• rajashreedeviyoga

"হেই মূলগী, ইমান কিয় মন বেয়া..."



নতুন চহৰখনলৈ একপ্ৰকাৰ জোৰ জবৰদস্তি কৰিয়েই আহিছিল তাই মানসৰ লগত। বিয়াৰ পিছত তাই তাৰ লগত থকাৰ সপোন দেখিছিল, নাই, সি নিনিলে। বহুত কষ্ট পাইছিল মনত তাৰ এনে ব্যৱহাৰত। মুখেৰে একো কোৱা নাছিল, দুদিনমান থাকিম বাৰু, একো নাই বুলি মনটো বান্ধি হাঁহি মেলি নিজৰ বুলি ভবা আৰম্ভ কৰিছিল মানসৰ ঘৰখন। নাই, কোনো আপত্তি নাই মানসৰ ঘৰখনৰ প্ৰতি। খুব মৰম কৰে তাইক শাহু, শহুৰে। কিন্তু আকাশখন জানো উকা উকা নহয় সূৰ্যৰ বাদে? মানসে চাব আহোঁতে ভাল লাগিছিল তাৰ টোলপৰা হাঁহিটি... চকুৰে কথা কৈছিল যেন তাৰ... কথা পাতিছিল দুয়ো মন ভৰাই... বহুত দিনৰ পিছত লগ পোৱা কোনোবা আপোনজন যেন ঘূৰি আহিছে... সেই টোলপৰা হাঁহিটি...প্ৰেমত পৰিবলৈ জানো ঠিকনা লাগে, এনেকৈয়ে দেখোন হাজাৰবাৰ প্ৰেমত পৰিব পাৰি। মাহ হালধীৰ গোন্ধৰ মাজত তাই বিলীন হৈছিল মানসৰ হাতত ধৰি...সপোন সপোন যেন লগা এটি দিঠক যেন...বুকুত যেন সোমাই থাকিব সদায় তাইৰ মনৰ মানুহজনৰ মাজত।


বিয়াৰ এবছৰৰ পিছতো যেতিয়া মানসে তাইক মুম্বাইলৈ নিয়াৰ কোনো আগ্ৰহ নেদেখুৱালে, তাইৰ আৰু সহ্য নহল। এই এবছৰ তাই দিন গণি গণি পাৰ কৰিছে,ভালকৈ বুজি পোৱাৰ আগতেই নকইনাক এৰি থৈ সি মুম্বাই উৰা মাৰিছিল। কেনেকৈ? কেনেকৈ ইমান নিষ্ঠুৰ হল সি? অভিমানবোৰ দুগালেদি বৈ আহিব দিয়া নাছিল তাই, নিদিয়ে, তাই নিদিয়ে এনেদৰে দুৰ্বল হৈ পৰিব নিজকে। "আনে পাৰিছে, ময়ো পাৰিম, অকলে যুঁজিম, বহুত ভাল পাওঁ অ" ৰাতি ৰাতি গাৰুত মুখ গুজি গুজি কন্দাটো যেন অভ্যাসত পৰিণত হৈছিল। মানস পূজালৈ বুলি আহোঁতে সেয়ে তাই গুচি আহিল তাৰ লগত তাৰ উদাসীনতাক আওকাণ কৰি। নোৱাৰে আৰু তাই।


মুম্বাইৰ ফ্লেটৰ জীৱন আৰম্ভ হৈছিল তাইৰ। ভালেই লাগিছিল তাইৰ। মানস দিনটো অফিচ, ৰাতি আহে। সি যে কিয় এনেদৰে কৰে তাইৰ লগত, ফোনত আগতে হাঁহি মাতিয়েই থকা মানস হৈ পৰিছিল তাইৰ বাবে এক সাঁথৰ। হওঁক, হৈ থাকক এনেদৰে, নালাগে তাই জানিবলৈ, একেলগে আছোঁ, আৰুনো কি লাগে।


আচহুৱা যেন লগা ঠাইখন লাহে লাহে ভাল লগা হৈছিল তাইৰ।সিহঁতৰ বেলকনীৰ লগত লাগি আছে আনঘৰৰ বেলকনী , মাজত ৱাল এখন। লাহে লাহে বুজি উঠিছিল দুই এটা শব্দ।মাছ বেচা, সবজি বেচা মহিলা কেইগৰাকী চিনাকী হৈ পৰিছিল। "মূলগী ছিকলি প্ৰগতি আহে" মানে যে "নাৰী শিক্ষিত হলে প্ৰগতি আহে" বুজি পোৱা হৈ গল তাই এতিয়া।


"মই প্ৰেগনেন্ট। " ঠাঁচকৈ মৰা চৰটোত বাগৰি পৰিছিল তাই। "মানস..." চিঞঁৰটো যেন ডিঙিত সোপা মাৰি ধৰিলে মানসৰ হাতদুখনে। সিমানদিনলৈ বুজি উঠিছিল তাই মানসৰ বহু গোপন কথা... তাই থকা সত্বেও কিদৰে সি আনৰ লগতো সপোন দেখিছে, কিদৰে সি ঘৰৰ পৰা সকলো লুকুৱাই তাইক বিয়া পাতি আনিছে। অসহ্য, অসহ্য এইবোৰ। তথাপি তাই সাহস নেৰে, কিজানি তাইৰ প্ৰেমত আকৌ সেই লৰাটোক ঘূৰাই পাই...সেই টোলপৰা হাঁহিটি।


"হেই মূলগী..."

