• rajashreedeviyoga

যোগ আৰম্ভ কৰোঁ বলক (১)

যিসকলে নতুনকৈ yoga কৰিম বুলি ভাবি আছে, তেওঁলোক বৰ বিপাঙত পৰে। কি কৰিম, কৰপৰা আৰম্ভ কৰিম, YouTube চালোঁ যেনিবা কিন্তু ধৰিবও পৰা নাই...এনে নানা প্ৰশ্ন সততে আমাৰ মনলৈ আহে। গতিকে আটাইৰে সুবিধা হোৱাকৈ লাহে লাহে লিখি যাম। আৰম্ভ কৰাৰ আগতে জানি থওঁ আহক যোগত "সহজ" বুলি একো নাই। যোগ যিহেতু এক জীৱনশৈলী, ইয়াক মানি চলিবলৈ লাগে ইচ্ছা শক্তি। যত ইচ্ছা শক্তিৰ অভাৱ, এদিন কথাবোৰ পঢ়ি/কৰি টোপোলা বান্ধি থোৱা যায়। ১)যোগ মানে অকল আসন/প্ৰানায়াম নহয়। আসন অতি ক্ষুদ্ৰ অংশ যোগৰ। ডায়েটিং শব্দটোক যিদৰে ভুলকৈ ব্যৱহাৰ কৰে, ঠিক তেনেদৰে যোগক অকল আসনৰ লগত তুলনা কৰি ভুলকৈ ব্যৱহাৰ কৰা দেখা যায়। ২) সকলোৰে শৰীৰ বেলেগ বেলেগ, আনৰ লগত নিজকে তুলনা নকৰিব। আসন কৰাৰ সময়ত নিজৰ শৰীৰ আনৰ লগত তুলনা কৰি লাজ বা সংকোচ কৰিলে ই ক্ষতি কৰিব আপোনাক। ৩) অকল হাতখন দাঙিব পাৰিছে? ঠিকেই আছে, দাঙক। আনে ভৰিখনো দাঙিছে, সেইয়া তেওঁৰ কথা। যিটো পাৰে সেইয়াৰে আৰম্ভ কৰক। ইয়াত কোনো প্ৰতিযোগিতা নাই। ৪) এদিনতে সকলো কৰিবলৈ চেষ্টা কৰি নিজৰ ক্ষতি নকৰিব, সময় দিয়ক। সদায় অভ্যাস কৰিলেহে ফল পাব। ৫) আচলতে আপুনি যদি ভাবিছে, sukhasana সহজ, নিয়মত কৰিলে চাগে আমি ফেচবুক কৰি নাথাকি সাধনাত বিলীন হলো হয়। কোনো এটা আসনেই সহজ/কম নহয়। আমি কিমান ভালকৈ কৰোঁ (শাৰীৰিক/মানসিক ভাৱে) সেইয়া বেলেগ বেলেগ। ৬)এদিন কৰি কি হব বুলি থকাতকৈ, এদিনৰ পৰাই আৰম্ভ কৰোঁ বুলি ভাবক। ৭)মনটো ফ্ৰী কৰক, মনটো আচল, মনটো যিমানে মুক্ত আকাশত মেলি দিব, সিমানেই সুন্দৰ হব মনটো। জীৱনৰ ধুনীয়া খিনি বুটলি লওঁ বলক, কি পালোঁ, নাপালোঁ, কি হব, নহব বুলি হিচাপ নিকাচ কৰি থাকিলে জীৱনে দিয়া ৰঙবোৰৰ সৌন্দৰ্য্য উপভোগ কৰিবই নোৱাৰিম দেখোন!

15 views
  • Black Facebook Icon
  • Black Instagram Icon
  • Black Pinterest Icon
  • Black Twitter Icon

© 2020 by YogaTales. Proudly created by Bite Crawler

  • Black Facebook Icon
  • Black Instagram Icon