- rajashreedeviyoga
যোগ আৰম্ভ কৰোঁ বলক(২)
যোগত সোমোৱাৰ আগতে ভাবিছিলো যোগ মানে কেইটামান pose কৰা( আসন বুলি কৈ যে সেইয়াও নাজানিছিলোঁ) আৰু কেইটামান প্ৰানায়াম । সৰুৰেপৰা খেলত ভাল আছিলোঁ কিন্তু মাজতে খেলা বন্ধ কৰিছিলোঁ। চাকৰি কৰি থাকোঁতে ৰাতিপুৱা ৬ টাত উঠি ৭ টা লৈকে কিবাকিবি প্ৰানায়াম কৰোঁ। সেইবুলি যে প্ৰানায়ামৰ কথা জানো, সেইয়াও নহয়। আনক দেখি কৰাবোৰ। যোগত সোমাই গম পালোঁ যোগ মানে একো বেলেগ বস্তু নহয়, "সচৰাচৰ আমি মন নিদিয়া কথাবোৰ যেতিয়া মন দিয়া আৰম্ভ কৰোঁ গুৰুত্বসহকাৰে, তাকেই যোগ বুলিব পাৰি।" ইমান সহজ, নহয়নে বাৰু? হয়, সংজ্ঞা ইত্যাদি বহুত পাব, কিন্তু একদম সহজ ভাষাত যেতিয়া আমি এটা "স্বাস্থ্যকৰ জীৱনশৈলী" মানি চলা আৰম্ভ কৰোঁ, তাকে যোগ বুলি কব পাৰি। এইখিনিতে মন কৰিবলগীয়া কথা যে স্বাস্থ্যকৰ জীৱনশৈলী বুলি কলে কি কি আহিব? যিহেতু আমাৰ দেহ আৰু মন এটা আনটোৰ পৰিপূৰক গতিকে আমি দুয়োটাকে গুৰুত্ব দিব লাগিব। আমি কেনেকুৱা চিন্তা কৰোঁ, কেনেধৰণৰ আচৰণ কৰোঁ, কেনেধৰণৰ খাদ্য খাও, কি কি কাম কৰোঁ, কিমান টোপনি যাওঁ...মুঠতে আমাৰ জীৱনৰ প্ৰত্যেকটো দিশ যোগে সাঙুৰি লয়। আপুনি যদি মন লগাই পঢ়িছে, একাগ্ৰ ভাৱে, আপুনি যদি ভালকৈ ৰান্ধি খাইছে তৃপ্তিৰে, সেইয়াওঁ যোগৰ সৰু সৰু অংশ। কিন্তু ইয়াৰ অৰ্থ এয়া নহয় যে অকল একাগ্ৰভাবে একঘণ্টা পঢ়িলে বা তৃপ্তিৰে ভাত খালেই যোগ কৰোঁ বুলি কব পাৰি। হয়, যোগৰ সৰু অংশ এটি জীৱনত আঁকোৱালি লবলৈ চেষ্টা কৰিছোঁ বুলি কব পাৰিব যদিহে "কি, কিমান,কেনেকৈ" খাইছে বা পঢ়িছে তাৰ প্ৰতি সচেতন হয়। একেৰাহী মাংস দিঙিলৈকে ভৰাই "তৃপ্তিৰে " যোগ পালন কৰিছোঁ বুলি কলে কিন্তু নহব দেই। প্ৰতিটো মূহুৰ্তৰ,প্ৰতিটো কামৰ প্ৰতি আপুনি সচেতন হৈ ভাল দিশটো চালি জাৰি সেইয়া নিজৰ জীৱনত আঁকোৱালি লব লাগিব। যোগত আমি চাৰিটা কথাৰ ওপৰত গুৰুত্ব দিওঁ... 1. আহাৰ : কি, কিমান, কেনেকৈ আৰু কেতিয়া খাইছোঁ। আহাৰেই হল "Brahman" বুলি কোৱা হয়। খাই থাকোঁতে বা বনাই থাকোঁতে আমাৰ দেহ মনৰ অৱস্থা কেনে তাৰ প্রতিও আমি সচেতন হব লাগে। 2. বিহাৰ: আজৰি পৰত কি কৰিছোঁ নিজৰ কাৰণে, খেল ধেমালি,ব্যায়াম ইত্যাদিবোৰ কৰিছোঁ নে? আমাৰ দৈনন্দিন জীৱনৰ কাৰ্য্যবোৰ ই সাঙুৰি লয়। নিজকে ধুনীয়াকৈ ৰখা, কিছুমান কামক প্ৰত্যাহ্বান হিচাপে আঁকোৱালি লোৱা আৰু মানি চলা জীৱনত (যিদৰে মই জলকীয়া এৰিছো,গহনা পিন্ধা নাই,আপুনিও চাগে কিবা এটা মানি চলিছে তেনেকৈ) নিজৰ শাৰিৰীক আৰু মানসিক উন্নতিৰ বাবে চেষ্টা কৰা ইত্যাদিবোৰ ইয়াৰ মাজত পৰে। 3.আচাৰ: আমাৰ আচাৰ ব্যৱহাৰ কেনে আনৰ প্ৰতি, অহিংসা(নিজক আৰু আনৰ লগত), চুৰ নকৰা(শাৰীৰিক /মানসিক) ইত্যাদি কিছুমান নিয়ম আমি মানি চলোঁ নে? নিজৰ লগত অহিংসা বা হিংসা কেনেকৈ কৰোঁ আকৌ বুলি ভাবিছিলো মই প্ৰথম শুনি। নিজৰ দেহৰ যতন লোৱা নাই, নেতিবাচক চিন্তা কৰি মৰিছে, প্ৰয়োজনত কৈ অধিক ব্যায়াম কৰিছে...