• rajashreedeviyoga

আপং

১) আমাৰ সম্প্ৰদায়ত মাংস, আপং ইত্যাদি নাখায়। মোৰ পিছে এইবোৰত বৰ চখ আছিল।নতুন নতুন বস্তু tryকৰাত এক নম্বৰ। মোৰ best friendজনী মিচিং, তাইৰ ককায়েকৰ বিয়াত Dhemaji গৈ ৰঙা আৰু বগা আপং খোৱাৰ ঈৰ্ষনীয় (লগৰবোৰৰ জিভাৰ পানী পৰি পৰি শেষ) experience হৈছিলে। বিয়াৰ এসপ্তাহ আগৰ পৰা অকল গাহৰি খাই আছো। মোৰ কাৰণে "heaven is here" type'r experience। বিয়াৰ আগদিনা, সন্ধিয়া ডাঙৰ ডাঙৰ কেৰাহী ভৰাই গাহৰি ভাজি আপং দিলে আটাইকে। একদম চকুৰ আগতে বনোৱা ধকধকী বগা। আটাইৰে চকু মোলৈ। "খা খা , বঢ়িয়া। " ময়ো দিলো চকু কাণ মুদি। অকণ পিছত বাহিৰলৈ ওলালো। পিছে থিয় হৈ থাকিব নোৱাৰি ৰভাঘৰৰ খুটা এটাত কোনোমতে সাৱটি ধৰি থিয় হৈ আছো। চাৰিওফালে কি হৈ আছে একো ধৰিব পৰা নাই। চকুৰ পতা দুটা বাৰেপতি তললৈ নামি আহে, মই কোনোমতে উঠাও, আকৌ নামি আহে। তেনেকেই উঠা নমা কৰি থাকোতে লগৰজনীয়ে "আহ" বুলি লৈ আহিল বিচনালৈ। কেতিয়া কিমান শুলো নাজানো। সাৰ পাই লাজ লাজ কে ওলালো। " আহি যা আৰু খাবি, নহ'লে হেং মাৰিব।" কোনোবাই ক'লে। লগৰজনীৰ হাঁহিত ত'ত নাই, মাকে মোক আৰু খাব নিদিলে বিয়াৰ বাকীকেইদিন। পিছে সোৱাদটো মুখত লাগি আছে এতিয়াও।

২) চাকৰি কৰি থাকোতে লগ পোৱা লগৰ এজনী বড়ো সম্প্ৰদায়ৰ। মোক চিনি পালে আৰু এদিন এবটল ৰঙাপানী বেগত ভৰাই লৈ আনিলে। পুটুককে ময়ো ভৰাই থলো। ৰুমত যেতিয়াই খাব মন যায় একাপ গিলি কথা নোকোৱাকে শুই থাকো। লগত থকা ভণ্টিক কওঁ, মোক নামাতিবি। বৰ সযতনে খাও শেষ হৈ যাব বুলি। তেনেকেই এদিন বিয়া ঠিক হ'ল, আধা আছেগৈ। ঘৰত মোৰ আলমাৰীটোত ভালকৈ থৈ আহিলো। মায়ে সুধিলে এইটো কি, নিনিৱ নেকি।মই বোলো পুজাৰ পানী, পৱিত্ৰ একদম। বিয়াৰ পিছত জোৱায়েকক ক'লো, এতিয়াও শেষ হোৱা নাই। তুমি কোৱাৰ দৰে থৈ দিছো। দুয়োটা দৌৰ ঘৰলৈ। সি বপুৰাই এনেবিধ খাই পোৱা নাই, গোটেই গিলি পেলাব বুলি তাৰ হাতৰ পৰা টানি ময়ো পৱিত্ৰ পানীখিনি গিলি পেলালো। Cheers ✌️😜

  • Black Facebook Icon
  • Black Instagram Icon
  • Black Pinterest Icon
  • Black Twitter Icon

© 2020 by YogaTales. Proudly created by Bite Crawler

  • Black Facebook Icon
  • Black Instagram Icon