• rajashreedeviyoga

আৰু

ৰ' লাগি চাই থাকিলোঁ মই...

ইমান ধুনীয়া মই আজিলৈকে যেন দেখা নাছিলোঁ...

চকুলৈ চালো তেওঁৰ...

হাঁহি আৰু কান্দোন...দুয়ো একেলগে যেন লুকা ভাকুহে খেলিছে। গালখন এতিয়াও সেই আগৰ দৰেই সেন্দুৰীয়া...উঠযুৰি আজি বহুতদিনৰ মূৰত যেন প্ৰাণ পাই উঠিছে।

জানো...জানো যে আজি তেওঁ কান্দিব আকৌ। কিন্তু তাত সুখ থাকিব...প্ৰাণ থাকিব, আৱেগবোৰো থাকিব...কিন্তু এক নতুন ৰূপত।


মোৰ হাঁহি এটি ওলাই গল। সেমেকি গল চকুৰ কোণ এটি...এৰা, আজি মই সুখী।

এইয়া মোৰ চকুৰ আগত তেওঁ আইনগতভাৱে বিবাহত আৱদ্ধ হব ওলাইছে...মোৰ প্ৰিয় নাৰী... আজি যেন একেবাৰে সৰু ছোৱালী এজনীহে...পখিলাৰ পিছে পিছে দৌৰি ফুৰা। কাষত ৰৈছে তেওঁৰ প্ৰিয়জন... মাজে মাজে চকুৱে চকুৱে চাইছে...হাঁহিছে মিচিকিয়াই আৰু মাজে মাজে মোৰ প্ৰিয় নাৰীগৰাকী কঁপি উঠিলে, সাহস দিছে...হাতখন লাহেকে বুলাই দিছে পিঠিত...যেন এক আশ্বাস... "মই আছোঁ।"

মোৰ প্ৰিয় নাৰী তুমি...

তোমাক বৰ মিছ কৰিম।


"আৰু?"

উকিলজনৰ মাতত মই যেন সাৰ পাই উঠিলোঁ। কইনাৰ ফালৰ পৰা যোৱা ময়েই অকল। চহীটো মাৰিবৰ বাবে লাহেকৈ উঠিলোঁ...উকিলজনে আগবঢ়াই দিলে কাগজখন... মিচিকিয়া হাঁহি এটা আপোনা আপুনি ওলাই আহিল...চাই পঠিয়ালোঁ তেওঁলৈ...মোৰ প্ৰিয় নাৰী তুমি। সুখী হোৱা সদায়।

" Congratulations মা। You are no more a single mother now. "

4 views0 comments

Recent Posts

See All
  • Black Facebook Icon
  • Black Instagram Icon
  • Black Pinterest Icon
  • Black Twitter Icon

© 2020 by YogaTales. Proudly created by Bite Crawler

  • Black Facebook Icon
  • Black Instagram Icon