মাতষাৰ ভাল লাগিছিল তাইৰ। বেলকনীৰ সিপাৰৰ মাতটো তাই যেন নতুনকৈ শুনা পাইছে। আগতে দেখোন মন কৰা নাছিল কেতিয়াওঁ। ইমান মৰম মাতষাৰত... কেতিয়াও বৈ যাব নিদিয়া চকুলোবোৰে যেন আজি হেঁপাহ পলাই বৈ গৈছে।

"কিয় কান্দিছা?" আকৌ ভাঁহি আহিছিল সেই মাত...

বেলকনীৰ সিপাৰে যেন ৰৈ আছে তাইৰ সেই মনৰ মানুহজন... ৰখাব নোৱাৰিলে তাই। কান্দিম আজি কান্দিম... হুকহুকাই কান্দি উঠিল তাই। জীৱনত কিনো লাগে, এশাৰী মাত, এখন কাণ...

লাহে লাহে প্ৰেমত পৰিছিল তাই বেলকনীৰ সিপাৰৰ মাতটোৰ লগত। নালাগে, নালাগে জানিব তাইক সেই মাত কাৰ, ইমান মৰমসনা মাতষাৰ, মাত হৈয়েই থাকক, নালাগে সন্মুখত আহি ধৰা দিবলৈ। তাইৰ সকলো কথা কানপাতি শুনে সি... সাহস দিয়ে,মৰম দিয়ে। দুয়ো দুয়োৰে পৃথিৱীত যেন এনেদৰেই সুখী... তাই কয় সকলো কথা, মানসৰ...সেই ...সেই টোলপৰা হাঁহিটি...

হাঁহে বেলকনীৰ সিপাৰৰ মাতটোৱে। তাইয়ো হাঁহে তাৰ লগত।

"কি যে পাগল ন আমি...কত আছিলোঁ, কি কৰিলোঁ, কি কৰি আছোঁ। "

"পাগল হোৱা বাবেই তোমাক লগ পালোঁ, তোমাৰ প্ৰেমত পৰিলোঁ..."

লাজত ৰঙা পৰে তাই। বাঢ়ি অহা পেটতোলৈ মৰম লাগে তাইৰ। সুখী তাই। প্ৰেম কিজানি এইবাবেই ধুনীয়া...তাই কন্দা শুনিলেই সঁহাৰি দিয়ে সিফালৰপৰা, বেলকনীৰ সিপাৰৰ মাতটোৱে। ঠেঁহ পাতে কেতিয়াবা, আৰু নাকান্দিবা কেতিয়াও বুলি। অভিমানবোৰ গালে মুখে সানি দিব যেন তাই...


অফিচ পাৰ্টিৰ পৰা ৰাতি এক বজাত ড্ৰিংকছ কৰি মচগুল হৈ অহা মানসক আৰু সহ্য কৰাৰ শক্তি নোহোৱা হৈ গল তাইৰ আজি। কিমান সহিব তাই এইবোৰ? ইমান খিনি হোৱাৰ পিছতো...


"চুপ, চুপ, কথা নকবি মোক, তোক যে খেদি দিয়া নাই ভাগ্য তোৰ। " মানসৰ অশ্ৰাব্য গালি আৰম্ভ হল।

" কিয় কৰা তুমি এইবোৰ, কি কৰিছিলোঁ মই, জোৰ জবৰদস্তি কৰিটো বিয়া হোৱা নাছিলোঁ। " খং কৰা নাই তাই আজিলৈকে, নকৰে। চাব তাই কিমান নিলাজ হব পাৰে মানস।

"এ চুপ, জামাইলা...."

হাতখন মুঠি মাৰিছে তাই... হয় আছে, আছে এতিয়াও।

"লাইফ বৰবাদ কৰিলি তই মা**ৰ**ৰ..." মানসৰ কোনো কথা নুশুনে আজি তাই, নুশুনে কেতিয়াও।

একেকোবে হাতত লৈ থকা চুৰীখন ডিঙিত বহুৱাই দিলে তাৰ... নকৰে, নকৰে ভয় তাই। পেটত থকা সন্তানক পাব আজি তাই, গোৰটো মাৰি নষ্ট কৰিছিল মানসে, আজি পাই যাব তাই আকৌ। আকৌ ফুলি উঠিব পেটটো। নাই, নাই ইমানদিনে ডিপ্ৰেছনত থকাৰ পৰা মুক্ত তাই এতিয়া। নাই কোনো দুখ নাই তাইৰ...


হঠাতে দুখখিনি উজাই আহিল তাইৰ...কত যাব, কোনফালে দৌৰিব তাই আজি নাজানে...


কান্দি কান্দি যিমান পাৰি জোৰকৈ গাৰুত মুখখন গুজি দিলে তাই। কিমান কান্দিব তাই, কন্দাৰো যে সীমা আছে তাই চাগে পাহৰি গল এইকেইটা বছৰত।


হেই মূলগী, ইমান কিয় মন বেয়া..."


বেলকনীৰ সিপাৰৰ মাতটো...

  • Black Facebook Icon
  • Black Instagram Icon
  • Black Pinterest Icon
  • Black Twitter Icon

© 2020 by YogaTales. Proudly created by Bite Crawler

  • Black Facebook Icon
  • Black Instagram Icon