• rajashreedeviyoga

5 টা একেবাৰে সহজ উপায়,এলাহ কৰি থকা সকলে যোগ আৰম্ভ কৰিবলৈ ।

যিসকলে "কাইলৈৰ পৰা যোগ কৰিম ময়ো" বুলি ভাবে কিন্তু "কাইলৈ"টো নাহেহে নাহে তেওঁলোকলৈ আগবঢ়াইছোঁ একেবাৰে সহজ 5টা উপায় যোগ আৰম্ভ কৰিবলৈ।


1) কাগজ কলম লৈ বহক আৰু প্লেন কৰক। ।মনৰ মাজতে ভাবি গুনি "এহ হৈ যাব " বুলি নাথাকিব।


2) কি কি আসন কৰিব গোটেইখিনি কাগজত লিখি লওঁক আৰু সেইমতে আৰম্ভ কৰি দিয়ক। যিমানে দিন গৈ থাকিব, সালসলনি(নতুন) কৰি থাকিব।


3) আপোনাৰ ভাল লগা প্ৰেৰণাদায়ক উক্তি কেইটামান কাগজত লিখি আপুনি যিটো কোঠাত/ঠাইত যোগৰ আসন বা প্ৰাণায়ম কৰিব তাত দেখা পোৱাকৈ ওলোমাই থৈ দিয়ক।


4)নিজৰ ছোচিয়েল মিডিয়াৰ একাউণ্টত প্ৰথমে পোষ্ট কৰক যে আপুনি আজিৰপৰা বা কাইলৈৰ পৰা ব্যায়াম আৰম্ভ কৰিব বুলি। লগতে আপডেটবোৰ দি থাকক। শুনাত খুবেই সাধাৰণ কথা যদিও ইয়াৰ উপকাৰিতা খুবেই উল্লেখযোগ্য।


5) মেট নাই, যোগৰ পেন্ট নাই ইত্যাদি ভাবি ৰৈ নাথাকিব। যি পিন্ধে সদায়(আৰামদায়ক হলেই হল), সেইয়া পিন্ধিয়েই আৰম্ভ কৰি দিয়ক। শাৰী পিন্ধি যোগ কৰিব নোৱাৰি বুলি কোনো কথা নাই।


আসনবোৰ কৰিবলৈ প্লেন কৰোঁতে প্ৰথমে সহজবোৰ বাচনি কৰি লৈ পিছলৈ(যেতিয়া সদায় কৰি কৰি দেহটোও ৰেডী হৈ যাব) টানবোৰ আৰম্ভ কৰিব। প্ৰত্যেকদিনাই যোগাভ্যাস আৰম্ভ কৰাৰ আগতে নিজৰ লগত কিছুসময় কটাই নিজকে প্ৰস্তুত কৰিব, শান্ত এক পৰিবেশত বহি লাহে লাহে দীঘলকৈ উশাহ লৈ অনুভৱ কৰিব প্ৰত্যেকটো উশাহ আৰু প্ৰত্যেকটো নিশাহ। এইখিনি সময়ত আপুনি মন্ত্ৰও পঢ়িব পাৰে, শব্দ কৰি বা মনৰ মাজতে। মন্ত্ৰ বুলি কলেই ভয় নাখাব আকৌ, মহা মৃত্যুঞ্জয় মন্ত্ৰ বা গায়ত্ৰী মন্ত্ৰ ইত্যাদিহে মাতিব লাগিব বুলি কোনো কথা নাই। "আজি মোক বহুত ধুনীয়া লাগিছে," "মই নিজকে খুব ভাল পাওঁ", "মই অকল পজিটিভ কথা ভাবিম" ইত্যাদি যিকোনো ইতিবাচক কথা আপুনি নিজৰ মতে আওৰাব পাৰে, এইখিনি সময় নিজকে ভাল পোৱাৰ, নিজৰ প্ৰেমত পৰাৰ।



83 views
  • Black Facebook Icon
  • Black Instagram Icon
  • Black Pinterest Icon
  • Black Twitter Icon

© 2020 by YogaTales. Proudly created by Bite Crawler

  • Black Facebook Icon
  • Black Instagram Icon