• rajashreedeviyoga

মই আৰু মোৰ চিকেন

তামোল চামোল যি চুবাবলগীয়া আছে, চোবাই লওক। হো... পিৰাটোতে বহি ঠেং ঠুং মেলি শুনক আমুকীৰ কাহিনী... মই হলো চিকেন খাই অহা ছোৱালী(হাজাৰ বাৰ শুনি শুনি চাগে কাণ ঘোলা হল আটাইৰে)। মাছ ভাল পোৱা নাছিলোঁ সৰুতে, চিকেন হলে খাওঁ। ইয়াতে এটা কথা ঠিক যে খোৱা বোৱাত অকন সৰুৰেপৰাই মই উদাসীন... টেঙাৰ বাদে বাকী বস্তুত মোৰ ইমান interest নাই। এই যে মই চিকেন, পৰ্ক চিঞৰি থাকোঁ, নামতহে, কামত পাঁচটা মান pieceৰ বাহিৰে খাব নোৱাৰো। কিন্তু জঁপিয়াই থাকোঁ খুব...খাম খাম বুলি। আনকি লগৰ বোৰৰ মাকেও আমনি পাই গল লাষ্টত," এই এইজনী ইমান কম খাই, তাই আহিব বুলি ইমান ভালকৈ বনাও।" মানে হুলস্থুল বেছি, খাওঁতে "ধেই ইমান অকন" মোৰ স্বভাৱ। যা হওঁক, আকৌ সৰু কাললৈ যাওঁ। মাহতৰ দিনটো চাকৰি বুলি থাকে কাৰণে ৰাতিহে খোৱা বোৱা অকন গৰম হৈছিল আগতে। চিকেন, মাছ ৰাতি maximum. Legpiece আৰু কলিজাটো মোৰ favourite.কলিজাটো একদম ভাত খোৱাৰ পিছত মুখত ভৰাম। হাত ধুই গৰুয়ে ঘাঁহ পাগুলাৰ দৰে ৰস চুপি চুপি মজা লৈ থাকিম। হেইটো আছিল মোৰ অভ্যাস। এদিন তেনেকৈ ৰস চুপি চুপি কেতিয়া শুই গলো একদম গম নাপালোঁ। ৰাতিপুৱা সাৰ পাই চুৰুতকে লেলাউটি খিনি টানি মুখ খন হাতেৰে মুছি লৈ গম পালোঁ দাঁতৰ মাজত লিভাৰ তেতিয়াও অধাচুবোৱা হৈ পৰি আছে। "আহা, কি মজা" বুলি পৰম তৃপ্তিৰে চোবাই চোবাই চকু কাণ মোহাৰি বিছনা এৰিলোঁ...সেই সোৱাদ আজিও পাহৰা নাই।

6 views0 comments

Recent Posts

See All
  • Black Facebook Icon
  • Black Instagram Icon
  • Black Pinterest Icon
  • Black Twitter Icon

© 2020 by YogaTales. Proudly created by Bite Crawler

  • Black Facebook Icon
  • Black Instagram Icon