- rajashreedeviyoga
হাঁহ পোৱালি
" চাই লম ,বাপ্পেকে।"
খৰধৰকৈ সি ঘৰলৈ খোজ দিলে। খঙটো আহি আছে আহোঁ নাহো কৈ...হল বুলিনো আৰু এনেকৈ কব লাগে নেকি। ৰাতিপুৱাই মাথাটো বেয়া কৰি দিলে বান্দৰীজনীয়ে।
জুবিনৰ গান এটা গুণগুণাই গুণগুণাই কলেজলৈ বেপেৰুৱা ভাৱ এটা লৈ সোমাল সি। এইটো আজিকালিৰ ট্রেণ্ড । কোনো ঠাইত চিৰিয়াছ লুক দিব নালাগে, একদম কুল । সিও পিছপৰি ৰোৱা নাই। তাৰ আজিকালি নিজকে কিবা south ৰ hero যেন লাগে...চুলি অলপ দীঘলকৈ, বেপেৰুৱা কিন্তু তীক্ষ্ণ চাৱনি দি সি যেতিয়া পাৰ হৈ যায়,মা কচম, ছোৱালীবোৰ তাতেই বাগৰি পৰে। আৰু কি লাগে!
পঢ়াতো সি বেয়া নহয়,খেলা ধূলাতো নাম আছে তাৰ, তাক মুঠতে মস্ত eligible bachelor বুলি কোৱাৰ সকলো গুণ ঠাহ খাই আছে। ইনষ্টাত তালৈ কলেজৰ ছোৱালীৰ লাইন লাগি যায় follow কৰিবলৈ। অন্ততঃ সি নিজকে তেনেকৈয়ে ভাবে। সি ভাও নিদিয়ে কাকো, সেইটোও এটা ট্রেণ্ড,কুল হোৱাৰ। য়ো য়ো একদম।
"সেইজনী চা ,তোৰ লগত মিলিব একদম।" লগৰ এটাই মোবাইলৰ কেমেৰাৰে ফটো উঠাই উঠাই তাক খুচ এটা দিলে। লগৰটোৱে বহি বহি ছোৱালীৰ ফটো উঠাই আছিল, সিহঁতে নজনাকৈয়ে। সি কেমেৰাত চালে , বেপেৰুৱা ভাৱটো দি কলে, "কোনজনী বে। ইমান ছাগলী type বেবাই আছে ইহঁতি।"
" black Crop top পিন্ধাজনী, এইবোৰেই লৰাবোৰ শেষ কৰে।" ইটোৱেও তামাম চাল এটা দি উত্তৰ দিলে।
এইবাৰ কেমেৰাৰ পৰা আঁতৰি সি চাই পঠিয়ালে। ধুনীয়া...চকুযুৰি আৰু ধুনীয়া।
Crop top য়েদি ওলাও নোলাওকৈ মাজে মাজে পেট অলপ ওলাইছে বগাকৈ...তলত স্কাৰ্ট। চুলিখিনি আধাকৈ বান্ধিছে, খেলিমেলি কৈ...সি আকৌ চকুলৈ চাই পঠিয়ালে তাইৰ...হাঁহি হাঁহি মাজে মাজে খুব কথা পাতিছে লগৰকেইজনীৰ লগত। মাজে মাজে হাতখনেৰে মুখখন ঢাকি হাঁহিছে আৰু তেতিয়াই crop top য়েদি লাহেকৈ পেট অকন ওলাইছে। চাই থাকিল সি...
সি ছোৱালীক ভাও নিদিয়াকৈ কুল হৈ ভাল পায়...
