- rajashreedeviyoga
মা...
"মাক হলে ধৈৰ্য্য লাগিব, বুজিছা। একো নাই, ভাল হব। সৰু লৰা ছোৱালীৰ বেমাৰ সময় লৈয়েই অকণ। " ব্ৰাদাৰজনে মোলৈ চাই কলে। মই মূৰ দুপিয়ালোঁ। এই প্ৰথমবাৰ পুৰুষ নাৰ্ছ লগ পাইছোঁ, ব্ৰাদাৰ। আচৰিত লাগে ইমান ধুনীয়াকৈ বুজাই গৈছে কেনেকৈ ধৰিব লাগে, কেনেকৈ wipes ৰে মুচিব লাগে। ভালেই তেন্তে, তাই ভাল পাব। মনে মনে ভাবিলোঁ। মিচিকিয়া হাঁহি এটা মাৰি ওলাই গল তেওঁ।
পুতু টোপনিত লালকাল। কষ্ট পাইছে চাগে সি। উপায়ো নাই।
জেনেৰেল ৱাৰ্ডটো ৰোগীৰে ভৰি আছে। ইয়াত থকা মোৰ দুদিন হল আজিৰ লগত। ইতিমধ্যে ওচৰৰ বেড বোৰৰ ৰোগী বা এটেণ্ডেণ্টসকল অলপ চিনাকী হৈ পৰিছে মোৰ। "কি হৈছে লৰাৰ?" দুই এজনে সোধে। চমুকৈ কৈ থওঁ। "চিন্তা নকৰিবা। বুজি পাওঁ নিজৰ লৰা ছোৱালীৰ বেমাৰ হলে বৰ বেয়া লাগে। মাকবোৰ শক্তিশালী হবই লাগিব। তুমি মাক, পাৰিবা। সোনকালে ভাল হব তোমাৰ লৰা। "
আশীৰ্বাদবোৰ বুকুত সামৰি লৈ আনো, পুতুৰ কপালত হাত বুলাই দিওঁ, "আমি ঘৰ যাম দেই সোনকালেই, আটায়ে ইমান আশীৰ্বাদ দিছে। ভাল হৈ যাব।" সি দুই হাত দুই ভৰি জোকাৰি হাঁহি দিয়ে। কেঁচুৱাবোৰ যে ইমান সাহসী! চাই থাকোঁ তাক ৰ' লাগি কেতিয়াবা। ভগৱানৰ লীলা! কেঁচুৱা!
তাক যেন হিয়া উজাৰি মৰম দিম। কিমান যে মৰম আকলুৱা ! চুমা খাওঁ কঁপালত। দুখ পাব নেকি আকৌ! ধেৎ কি যে ভাবোঁ।সি হাঁহি দিয়ে। ইমান পবিত্ৰ ! মন ভৰি যায়। এইকেইদিন সকলো পাহৰি গৈছোঁ। জীৱন যেন ঠন ধৰি উঠিছে নতুন দিশত। হেৰাই যোৱা মইজনী যেন জীয়াই উঠিছে।
সি কান্দিলেহে বৰ দিগদাৰ হৈছিল। কেনেকৈ কি কৰিম ধৰিবই নোৱাৰোঁ। এতিয়া বাৰু পৰা হৈ গৈছোঁ নাৰ্ছ নথকাকৈয়ো।
জেনেৰেল ৱাৰ্ডত শুই শুই সপোন ৰচো কেতিয়াবা। যিটো সপোনে মোক শুব নিদিয়ে...
"ললিতা... How is my baby?" হুকহুকাই কান্দি উঠিল তাই। সম্পূৰ্ণ তিনিদিনৰ পিছত লগ পাইছে তাই নিজৰ লৰাক।
Accident টোত বেয়াকৈ আঘাতপ্ৰাপ্ত হৈ জ্ঞান লুপ্ত হৈছিল নিমিষাৰ। কোনো নাই তাইৰ, মই দৌৰি গৈছিলোঁ। পুতুৰ চিন্তনীয় নাছিল সৌভাগ্যবশত, দুদিনমানতে ঘৰ যাব পাৰিব কৈছিল ডাক্তৰে। ICU ত থকা নিমিষাৰ লগত পুতুক ৰাখিব নোৱাৰা বাবে মোৰ সামৰ্থ্য অনুযায়ী যিমান পাৰিলোঁ কৰিছোঁ মই। সাৱটি ধৰিলোঁ তাইক, "He is playing with his favourite nurse aunty. He is good. Relax..."
Discharge হোৱাৰ দিনা, পুতুৰ কঁপালত চুমা এটা খাই আহিছিলোঁ। সেইদিনা ভয় লগা নাছিল। ধন্যবাদ দিছিলোঁ তাক কেইটামান দিনৰ কাৰণে হলেও সি মোক মাতৃত্ব দিলে।
যিটো সপোনে মোক শুব নিদিয়ে...