• rajashreedeviyoga

হেল্ল'

চাই ৰৈছিল তাই...

আজি বুলি নহয়,

বহুদিনৰে পৰাই তাই তাৰ দুচকুত বিচাৰি ফুৰিছিল...

নাজানে তাই ...


একপক্ষীয় প্ৰেমৰ কথা কলেই হাঁহি উঠে তাইৰ। কি লাভ আছে তেনে প্ৰেমৰ যি কোনোদিন প্ৰকাশেই নহয়...যি কোনোদিন সফল নহয়...

তাই ভাল পায় সাগৰ...

সাগৰৰ দৰে গভীৰ এক প্ৰেম...

ধুমুহাক আদৰি লব পৰা সাগৰৰ দৰে এক গৰ্ব লাগে তাইক। তাত নাথাকিব কোনো গোপন প্ৰেম...


সিদিনা তাৰ চকুত চকু পৰিছিল তাইৰ...আচলতে...তাই কব নোৱাৰাকৈয়ে চাই ৰৈছিল তাক... এক ধুমুহাই যেন গৰ্জন কৰি উঠিছিল তাইৰ বুকুত। আৰু সি চাই পঠিয়াইছিল তাইলৈ...


শব্দ...শব্দৰ অভাৱ হৈছিল সিদিনা তাইৰ।

কিমান ...কিমান ভাল পালে এনে হয় নাজানে তাই...

এই যে সি ওচৰলৈ আহিল...এই যে সি তাইৰ চকুলৈ চালে...

শব্দবোৰ যেন সকলো ফুলৰ দৰে সৰি পৰিল...তাইৰ দুবাহুত।




হাঁহাকাৰ কৰি থকা মনটোক যেন সুবাস বিলাই দিলেহি সি। তাৰ উশাহ তাইৰ ওঁঠত লাগিলহি। হাঁহি এটাই যেন দুয়োকে জোকাই থৈ গল। চাই পঠিয়ালে তাই...সেই দুচকুলৈ... কিমান যে কথা... নকলেও হয়...আৰু সেইবাবেই হয়তো ধুনীয়া সি...


আঙুলিৰে তাইৰ কপালত টকটকাই সি হাতেৰে ইংগিত দি সুধিলে ," আকৌ আৰম্ভ? এইজনী ইমান emotional."

"তোৰ মাথা, যাহ।" তাই হাতেৰেই বুজাই দিলে। এতিয়া আৰু শব্দ নালাগে... তাৰ দৰেই হাতেৰে সকলোকে কথা কব পৰা হৈ গল তাই...


প্ৰেম জানো নিজেই এক শব্দ নহয়, ঠিক তাৰদৰে! কেতিয়াও মুখেৰে হেল্ল' নোকোৱাকৈয়ে প্ৰাণৰ চিনাকি হৈ পৰা...







4 views0 comments

Recent Posts

See All
  • Black Facebook Icon
  • Black Instagram Icon
  • Black Pinterest Icon
  • Black Twitter Icon

© 2020 by YogaTales. Proudly created by Bite Crawler

  • Black Facebook Icon
  • Black Instagram Icon