তাইক দেখোন ভাল পাবৰ মন গৈছে। তাৰ চকুৰ সেই বেপেৰুৱা ভাৱটো সি কব নোৱাৰাকৈ শান্ত হৈ চাই থাকিল তাইক।
"ঐ হাঁহ পোৱালি, কি ইমান চাই আছ'? তয়ো একে ,তোৰ লগৰটোৱে যে আমাৰ ফটো উঠাই আছে আমি নাজানো ভাবিছ? তহঁতৰ ফটো উঠাই আমিও কাম আদায় কৰিব পাৰোঁ, ফালটু কৰবাৰ । ছোৱালী হলেই হল,ন'? তহঁতৰ কাৰণে গোটেই ছোৱালিমখাৰ শান্তি নোহোৱা হৈছে। "
থতমত খাই সি তাৰ লগৰটোলৈ চালে। কোন মুহূৰ্তত কি হৈ গল সি যেন একো ধৰিবই নোৱাৰিলে। সি দেখোন তাইকে চাই আছিল...কেতিয়া তাই আগবাঢ়ি আহি সিহঁতক দম দিলেহি সি ধৰিবই নোৱাৰিলে। টুপকৈ যেন সৰি পৰিল আকাশৰ পৰা।
"কি দৰকাৰ মোৰ ফটো উঠাই থকাৰ। কাম নাই আৰু? যি টি মানে ।" লগৰটোৰ প্ৰলাপ।
সি কিবা এটা বিৰবিৰাই উঠিল নিজৰ মনত। নাই,তাৰ মুখৰ পৰা মাত ওলাই নাহে কিয় সি ধৰিব পৰা নাই।
" লাষ্ট ৱাৰ্নিং। কৈ দিছোঁ,ইমান গাধ নহওঁ ,বুজিছ'?" তাই অহা বাটেৰে উভতি গল।
সি চাই থাকিল তাইৰ চুলিৰ ঢৌবোৰ।
কলেজৰ একে ওচৰতে ঘৰ তাৰ। খপজপকৈ আহি জোতা দলিয়াই দৰ্জাখন বন্ধ কৰি উশাহ এটা ললে সি।
সি এতিয়াও ধৰিব পৰা নাই,হল কি কেছটো।
"হাঁহ পোৱালি!"
" চাল্লা, এনেকৈও মাতেনে মানুহক।"
" চাল্লা, কি ছোৱালী বে!"
প্ৰলাপ বকা যেন লাগিল নিজৰে।
চকুযুৰি মনত পৰিল তাইৰ... উফ আজি শেষ সি।
আজি তাইৰ কথাই যেন ভাবি থাকিব। কি যে হৈ আছে আজি।
এইয়া আজি ছমাহ ধৰি তাইৰ প্ৰেমত পৰি আছে সি...প্ৰতিদিনে যেন তাই আৰু ধুনীয়া হৈ গৈ আছে...আৰু সি...সি হেৰুৱাই আছে নিজকে... প্ৰতিদিনে।
আজিলৈকে তাইক মাত লগাবলৈ, চকুত চকু থবলৈ , মনৰ কথাটো কবলৈ সাহস হোৱাগৈ নাই তাৰ।
আৰু নোৱাৰে সি... মৰি গৈছে সি এনেকৈ থাকি থাকি। না তাইক কব পাৰিছে, না নোচোৱাকৈ থাকিব পাৰিছে।
"আজি কম,কমেই। " সি নিজকে প্ৰস্তুত কৰি আহিছে আজি, ইমান দিনে কেইবাৰ যে এনেদৰে আহি আহি উকা হাতেৰে উভতিছে সি...সাহস বোলা বস্তুটো তাই যেন চুৰমাৰ কৰি পেলালে। আজি কিন্তু সি কিবা এটা কৈহে এৰিব, আজি সি কৈ দিব তাইক তাৰ মনৰ কথাবোৰ। তাই খিলখিলাই হাঁহি থকা ঠাইলৈ আগবাঢ়িল সি...
মধ্যাকৰ্ষণ শক্তিৰ বিপক্ষেহে যেন সি খোজ দিছে...ইমান গধুৰ তাৰ ভৰিবোৰ... উফ। আজি আৰু পিছ হুহুকি নাহে সি...আজি যাবই, আজি কবই।
"Hey, excuse me, তোমাৰ লগত কথা এটা আছিল।"
সি ভৰিখন দাঙি থাকিব নে মাটিত খোজটো দিব ধৰিব নোৱাৰিলে। কেছটো কি মানে, তাই আগবাঢ়ি আহি তাক যে মাতিছে! তাৰ ঘাম ওলাই যোৱাকৈ উশাহ বন্ধ হোৱা যেন লাগিল।
" হাই, কোৱা। " সেইকেইটাৰ বাদে আৰু কথা নোলাল তাৰ।
" I think I am in love with you... কি নাম তোমাৰ?" তাই তাৰ চকুলৈ চাই পঠিয়ালে।
এই চকুযুৰি...এই চকুযুৰিয়ে তাক কিমান ৰাতি শুব দিয়া নাই...কিমান দিন তাক পাগল কৰি ৰাখিছে...এই মুখখন...এই মুখখন সি কল্পনা কৰিবও সাহ নকৰাকৈ কিমানদিন নিজকে কষ্ট দিছে...আৰু আজি...
"Ok ok...
মই...
মই হাঁহ পোৱালি।" হাঁহি আৰু কান্দোনৰ এক বুজাব নোৱাৰা অনুভূতি এটা যেন তাৰ মুখেৰে এইমাত্ৰ বাগৰি পৰিল।