- rajashreedeviyoga
লীলাধৰ
ঘৰটোত সোমায়েই চুক কোণ পিতপিতাই স্বস্তিৰ নিশ্বাস এটা পেলালে সি। যা হওঁক, বহুতদিনৰ মূৰত চিনাকি যেন লগা ঘৰ এখন পালে কোনোমতে। আজি এমাহে সি ঘৰ বিচাৰি হায় ৰাণ হৈছিল, এইখন ঘৰ পাইহে যেন শান্তি, ধেত তেৰি, ঘৈণীয়েকৰ নামটোও শান্তিহে হব পালেনে? যেতিয়াই কিবা এটা ভাল লাগে নামটো আহি যায় অশান্তি জনীৰ। নাই, সি এতিয়া এই কণ সময় তাইৰ কথা মনত পেলাই মুড অফ্ কৰাত নাই। তিৰিক কে পকেট ত হাত ভৰাই টিক কে চিগাৰেট এটা জলাই লৈ সি ঘৰটোৰ বেলকনীৰ পৰা চাই পঠিয়ালে। কি বঢ়িয়া বতাহ, মুম্বাইৰ পাৰৰ ঘৰ বোৰতকে পুণে ৰ বেলক নী থকা ঘৰবোৰ যে কি বঢ়িয়া... আহল বহল... মুঠতে সি ঘৰটোৰ প্ৰেমত পৰিল। ৰাতি "নাইট ডিউটি" থাকিলে সি বেয়া নাপায়, কিন্তু ঘৈণীয়েকৰ কেপকেপনি বাঢ়ি যায়। "আজি আহোঁতে Dove shampoo আনিবাচোন, laundryত কাপোৰ দিব আছিল, tomato চাতনি খাব মন গৈছে, coconut oilৰ বটল খালী..." এই অশান্তিজনীয়ে বুজি কে নাপায় সি ডিউটি ত গৈ আছে নে শপিং কৰিব। "উপায় নাই বেটা, দিল্লী কা লদ্দু, পলুৱাই আনিছি লি নহয় প্ৰেমত পৰি, লগে ৰহো এতিয়া," সি নিজেই নিজকে সান্তনা দিলে। তাইৰ আব্দাৰ বোৰ পুৰাইয়ো ভাল লাগে তাৰ, কিমান যে মৰম কৰে সি তাইক, কি কি যে কৰা নাই তাইৰ কাৰণে! মোৰ অশান্তিজনী। গোফৰ তলত মিচিক কে হাঁহি ওলাই গল তাৰ। নতুন কে ৱাশিং মেচিন আনিছে সিহঁতে। কৰবাত কিবা লাগে বুলি বৰ careful ঘৈণীয়েক। নিগনি সোমালে টো শেষ... এনেও তাইৰ লগত নিগনিৰ বৰ ৰাহি জোৰা মিলে। "অশান্তি কৰবাৰ।" ৰাতিপুৱাই dustbin ৰ অৱস্থা দেখি তাইৰ খঙত অৱস্থা বেয়া হৈ গল। ৱাশিং মেচিন টোৰ outlet থোৱা পাইপ দালে দিয়েই সোমাইছে এই দাল। তাই পাইপদাল উলিয়াই ফ্লোৰ খনত ফুটা টো বন্ধ হোৱাকৈ গধুৰ কাঠ এচটা থৈ দিলে। "চাওঁচোন কোন ফালে সোমাৱ" বুলি ৰাতি বেকা হাঁহি মৰাজনীৰ মুখ খন ৰাতিপুৱা টেমাহেন হল, প্লাষ্টিক ৰ নেট কুটি কুটি নিগনিয়ে ডাঙৰ ফুটা এটা কৰি dustbinত বিহু ফাংচন কৰি শেষ। "তো ক আজি চাই লম।" বুলি তাই dustbinৰাতি ৰাতি ভিতৰত থোৱা আৰম্ভ কৰিলে, বাহিৰলৈ ওলোৱা দৰ্জাখনো বন্ধ কৰিলে। "যাহ, এতিয়া কি কুট কুটি থাক।" পিছদিনা বিৰদৰ্পে তাই utility area ত গৈ তাও দিব উলাওঁতেই মেচিন ৰ তলৰ "rat protection" খন কুটি কুটি পৰি থকা দেখা পালে... সি "নাইট ডিউটি" কৰি যাব উলাইছিলেই, মাৰ্কেট ডাউন এই কেইদিন... Investors চব চালাক, লাভ হোৱা নাই তাৰ এইকেইদিন। ঘৈণীয়েকে ইফালে মাথা গৰম কৰি ৰাখিছে এই কেইদিন। "এইটো কিয় আনা নাই, সেইটো কিয় আনা নাই?" সি নো কেনেকে কয়, বছে একো চাঞ্চে দিয়া নাই। কিমান কষ্ট কৰিব সি? Bossজনীক সি ভালেই পাইছি লে প্ৰথমে, কিন্তু পিছলৈ কেনা লাগিল। Coldwar চলি আছে দুয়োৰে মাজত। যিমান পাৰে কৰিছে সি। "নাইট ডিউটি" extend কৰি ঘৈণীয়েকলৈ মনত পেলাই খঙতে সি অভাৰ টাইম কৰাৰ কথা ভাবিলে, " যা হ যি হয় হব, চাল্লা।" চিগাৰেট এটা হুপি হুপি সি Bossৰ প্ৰতি থকা সমস্ত ক্ষোভ বুকুত লৈ পাগলৰ দৰে Bossৰ নতুন ৱাশিং মেচিনৰ "rat protection" খন কুটিবলৈ ধৰিলে। "বেটি, মোক পাকঘৰত সোমাব নিদি য়, তোৰ পেলোৱা বিলাহী খালে তোৰ কি যাই হা? চিকতা ছোৱালী, অকল নিজে দকচি খা, আমালৈ dustbin টোকো দিবলৈ হিংসা তোৰ, চাই লম তোক। চাল্লা, খাব নাপায় তোৰ খালী হোৱা নাৰিকল তেলৰ বটল টোৱে খাইছোঁ, তাতো তোৰ হিংসা? আৰু কুটিম ৰহ বাপ্পেকে, চিনি পোৱা নাই?" কি ট্ কিট শব্দ শুনি তাই হাতত সাৰে ভৰিত সাৰে ঝাৰুদাল লৈ মেচিন টো ঠেলি যি পায় তাকে উধাই মুধাই কোবাবলৈ ধৰিলে। "তই অহা মই গম নাপা ও ভাবিছ?" ঝাৰু ৰ কোব ৰ মাজে মাজে ব্ৰেক দান্স মাৰি মাৰি সি MJ টাইপ moonwalk দেখুৱাই সি কুটি থোৱা প্লাষ্টিক ৰ নেটৰ ফুটা টোৱেদি লৰ দিলে... "অসভ্য নিগনি... ঐ লীলাধৰ, তোক চাই লম।" Bossৰ মাত সাৰ সি ৰিনিকি ৰিনিকি শুনা পালে পাইপেদি ওলাই যাওঁতে... "অসভ্য মানুহ...পিছে নামটো বেয়া লগা নাই...লীলাধৰ..."