এনেদৰেই আমি নিজকে নিজেই হিংসাৰ বলি কৰাও। 4. বিচাৰ : আমি কেনেধৰণৰ চিন্তা চৰ্চা কৰোঁ। চিন্তাবোৰ ইতিবাচক নে নেতিবাচক আমাৰ? ইয়াত গুৰুত্ব দিয়া হয় নেতিবাচক চিন্তা পৰিহাৰ কৰি কিদৰে আমি নিজকে সদায় ভাল চিন্তাৰে আগুৱাই লৈ যাম। এটা ইতিবাচক চিন্তাই গোটেই কাহিনীৰ দিশ সলনি কৰি দিব পাৰে, হয়নে নহয় কওঁকচোন। এই চাৰিটাক যোগৰ চাৰিটা স্তম্ভ বুলি কোৱা হয়। গতিকে যিসকলে যোগ নিজৰ জীৱনত আঁকোৱালি লব বিচাৰে এই চাৰিওটা দিশ মন কৰিব লাগিব। বেছি নহয়, অকনমান মনোযোগ দিয়া আৰম্ভ কৰি দিয়ক কিনো খাই আছোঁ, বহুত বেছি বা কমকে খাইছো নেকি, নিজৰ দেহৰ কাৰণে ভাল বস্তুবোৰ খাইছোনে (আটাইৰে দেহ বেলেগ গতিকে অলপ বেলেগ হব আটাইৰে খোৱাটো, সেইবাবেই নিজৰ দেহৰ কথা নিজেই জনাটো খুবেই জৰুৰী) কান্দি কান্দি ভাত খোৱাৰ দৰে কামবোৰৰ পৰা যাতে দূৰত থাকে বা ভুলকৈ ডায়েট বুলি একো নুখোৱাকৈ জিভা চেলেকিও যাতে নাথাকে। আকৌ কিবা এটা খাই "অ মা , ইমান মন গৈছিল, খাই দিলোঁ, এতিয়া ইমান বেয়া লাগিছে, কিয় যে খালো" এনেদৰে আলাপ বিলাপ কৰিও নাথাকিব। চিন্তাবোৰ কেনেদৰে ঘঁহি ঘঁহি ইতিবাচক কৰাব দুই এটা উপায় আগৰ লেখাবোৰত নিশ্চয় পাব। মই নকওঁ যে মই নিজে সদায় ইতিবাচক চিন্তা কৰোঁ, নহয়, কিন্তু মই সদায় চেষ্টা কৰি যাওঁ নেতিবাচক চিন্তা আহিলে উলটি আহিবলৈ, সহায় লওঁ কেতিয়াবা আনৰ, কেতিয়াবা নিজকে ধমক দিওঁ। এই সচেতনতাই বহুত সাহস দিব আপোনাক আগুৱাই যাবলৈ। বিহাৰ বুলিবলৈ গছ পুলি ৰোৱা, আপদাল কৰা, জীৱ জন্তুৰ লগত খেলা, গান গোৱা, লুডো খেলা, ব্যায়াম কৰা ইত্যাদি বহুত কাম আমি জনা নজনাকৈ কৰি থাকোঁ, নহয়নে? যিমান পাৰি শাৰিৰীক ভাবে অংশগ্ৰহণ কৰক, মন নিজে নিজেই আহি যাব। ৰদ লবলৈ গৈ আনক/মবাইল চাই নাথাকি হাত ভৰি জোঁকাৰি, অকন নাচি, হাঁহি থাকক, তাৰ আমেজেই সুকীয়া দেখোন। সহজ লাগিছেনে? পাৰিম পাৰিম যেন? কৰি চাওঁ বলক তেন্তে। কেনেকৈ সচেতনতা আনিব? উপায় দিছোঁ, লিখি ৰাখক। এখন ৰুটিন বনাই মানি চলক। কি খালে, কেইটাত খালে, কি কৰিলে ইত্যাদি সকলোবোৰ লিখি ৱালত লগাই ৰাখক। ফেচবুকত আপডেট দিয়ক লাগিলে নিজৰ নিজৰ একাউণ্টত। আনে কি ভাবিব, মোক ধুনীয়া নালাগে, ব্যায়াম ভালকৈ নাজানো এইবোৰ তলা মাৰি থৈ দিয়ক কৰবাত। আনে আপোনাৰ সুস্বাস্থ্য আনি নিদিয়ে মনত ৰাখিব দেই। এমাহ কৰি চাব, বাকী মই নকওঁ একো। আগতেও কৈছোঁ, আমাক লাগে ইচ্ছাশক্তি যি সকলোৰে লগত আছে। কিয় নোৱাৰিব, আমি আছোঁ দেখোন উৎসাহ, সাহস দিবলৈ। যোগ হল এক নিচা, লাগিবলৈ সময় লব পাৰে, কিন্তু এবাৰ লাগিলে আৰু গোটেই জীৱন ৰক্ষা নাই। এবাৰ পৰি চাওঁক যোগৰ প্ৰেমত। বি: দ্ৰ: যিমান পাৰি সহজ ভাষাত লিখিবলৈ চেষ্টা কৰিছোঁ। মই নিজেও শিকাৰু, বহুত বাকী শিকিবলৈ। চেষ্টা অব্যাহত থাকিব।