- rajashreedeviyoga
মোৰ লেম্পটো
পঢ়িব বেয়া পাইছিলো সৰুতে, পিছে দাদাৰ লগত competition নেৰো। কাজিয়া মানে একদম কুৰুক্ষেত্ৰ। বিয়াৰ দুবছৰৰ পিছতো মাজে মাজে নালাগিলে মন্ চন্ কিবা ভালেই নালাগে দেখুন। দাদা থকা সকলে বুজিব । বৌ আৰু মোৰ পতিদেৱে ক'ব "হ'লনে তহঁতৰ নে বাকী আছে?" মাজে মাজে কওঁ, " ধুৰ এইটোৰ লগত কোনে লাগে, সি মোৰ লেভেলৰ নহয়।" মাজে মাজে আকৌ "এহ ৰ'হ, ইমান সোনকালে এৰিম নেকি তাক?" যি নহওঁক,সৰু কালৰ কথালৈ আহো আকৌ। হাজাৰ দেখিব নোৱাৰিলেও জোক লগাদি তাৰ লগতেই লাগিব বিচাৰো। পঢ়িম তাৰ লগতেই , লাগিলে মাজে মাজে চুলি টানাৰ পৰা আৰম্ভ কৰি কুকুৰ মেকুৰীৰ দৰে (মাৰ চকুত) কাজিয়াই লাগিম। গতিকে একেটা ৰুমত দুখন চকী মেজ। পঢ় এতিয়া নিজৰ নিজৰ। মই হ'লো তাৰ বিপৰীত। কেনেকে ৰিজাল্টবোৰ থিকে থাকে গ'ল নাজানো, কিন্তু পঢ়াত সি ভাল আছিল আগৰপৰাই, গোটেই দিন সোমাই থাকিব পাৰে। মই ৫ মিনিট পঢ়িলে ১০মিনিট ৰেষ্ট। মাজতে মনে মনে টি ভি mute কৰি চায়ো আহো এপাক। পাকঘৰতটো যামেই, মা কিমান বিজি চাবলৈ, যাতে হাতেলোতে ধৰা নপৰো। সৰুৰেপৰাই এইবোৰত চালাক। গৰমৰ দিন,নিজৰ নিজৰ টেবুলত দুয়োটা । মোৰ আৰু কত পঢ়াৰ ধাণ্দা। কিন্তু তালৈ ভুলটো নাচাওঁ, গ'ম পালে চিঞঁৰিবই," তাই পঢ়া নাই। " টোপনীজনী আহিল নহয় জপিয়াই জপিয়াই মোৰ লগত খেলিব বুলি, ময়ো বোলো দে আহ। কেতিয়া কি হ'ল গমেই নাপালো। "নমি,নমি" বুলি ডাঙৰ ডাঙৰ কৈ মাত শুনি খকমককৈ চকু মেলি সুৰুত কে লেলাওঁটি খিনি টানি দেখো মা। ওচৰতে ৰৈ আছে বিজয়ী ভাৱেৰে দাদা । হাতত লেম্প। বাকী আন্ধাৰ দেখোন চাৰিওফালে। কেতিয়া কাৰেণ্ট গ'ল কেনেকৈনো গ'ম পাম যি টোপনী মাৰিলো। "দেখিছে, দেখিছে, এইজনী শুই আছে নপঢ়ি? " সি একদম নাটকৰ ভিলেইনটো টাইপত আঙুলি টোৱাই টোৱাই চিঞঁৰিলে। "অই, চুপ থাক। কেতিয়া শুলো মই, বেছি ওষ্টাদি নামাৰিবি মোৰ লগত, তই নিজে নপঢ়ি মোলৈ চাই কিয় থাক? কামচোৰ। " মই গপচত "ভাগ" বুলি আন্ধাৰত খেপিয়াই খেপিয়াই বিচনালৈ দৌৰ দিলো। মায়ে ধৰি থকা মোৰ লেম্পটো আনিবলৈকো মোৰ টাইম নহ'ল।