• rajashreedeviyoga

Abdominal breathing or Diaphragmatic breathing সহজ আৰু উপকাৰী প্ৰাণায়ম আপোনাৰ বাবে

Updated: Aug 14, 2019

টোপনী নাহা, চিন্তা বেছি হোৱা, পেটৰ প্ৰব্লেম আৰু যে কিমান… হয় দিয়কছোন, দিনটো টাকুৰি ঘুৰাদি ঘুৰি যেতিয়া ৰাতি টোপনীৰ লগত তয়াময়া ৰণ লাগিবলগীয়া হয় কাৰনো ভাল লাগিব! গতিকে এই ৰাতিখন কোনোবাই যদি টোপনী নাহা কাৰণে আকাশ পাতাল ভাবি আছে… তেওঁলোকলৈ বুলি আগবঢ়ালো… প্ৰথম কথা ভাল বস্তু খাওক, ভাল চিন্তা কৰক, নিজকে নতুনকৈ ভাল পোৱা আৰম্ভ কৰক,হবী এটা start কৰক, ৰুটিন এখন বনাই লওক গোটেই দিনটোৰ,exercise কৰক, গান গাওক মুঠতে আনন্দেৰে থাকক। সহজ প্ৰাণায়ম এটা দিও…আটায়ে কৰিব পাৰে। মই নিজেও কৰো আৰু বহুত ভাল যে নিজে গম পাইছো। আৰামেৰে শোৱক ওপৰলৈ মুখ কৰি, ডিঙি চিধা, সেইবুলি চেপি নধৰিব,এৰি দিয়ক আৰামত। হাত এখন পেটত ৰাখক, সৰু আঙুলীটো নাভীত, লাহেকে, কোনো জোৰ নিদিয়াকৈ। আনখন হাত sideত আৰামৰে, তলুৱাখন ওপৰৰ ফালে। ভৰি দুখন আঠুত ভাজ দি heels নিতম্বৰ যিমান পাৰে ওচৰত আনক। আঠু দুটা একেলগে ৰাখি ভৰিদুখনৰ মাজত gap ৰাখিব। একদম আৰামেৰে লাহেকে গাটো এৰি দিয়ক। কোনো tension নাই গোটেই দেহ আৰু মনত। এতিয়া মন কৰকছোন কেনেকে উশাহ লৈছে। উশাহ লওতে পেটটো কেনেকে ওপৰলৈ উঠিছে, উশাহ এৰোতে কেনেকে পেটটো তললৈ নামিছে। লাহে লাহে আৰামেৰে মন কৰি থাকক। একদম লাহে লাহে দীঘলকে অকণো জোৰ নিদিয়াকে উশাহ নিশাহ লওক আৰু পেটত ধ্যান দি থাকক। যদি পাৰে উশাহ লওতে ১২৩ আৰু এৰোতেও ১২৩ বুলি হিচাপ কৰিব পাৰে যাতে সমান হয় উশাহ লোৱা আৰু এৰাটো। নোৱাৰিলে একো নাই, নকৰিব। জৰুৰী কথাটো হ'ল পেটৰ উঠা নমা মন কৰি থকাটো। শুৱাৰ আগতেও কৰিব পাৰে, কাম কৰি কৰি ভাগৰ লাগিলে, মাহেকীয়াত পেট বিষালেও কৰিব পাৰে। ১০ বাৰমান কৰি চাওক, মন লগাই। উশাহ একদম লাহে লাহে দীঘলকৈ আৰামেৰে ল'ব যাতে আপুনিহে গম পাই উশাহ লোৱাটো। এই প্ৰাণায়মক কোৱা হয় Abdominal breathing or Diaphragmatic breathing. Diaphragmৰ বিষয়ে আগলৈ লিখিম । প্ৰাণায়ম টি কৰি চাওঁক আৰু

নিজকে নতুনকে আৱিষ্কাৰ কৰক। বহুত ভাল প্ৰাণায়ম যদিহে বিশ্ৱাসেৰে মনৰ পৰা কৰে।

108 views
  • Black Facebook Icon
  • Black Instagram Icon
  • Black Pinterest Icon
  • Black Twitter Icon

© 2020 by YogaTales. Proudly created by Bite Crawler

  • Black Facebook Icon
  • Black Instagram Icon