• rajashreedeviyoga

১০ টা সহজ উপায় হতাশা আৰু আত্মহত্যাৰ দৰে নেতিবাচক চিন্তাৰ পৰা নিজকে বচাই ৰাখিবলৈ

( আজি World Mental Health Day, গতিকে তাৰ লগত সংগতি ৰাখি এই লেখনীটি আগবঢ়ালোঁ।) Mental health চাগে এনে এটা বিষয় যাৰ আলোচনা বেছি হয় কিন্তু কাৰ্যক্ষেত্ৰত গুৰুত্ব খুব কম দিয়া যায়। বিভিন্ন কাৰণত আজিকালি প্ৰায়ভাগ মানুহেই কম বেছি পৰিমাণে হতাশাত(Depression) ভুগি আত্মহত্যাৰ পথ বাচি লয়। হয়, yogaৰ দ্বাৰা আমি depression আৰু আত্মহত্যাৰ দৰে নেতিবাচক চিন্তাৰ পৰা নিজকে বচাই ৰাখিব পাৰো। কিন্তু yoga মানে কি বা কেনেদৰে আগুৱাই যাব লাগে সেইয়া যদি আমি গম napao (অসমীয়াত অহা নাই ) ,তেন্তে কি কৰিম? আগতেই লিখিছোঁ মই কিদৰে প্ৰায় চাৰিবছৰ depressionত ভুগি আছিলোঁ। আজি লিখিম কি কি সৰু সৰু কথা মই কৰিছিলোঁ depressionৰ পৰা নিজকে উলিয়াই আনিবলৈ। কথাবোৰ সৰু কিন্তু খুব উপকাৰী। কিছুমানে হয়তো ভাবিব পাৰে related কথা নহয় বুলি, কিন্তু এইখিনি মোৰ নিজৰ অভিজ্ঞতা, এতিয়াও বিশ্বাস কৰোঁ আৰু সহায় লওঁ যেতিয়াই কিবা নেতিবাচক কথা মনলৈ আহে। আশা কৰোঁ এই লেখনিৰ পৰা যিসকলে overthinking কৰে তেওঁলোক সচেতন হব, সময় থাকো তেই নিজকে মানসিক ভাৱে সুস্থ হবলৈ সাহস দিব(কাৰণ overthinking য়ে প্ৰায়ে পিছলৈ আত্মহত্যাৰ পথলৈ আগুৱাই লৈ যায়। ) So, let's start. 1)ভাল salon এখনলৈ যাওঁক আৰু চুলি কাটি দিয়ক। BE UNCOMFORTABLE, যদি নিজৰ চুলি কোঁচাৰ প্ৰতি মৰম, দুৰ্বলতা আছে, দেৰি নকৰি সম্পূৰ্ণ নতুন hairstyle এটা try কৰক। মূৰটো পাতল যেন লাগিবই। চুলিৰ প্ৰতি থকা মোহটো ভংগ কৰক। 2) নিজৰ comfort zoneৰ পৰা ওলাই আহক। যিটো জীৱনশৈলী ত আপুনি অভ্যস্ত তাৰপৰা নিজকে উলিয়াই আনি নতুন কিবা এটা কৰক আৰু নিজকে নতুনকৈ আৱিষ্কাৰ কৰক। নতুন চাকৰি, নতুন ঠাই ইত্যাদি একো একোটা প্ৰত্যাহ্বান হিচাপে লৈ চাওঁক। 3) নিজৰ কাপোৰ কানি পিন্ধাৰ ধৰণ অলপ সলনি কৰি দিয়ক। যিটো পিন্ধাৰ হেঁপাহ আছে, পলম নকৰি পিন্ধা আৰম্ভ কৰি দিয়ক। আনে কি কব সেইবোৰ ভাবিবলৈ সময় আছে জানো আমাৰ? 4) Darr k aage jit hei...yes ইমান দিনে যিবোৰ কাম কৰিব ভয় কৰি আছিলে, এটা এটাকৈ কৰা আৰম্ভ কৰি দিয়ক। কিয় নোৱাৰিব, নিশ্চয় পাৰিব। প্ৰথমে অকণ ভয় খোৱা বা নকৰোঁ যা বুলি নেতিবাচক কথাবোৰ আহিব পাৰে, পিছ হুহুকি নাহিব, লাগিলে যিয়েই নহওঁক কিয়। 