লাগে। সেই সময়ত কথা এটা ভাবিছিলো, আমাৰ ফালে সেইবোৰ সুবিধা আছেনে, মহিলাসকলে পাইছেনে, যদি পাইছে ভাল, যদি নাই পোৱা কিমান যে অসুবিধাত আছে। কেতিয়া গুৰুত্ব দিব মহিলাসকলৰ স্বাস্থ্যক? হয়, চৰকাৰী হস্পিটেলত কিবা কিবি নথকা নহয়, কিন্তু যিমান গুৰুত্ব দিব লাগে, দিছেনে বাৰু? বেচৰকাৰীবোৰৰ কেনে অৱস্থা? তেতিয়া পস্তাইছিলো, আগতীয়াকৈ কিছুমান কথা কিয় জানিবলৈ চেষ্টা নকৰিলোঁ? অকল গৰ্ভৱতী হলেই জানো হব? কি কৰিব লগে,কি নালাগে, কেতিয়া কি হয় সেইবোৰ কিয় জানি নললো? হলেহে হুচ আহি শিকিব জানিব বিচাৰো কিন্তু মুৰ ঘুৰোৱা, বমি হোৱা সময়ত জানো জানিব,পঢ়িব পাৰি? ঠিক তেনেদৰে পোৱালি আহিলে কি কি এইবোৰ উপৰে উপৰেই শুনি থলো, অহাৰ পিছত ধোঁৱা ওলাল। লাহে লাহে শিকি গৈ আছোঁ। এই সময়ত সেই ক্লাছ বোৰে কিন্তু অকণ হলেও সহায় কৰিলে। ডাক্তৰক সৰু সৰু কথা সুধাটোৱেও সহায় কৰিলে। ওচৰ চুবুৰীয়া মিলি ডাক্তৰক মাতি ইয়াৰ ওপৰত আলোচনা কৰিব নোৱাৰিনে? ইমান যে জনিবলগীয়া কথা আছে। আমি আগবাঢ়ি আহিব লাগিব। মই যিখিনি কথা শিকিলোঁ অকণমান লিখিব বিচাৰো যাতে অকন হলেও সহায় হয়, কথাখিনি ডাক্তৰৰ, মোৰ নিজৰ অভিজ্ঞতাৰ পৰাও দুই এটা লিখিম, উল্লেখ কৰা থাকিব। ১) শিশুক ভগৱানে জন্ম হৈ যাতে নতুন পৰিৱেশত জীয়াই থাকিব পাৰে তাৰ বাবে বহুত শক্তি দিয়েই পঠিয়ায়। মাকৰ গাখীৰ নাপালেও ৭দিনলৈকে সিহঁতৰ জীয়াই থকাৰ শক্তি থাকে। ২) সাধাৰণতে গৰ্ভৱতী অৱস্থাত সব খাব পাৰি অমিতা আৰু আনাৰসৰ বাদে । হোৱাৰ পিছত সব খাব পাৰি। ৩)যিমান ব্যায়াম কৰিব(anomaly scanৰ পিছত হে কৰিব দিয়ে ইয়াত, যেতিয়া ডাক্তৰে "all clear" বুলি আগবাঢ়িব কয়। ) সিমান গাটো ভাল লাগিব। বিষবোৰ কম হব,( মই নিজে পাইছোঁ। ) ৪) মাকৰ গাখীৰ খাবলৈ জনা বা নজনা শিশু হব পাৰে, মাকেও নজনা হব পাৰে। গতিকে মাকে খুব মৰমেৰ আৰু ইতিবাচক চিন্তাৰে শিশুক সহায় কৰিব লাগে। কেনেকৈ কৰিব লাগে নাজানিলে জনা মানুহ বা ডাক্তৰৰ সহায় লব লাগে। ৫) শিশুটিক খোৱাওতে ধৰাৰ নিয়মো আছে । মই নিজে কিন্তু তেওঁলোকে শিকোৱাটো নোৱাৰিছিলো আৰু এতিয়াও নোৱাৰোঁ, বহুত হাত বিষ হয়। গতিকে যেনেকে সুবিধা হয় তেনেকৈ ললো, উপায় নাই। ৬) খুৱাওতে