- rajashreedeviyoga
মুখা পিন্ধা মানেই বেয়া নহয়।
এই কথাটো বাৰে বাৰে আহি আছিল মনলৈ। সুখৰ মুখা পিন্ধি দুখ লুকুৱাই থকা এগৰাকী মানুহক আমি ভাল কম নে বেয়া বুলি কম? কোৱাৰ অধিকাৰেই বা আছেনে আমাৰ?
হয়,মই পিন্ধিছিলোঁ। 2011 চনৰ পৰা বিশেষকৈ পিন্ধিবলগীয়া হৈছিল। দুৰ্ঘোৰ এক ধুমুহাক আৱৰণ এখন পিন্ধাই সাগৰৰ সমান শান্ত আৰু প্ৰাণচঞ্চল এক নদী হৈ মই উটি ভাঁহি ফুৰিছিলোঁ। উদ্দেশ্য নিজকে জীয়াই ৰখা, মৃত্যুৰ ফুচুলনিত যাতে ভোল নাযাওঁ।
এহেম নামৰ গ্ৰুপ এটা খুলিছিলোঁ যত অকল পাগলবোৰ সোমাব পাৰে, নৰ্মেল মানুহৰ ৰক্ষা নাই তাত(এতিয়াও একেই,এটা কথাও যদি বেলেগে বুজি পায়!)। দুখবোৰে খাই নেপেলাবলৈ তাত বহুতসময় দিছিলোঁ, ফেচবুক বেছি কৰিছিলোঁ। ইনবক্সত বহুতে বহুতধৰণৰ মেচেজ দিয়ে তেতিয়া। এজন নামী দামীয়ে কৈছিল, তুমি গৱেষণা কৰি থকা ছোৱালী, একাউণ্ট চাই,আপডেট চাই তেনেকৈ নালাগে, নিজৰ কামৰ লগত মিলাকৈ আপডেট দিবা। জনাই থওঁ,পাতল ব্যক্তিত্ব কেতিয়াও মোৰ পৰিচয় নাছিল। সুধিছিলোঁ,অহ, গৱেষণা কৰি থকা ছোৱালীৰ আপডেট কেনে হব লাগে? তাই মানুহ নহয়? তাইৰ ফুৰ্তি নাই? নে অকল গৱেষণা কৰি থাকিব লাগে? Sample collection, review of literature, statistics এইবোৰেই নেকি?
মই নহওঁ তেনেকুৱা,তেতিয়াও,এতিয়াও। সেইয়া মই হম যদিহে মুখা এখন পিন্ধো যি মোৰ হব নোৱাৰে কেতিয়াও। ফেচবুকৰ উদ্দেশ্য বেলেগ আছিল তেতিয়া। নিজকে বিজি ৰখা,গৱেষণা বেলেগ।
লাহে লাহে থিয় হব শিকিলোঁ। সুখৰ মিছা মুখা খুলি সুখ কাক বোলে অনুভৱ কৰিবলৈ শিকিলোঁ। সুখৰ মুখখন হয়তো মোৰ লগত একাত্ম হৈ পৰিল। দুখ কাৰ নাথাকে! তাতে? তাত কিয় লাগি থাকিম সুখ থাকোতে!
এতিয়া যেতিয়াই ঘূৰি চাওঁ, কৃতজ্ঞতা জনাওঁ সেইখন মুখালৈ যিটোৱে মোক যিকোনো প্ৰকাৰে আগুৱাই আনিলে। যিখনৰ অবিহনে মই হয়তো আৰু বেয়া পদক্ষেপ ললোঁ হয় নিজৰ জীৱনৰ।
সেয়ে কওঁ,মুখা পিন্ধা মানেই বেয়া নহয়। মুখাই জীৱন ঘূৰাই দিব পাৰে,আপুনি মাত্ৰ সাহ নেহেৰুৱাব।