• rajashreedeviyoga

মাহেকীয়া আৰু আমি

মিছা নকও, আমিও সৰুতে প্ৰথমে কাপোৰ পিন্ধিছিলো, দুমাহ তিনিমাহৰ পিছত মায়ে নিজে মোৰ অৱস্ৱা দেখি উপায় বিচাৰিলে। সৰুতে টিভিত ad দিছিল দুই এটা। (ধেইত তেৰিকা নিজকে ইমান পুৰণা মানুহ যেন লাগিছে😝😝) এদিন আমি দুয়ো ওলালো বজাৰ আৰু দোকানীজনে Whisper দিলে। দাম আজিৰ তুলনাত তেতিয়া বেছি যেন লাগে। আৰু আজিলৈকে whisper মোৰ অতি মৰমৰ। এতিয়া ইমান পাতল পাতল মৰমলগা হৈছে, পিন্ধিও আৰাম। Hostelত এবাৰ বৰ মৰমলগা সৰু ছোৱালী roommate হিচাপে পাইছিলো। বায়েক দুই তিনিজনীমান আছে। মাহেকীয়া হলে তাইৰ কষ্ট বিৰাট। তিকচি বিকচি থাকে। এদিন কলে," ইমান যে যাই অ!" সুধি গম পালো তাইৰ flow বেছি। তাইক Stayfree, simple ,cotton টো use কৰা দেখো যদিও মন কৰা নাছিলো। মই ক'লো, stayfree cotton টো সিমান ভাল নালাগে, তাতকে dry wings, extra long এইবোৰ লোৱা। কথামতে এদিন এটা আনিলে। পিছে দুদিন পিছত তাইৰ আকৌ উচপিচনি… মই বোলো panty আৰু pad আনা আৰু মোক দেখাই দিয়া তুমি কেনেকে পিন্ধা । দুয়োটা বস্তু বিছনাত লৈ দেখোৱাত গম পালো তাই ভালকে পিন্ধিব জনা নাই। আঠা লগাইছে ঠিকেই পিছ কোনটো আগ আৰু কোনটো পিছ তাই ধৰিব পাৰা নাই। গতিকে তপিনাৰ ফালে চুটি হয়। লগতে মাহেকীয়াত কেনেধৰণৰ panty পিন্ধা সোধোতে সদায় পিন্ধাৰ দৰে ধিলাবোৰ যিবোৰে গোটেই তপিনা ধাকি ৰাখে classic briefs/hipster বুলি দেখালে। মই দেখাই দিলো কেনেকে লগাব লাগে আৰু কোনটো আগ আৰু কোনটো পিছ। আৰু অকন tight panty পিন্ধিব কলো, নহলে ওলমি থাকিব। Flow অনুযায়ী কোনটো দিনত কোনটো size পিন্ধিলে আৰাম পাব হেইবোৰো বুজালো। সুধিলো, "বাহঁতক কিয় সোধা নাছিলা, সিহঁতে ক'লে হয়। " "কিনো আৰু সুধিম, মই ভাবাই নাছিলো এইবোৰ। লাজ লাগে।" হয় দেই, আমি লাজতে একো বুজিয়েই নাপাও। মাহেকীয়া হ'লে সংসাৰে নুচুবি বুলি নাক কোচাওতে কোচাওতে আমি নিজেও নিজকে বেয়া পোৱা হয় যাও… "বিয়ালৈ যাম বুলি আছিলো … এইডাল হৈয়েই গ'ল।" কিছুমানে আকৌ আগ পিছ নাচাই ঔষধ খাই পিছুৱাই… এমাহ যদি নোহোৱাকে থাকে কেনেকুৱা লাগে? তাৰ পিছতো সমাজত ইয়াৰ কোনো শিক্ষা দিয়া নহয়। মাহেকীয়া যেন বৰ লাজ কৰিবলগীয়া!!!… আটাইতকে মৰমৰ দিন হ'ল মাহেকীয়াৰ দিনকেইটা। মাহেকীয়াৰ দিনকেইটাই কৈ দিয়ে মোৰ মানসিক আৰু শাৰীৰিক অৱষ্হা। মাহেকীয়াৰ দিনকেইটাই মোক নাৰী হোৱাৰ সুখ দিয়ে। মৰম কৰক মাহেকীয়াৰ দিনবোৰক, মৰম কৰক নিজকে, কাৰণ ইয়েই আমাক নাৰী হিচাপে চিনাকী দিয়ে, "মা"হোৱাৰ সুখ দিয়ে। অনুৰোধ, বিশেষকৈ শিক্ষয়িত্ৰীসকললৈ… আমি নাপালো, গতিকে উঠি অহা কেইজনীয়ে যাতে মাহেকীয়াৰ বিষয়ে শিক্ষা পায়, নতুনচামে যাতে মাহেকীয়াৰ দিনবোৰক বেয়া নাপায়, তেওঁলোকে যাতে বুজি পায় মাহেকীয়াৰ গুৰুত্ৱ। বিদ্যালয়ত sex education workshop কৰাটো অতি জৰুৰী। নাপায় বুলি কৈ negativity অনাটো নাৰীৰ বাবে অতি দুখজনক কথা। নিজে কব নোৱাৰাকৈ ই আমাৰ দেহ মনত negativity আনে যাৰ বাবে বহুত অসুবিধাৰ কাৰক হৈ পৰে। দিনটো শুভ হওঁক আটাইৰে। 💐😊🤗

106 views
  • Black Facebook Icon
  • Black Instagram Icon
  • Black Pinterest Icon
  • Black Twitter Icon

© 2020 by YogaTales. Proudly created by Bite Crawler

  • Black Facebook Icon
  • Black Instagram Icon