কাটি কৰি লৈ খোৱাব লাগে, বুকুখন আৰু গাটো ওপৰফালে লৈ অকল ডিঙিটো বেকা তেনেকৈ যাতে নহয়। ৭) খুৱাওঁতে মাক relaxed হব লাগে, খুৱাবলৈ নোৱাৰিলেও বা শিশুৱে নাজানিলে চেষ্টা অব্যাহত থাকিব লাগে, তেনেকৈ গাখীৰৰ উৎপাদনো ভাল হব আৰু লাহে লাহে শিকি লব দুয়ো। এৰি দিব নালাগে নোৱাৰে বা নোৱাৰোঁ বুলি। ৮) যিমান পাৰি "skin to skin" কৰিব খুওৱা সময়ত বা আনসময়তো । দেউতাকেও কৰিব লওতে। মাক দেউতাকৰ লগত মৰম(bond) বাঢ়ে আৰু গাখীৰো বেছি উলোৱাত সহায় কৰে এই মৰমে। ভালকৈ খোৱা হব , ভাল টোপনি হব। ৯)gripe water, Kajol, powder দিব নালাগে। ১০) মালিছ কৰিব নালাগে কিন্তু তেল লগাব লাগে। ইয়াত মালিছ কৰাটোৱে জোৰে জোৰে কৰাটো বুজোৱা হৈছে। ১১) শুই থকা সময়ত জগাই (২ঘণ্টাৰ) মূৰে মূৰে খুৱাব লাগে। ( ৰাতি মই নিজে ২/৩ ঘণ্টা বা যদি তাই বিচাৰে তেতিয়াই খোৱা ও। সৰুৰে পৰাই কৰিলোঁ কাৰণে তাইৰো অভ্যাস হৈছে এতিয়া। ) বয়স বঢ়াৰ লগতে এইবোৰ সলনি হৈ গৈ থাকিব। এই খিনি মোৰ অভিজ্ঞতা___ ১) feeding/nursing pillow লৈ লব।. Online পাই যাব। বহুত সকাহ দিয়ে। ২) onesies/rompers পিন্ধোৱা সহজ ৩) adult diaper তেজ গলে বা চিলাই থাকিলে (normal't) খুবেই ভাল।আৰাম পায়। ৪) কিছুমান app খুবেই ভাল যেনে baby centre । যিসকল গৰ্ভৱতী তেওঁলোকে app বোৰ use কৰিলে কাম কমে, contraction tracker'ও আছে, সময়ত বহুত কাম দিয়ে। ৫) প্ৰতিটো সৰু কথা ডাক্তৰক কব ৬) feeding কৰোঁতে বাকী একো নকৰিব। Chair aru stool লব যাতে spine যিমান পাৰি চিধা হয়। পিঠিৰ বিষ হৈয়েই , যত্ন লব। ৭) reusable breast pad disposable padতকৈ ভাল পাইছোঁ মই। Disposableবোৰে স্তন বেছি গৰম কৰি দিয়ে। Reusable বোৰ কাপোৰৰ হৈ বাবে অকন ঠাণ্ডা আৰু ভালকৈ ধুই(মেচিন ত বেছি কোমল হয়) পুনৰ পিন্ধিবলৈ সুবিধা। বি: দ্র: শিকি লোৱা কথাহে ডাক্তৰ ৰ পৰা, মই নিজে কোনো ডাক্তৰ বা বিশেষজ্ঞ নহওঁ এই ক্ষেত্ৰত।

  • Black Facebook Icon
  • Black Instagram Icon
  • Black Pinterest Icon
  • Black Twitter Icon

© 2020 by YogaTales. Proudly created by Bite Crawler

  • Black Facebook Icon
  • Black Instagram Icon