• rajashreedeviyoga

শাৰীৰিক আৰু মানসিক সমস্যাৰ একেবাৰে সহজ উপায়

আমাৰ মাজৰ অধিকাংশই অকল শকত হোৱাৰ বাবেহে yoga কৰিব বিচাৰে। কিন্তু হতাশা, মানসিক অশান্তি, নেতিবাচক চিন্তা/জীৱন, হীনমন্যতা, খং ইত্যাদি মানসিক সমস্যাবোৰ আমি প্ৰায়ে লুকাই থওঁ, নিজে আৰু বেছি চিন্তা কৰোঁ কেনেকৈ ভাল হব বুলি বা কেতিয়াবা দুই এজনৰ লগত কথা পাতি ভাল লগা যেন হয় কিন্তু আকৌ দুদিন পিছত একে অৱস্থালৈ ঘূৰি যোৱা হয়। মোলৈ পঠোৱা msg বোৰত দুই ধৰণৰ সমস্যা প্ৰায়ে লক্ষ্য কৰোঁ। ১) শকত হৈছে বেছি, কেইটামান "yoga" কব লাগে। ২) বহুত মানসিক অশান্তি (বেছিভাগ depression) হৈছে, কেনেদৰে আগবাঢ়িব লাগিব। সকলোকে কব বিচাৰো, সমস্যা যেনেকুৱাই নহওঁক কিয়, সকলোঁ সমস্যাৰ উপায় yoga. এতিয়া yoga বুলি কলে ইমানেই বিশাল সাগৰ এখন যেন লাগে যে আমি বুজি নাপাওঁ কি কেনেকৈ আৰম্ভ কৰিম। গতিকে ইমান যদি একো বুজি নাপায়, কি উপায় আছে? একেবাৰে সহজ ভাষাত exercise. Exercise বুলি কলে নুবুজা মানুহ চাগে নোলাব। কিন্তু কি exercise? একেবাৰে Simple, আজিৰপৰা walk কৰক। খোজ কঢ়াক যদি ইমান দিনে গুৰুত্ব দিয়া নাই, আজিৰপৰা ইতিবাচক চিন্তাৰে আৰম্ভ কৰক। আমি yogaত এটা কথা কিন্তু বিশ্বাস কৰোঁ যে যিকোনো কাম কৰোঁতে খুব মনোযোগেৰে কৰিব লাগে। গতিকে খোজ কাঢ়ি আছোঁ বুলি যদি আকাশ পাতাল ভাবি "মন কৰবাত, ভৰি কৰবাত" হৈ আছে, নমস্কাৰ😁। ভাল walking shoes লৈ লওঁক, আজিকালি সকলো বস্তু অনলাইন লব পাৰি, Skechersৰ জোতা মই recommend কৰিম(সকলোধৰণৰ পাব)। এতিয়া কিছুমানে ভাবিব পাৰে, বাপৰে খোজ কাঢ়িবলৈ ইমান দামী জোতা? কিন্তু আপুনি দেখুন বিয়া, পূজা ইত্যাদিত কাপোৰ আৰু কিবাকিবিবোৰ কিনেই, নিজৰ স্বাস্থ্যৰ কাৰণে টকা invest কৰক, তাৰ মূল্যই বেলেগ। গান শুনি শুনি walk কৰাতকৈ নিজৰ heartbeat, breathing শুনি walk কৰি চাওঁক, তাৰ মজাই বেলেগ। ডিঙি তললৈ বেকা কৰি walk নকৰিব, যিমান পাৰি spine চিধা, অভ্যাস হৈ যাব নহলে। যিসকলে পাৰে তেওঁলোকে sports wear পিন্ধি কৰক, difference নিজেই গম পাব। যিসকলে মেখেলা চাদৰ পিন্ধে তেওঁলোকে কোনো চিন্তা নোহোৱাকৈ জোতা পিন্ধি খোজ কাঢ়ি যাওঁক, তাত চিন্তা কৰি থাকিবলগীয়া একো নাই। আজি এইখিনি পঢ়ি কাইলৈ চাৰিটা বজাত উঠি walk যাম... আঠ বজাত উঠা মানুহজনে একেবাৰে গৈ চাৰিটাত উঠিব নালাগে😄, টোপনিত বাগৰি পৰিব। আজি উঠাতকে ৫মিনিট সোনকালে উঠক, তাৰ পিছত ১০ মিনিট...এনেকৈ আগুৱাই যাওঁক। এদিনতে সকলো কৰিম বুলি নকৰিব। সময় লওক, কিন্তু regular কৰক। আৰু এটা কথা প্ৰায়ে দেখো, group বান্ধি গোটেই সংসাৰৰ কথা পাতি পাতি walk কৰে কিছুমানে। তাতকৈ অকলে নিজৰ দেহ মনৰ লগতে খোজ কঢ়াটোক বেছি prefer কৰোঁ মই personally. ছোৱালীবোৰে lipstickত যিমান গুৰুত্ব দিয়ে, ভাল জোতা পিন্ধাটো গুৰুত্ব দিয়ে যাতে। জোতা দেখাত trendyহলেই নহব, qualityভাল হব লাগিব। জোতাৰ লগত কেতিয়াও adjust নকৰিব, কাৰণ একেবাৰে simple,আমাৰ দেহটোৰ ভাৰ কোনে উঠাই বাৰু? লৰাবোৰে আকৌ ভাবিব নালাগে যে আমাক একো কোৱা নাই, একেই কথা লৰাবোৰলৈও... আমাৰ ভৰি দুখনক সন্মান কৰোঁ বলক। টিং টং পূজাৰ শুভ্কামনা থাকিল। Disclaimer: ব্যক্তিগত চিন্তা, কোনোধৰণৰ brandৰ বিজ্ঞাপন দিবলৈ কৰা নাই।

13 views0 comments

Recent Posts

See All