- rajashreedeviyoga
যোগ আৰম্ভ কৰো বলক(৩)
আগৰ দুটা খণ্ডত থুলমূল কৈ যোগ মানে লিখিলোঁ, গতিকে আজি আটায়ে ৰৈ থকা বিষয়টিকে লিখোঁ বুলি ভাবিলো। সেইয়া হল "আসন।" (আচলতে এইবোৰ বিশাল এক সাগৰ, ইয়াত একেবাৰে থুলমূল কৈহে লিখিছোঁ।) "স্থিৰম সুখম আসনম" বুলি মহৰ্ষি পতঞ্জলিদেৱে আসনৰ সংজ্ঞা দি গৈছে। গতিকে আসনে স্থিৰতাৰ (steadiness) লগতে দিব লাগিব সুখ। আমি জোৰ জবৰদস্তি কৰি নিজৰ লগতে যুঁজি যুঁজি কোনোমতে বহি থাকিলে তাক আসন বুলি কোৱা নহয়। প্ৰশান্তি হল আসনৰ অন্যতম দিশ। এতিয়া আমি কৰপৰা আৰম্ভ কৰিম? (একেবাৰে চুটিকৈ আৰু একেবাৰে সহজকৈ লিখিব চেষ্টা কৰিছোঁ যাতে আটাইৰে সুবিধা হয়।) আমি যদি আসনবোৰ ভালকৈ লক্ষ্য কৰোঁ, আমি সকলোবোৰ আসনক ভগাই লব পাৰিম। কিছুমান আসন আছে ধ্যান বা সমাধি কৰিবলৈ উত্তম(সুখাসন, পদ্মাসন ইত্যাদি) আকৌ আন কিছুমান দেহৰ বিভিন্ন অংগৰ বাবে বা যদি কিবা অসুবিধা আছে সেইবোৰ ঠিক কৰাৰ বাবে প্ৰয়োজনীয়( হালাসান, কোনাসন ইত্যাদি)। গতিকে, যোগাসন কৰাৰ আগত বহি লৈ ভাবক আপুনি কি লক্ষ্য লৈ আগবাঢ়িব বিচাৰিছে। কাৰণ প্ৰত্যেকৰে দেহ বেলেগ বেলেগ, কিছুমানৰ আকৌ শাৰিৰীক বা মানসিক কিছুমান সমস্যাও থাকে, যোগৰ আটাইতকৈ ভাল কথাটিয়েই হল যে ইয়াক ব্যক্তিগত পাৰ্থক্য আৰু প্ৰয়োজনীয়তা অনুসৰি অভ্যাস কৰিব পাৰি। আগৰ পষ্টবোৰত যিদৰে কৈছিলোঁ যে এজনে যদি অকল হাত উঠাব পাৰে আৰু ওচৰৰ জনে হাত ভৰি সকলো উঠাব পাৰে, তাত একো কম, বেছি বা প্ৰতিযোগিতা নাই। যোগে গোটেই দেহটোক সমানে গুৰুত্ব দি বিভিন্ন অংগৰ বাবে বহুতো আসন আমালৈ উপহাৰ হিচাপে দি গৈছে। যেনে মেৰুদণ্ড, হাত ভৰি,পেট ইত্যাদি। মেৰুদণ্ডত গুৰুত্ব দিয়া আসনবোৰো চাবচোন কিছুমান ওপৰলৈ হাত মেলি টানো(তালাসনা), কিছুমান হাউলি যাওঁ সন্মুখলৈ(পশ্চিমোত্তসনা), কিছুমান পিছলৈ (ভূজংগ সনা)। লগতে আমাক ৰিলেক্স হোৱাত সহায় কৰিবলৈ শৱাসন , মকৰাসান ইত্যাদিও আছে। কিন্তু মন কৰিবলগীয়া কথা যে এনেদৰে বিভিন্ন ভাগত ভগাই ললেও ইটোৰ লগত সিটো জড়িত হৈ আছে।গতিকে এইটো আসন অকল মেৰুদণ্ডৰ কাৰণেহে, পেটৰ কাৰণে নহয়, এনেদৰে যাতে ভাবি নাথাকে। আপুনিও ভগাই লব পাৰে (থিয় হৈ কৰা, বহি কৰা, বেলেঞ্চ কৰা ইত্যাদি) এতিয়া এইখিনি যদি বুজি পাইছে, বাকী একেবাৰে সহজ। লিষ্ট এখন বনাই লওঁক কোনবোৰ আসন আপুনি কৰিব বিচাৰে, একাদিক্ৰমে লিখিব আৰু আসন নিৰ্বাচন কৰোঁতে নিজৰ কথা নাপাহৰিব। কৰিব নোৱাৰাটোত প্ৰথমদিনাই লাগি নাথাকিব। আৰম্ভ সহজবোৰেৰে কৰক। লাহে লাহে নিজৰ দেহ নিজেই বুজি উঠিব, সময় দিয়ক নিজকে। লিষ্টখন আপুনি যোগাসান কৰা ঠাইত লগাই লওঁক আৰু সদায় কৰা আৰম্ভ কৰক। লিষ্টখন লাহে লাহে সলনি কৰি কৰি গৈ থাকক অভ্যাসৰ দিন বাঢ়ি যোৱাৰ লগে লগে। আসনৰ আৰম্ভনি কৰিব পাৰে মন স্থিৰ কৰা আসনবোৰেৰে। মনটোক শান্ত কৰি লৈ নিজে কৰা প্ৰাৰ্থনা বা মন্ত্ৰ বা যিকোনো ইতিবাচক ভাল লগা কথা ব্যৱহাৰ কৰিব পাৰে। ঠিক সেইদৰে, শেষত ৰিলেক্স হোৱা আসন এটা কৰিব। কৰি উঠি চাবচোন, নিজকে বেলেগ এজন যেন অনুভৱ কৰিব, ইমান ভাল লাগিব দেহ মন। শেষৰ ফালে ও আৰম্ভণিতে কৰাৰ দৰে প্ৰাৰ্থনা, মন্ত্ৰ বা ইতিবাচক কথা গাব/কব পাৰে। আৰু লিখিম আগলৈ। বি: দ্ৰ: মই অসমীয়াত শিকা নাই গতিকে আসনসমূহৰ নাম বা কথাবোৰ অসমীয়াত নিজে বনাই বনাই লিখিছোঁ, বানান শুদ্ধ নহবও পাৰে আসন বোৰৰ। মই নাজানো, গতিকে সেইয়াই মোৰ একমাত্ৰ উপায় এতিয়া। যিখিনি শিকিছোঁ গুৰুসকলৰ পৰা তাৰেই অসমীয়াত কিছু লিখিবলৈ চেষ্টা কৰিছোঁ। বিশ্বাস কৰক, সহজ নহয় মুঠেই। আশাকৰোঁ সহায় হব আপোনালোকৰ। টিং টং😁