5) দিন এটা ঠিক কৰি লওঁক আৰু সদায় নিজকে সকিয়ায় দিয়ক যে সেই দিনটোৰ পৰা সকলো বাদ দি আপুনি এটা নতুন জীৱন আৰম্ভ কৰিব, এজন সম্পূৰ্ণ নতুন মানুহ হিচাপে(যেনে ১ নৱেম্বৰৰ পৰা মোৰ depression নাথাকিব) 6) নতুন মানুহ চিনাকি হওঁক, নিজে আগবাঢ়ি মাতক, কথা পাতক। পুৰণাখিনিত কৈ নতুন মানুহৰ লগত কথা পতা বেচি সহজ, নহয় জানো? 7) যদি সহায় লাগে, নিজৰ মা দেউতা, ককাই ভনী বা বন্ধু বৰ্গৰ পৰা সহায় লওক। যিমান কান্দিবৰ মন কান্দি দিয়ক তেওঁলোকৰ আগত। দুখ পাব বুলি ভাবি নাথাকিব, তেওঁলোকে আপুনি এনেদৰে নোকোৱাকৈ থাকিলেহে বেছি দুখ পায়। 8) যেতিয়াই কিবা নেতিবাচক চিন্তা আহে, বাৰে বাৰে মন্ত্ৰৰ দৰে repeat কৰক "positivity, positivity, positivity". আদেশ দিয়ক নিজৰ মনটোক positive হবলৈ। তদুপৰি জোৰেৰে গান গাব পাৰে, নাচিব পাৰে(গালেই হল, নাচি দিলেই হল, সিমান ভাবি নাথাকিব)। নিজে ভাল পোৱা বা নিজে বনাই লোৱা মন্ত্ৰ ও মাতিব পাৰে। 9) নতুন কিবা এটা শিকক, নতুন ভাষা, নতুন course ইত্যাদি। আজিকালি online বহুত কিবা কিবি আছে আমি লাগি গলেই হল। আনে কি কব/ভাবিব ভাবি থকাৰ সময় নাই দেই। 10) এটা hobby আৰম্ভ কৰি দিয়ক। ব্যক্তিগত ভাৱে মই প্ৰকৃতিৰ সহায় লোৱাটো কব বিচাৰো। প্ৰকৃতিৰ লগত বন্ধুত্ব গঢ়ি তোলক, চৰাই, কীট পতংগ, ফুল ইত্যাদিৰ ফটো উঠাওক, সেইবোৰৰ বিশয়ে (বানান টো নাপালোঁ দেখুন) অধিক জানিবলৈ চেষ্টা কৰক। খুব ভাল লাগিব, কৰি চাওঁক। জীৱন এটাই, বহুত মৰমৰ। Depression ত থকাটো পাপ নহয়, জীৱনৰ শেষ নহয়। বহু সময়ত ইয়াৰপৰা ওলাই অহাৰ পিছত হে গম পোৱা যায়, আমি কোন, আমাৰ মাজত কিমান শক্তি আছে, নিজকে চিনি পোৱা যায়। মই পাৰিছো, আপুনিও পাৰিব। নিজৰ মানসিকতা অলপ সলনি কৰি দিলেই জীৱনটো বৰ ধুনীয়া হৈ পৰে। সেই যে কয়, "If you are not happy with your life, MOVE. You are not a tree." আপুনি পাৰিব, আমি পাৰিছোঁ। আমি আছোঁ সহায় কৰিবলৈ।

  • Black Facebook Icon
  • Black Instagram Icon
  • Black Pinterest Icon
  • Black Twitter Icon

© 2020 by YogaTales. Proudly created by Bite Crawler

  • Black Facebook Icon
  • Black Instagram Icon