• rajashreedeviyoga

মইজনী... আপুনিও ভুগি আছে নেকি depressionত? 

কেইদিনমান পিছত ৩১ বছৰ হ'ব, ভাল লাগি আছে। ডাঙৰ হৈছো, জীৱনটো বেছিকে বুজা হৈছো আৰু লগতে বেছিকে ভাল পোৱা হৈছো। আজিকালি যেন সৰু সৰু কথাবোৰ যেনে এনেকুৱা কিয় হ'ল, আনে কি ক'ব, আগলৈ কি হ'ব এইবোৰ গাতেই নালাগে। আগৰপৰাই সাহসী মই, এতিয়া যেন শান্ত হৈ প্ৰকৃত মইজনীৰ লগত নতুনকে চিনাকী হৈছো। মোক চিনি নোপোৱা বা লগ নোপোৱা সকলৰ বাবে দুআষাৰ যাতে কাহিনীটি বুজি পোৱাত সহজ হয়। পঢ়াত ভাল এজনী ছোৱালী, খুব সাহসী(নিজকে তেনেকেই ভাবিছিলো), খুবেই আত্মবিশ্ৱাসী, যতেই গৈছো কেতিয়াও হাৰি যোৱা নাই, নাম জিলিকাইছো। যিমান পাৰো আনক সহায় কৰো, কাজল সানি দিয়াৰপৰা আৰম্ভ কৰি জীৱনত উৎসাহ দিয়া লৈকে। আনক বুজাও জীৱনটো এটাই, ভালকে জীয়াই থাকিব লাগে, বৰ্তমানটো এনেদৰে ঠিক কৰিব লাগে যাতে নিজে কেতিয়াও নিজৰ আগত লাজ নোপোৱা, কোনেও আঙুলি টোৱাবলৈ সাহস নকৰে তাৰ বাবে নিজকে চাফা ৰাখিব লাগে। কৰি যাব লাগে উৎসাহেৰে নিজৰ কাম, নিজৰ ওপৰত বিশ্ৱাস ৰাখি। পঢ়াৰ ক্ষেত্ৰটো বঢ়িয়া ৰিজাল্ট কৰিলো সকলোতে। লগৰকেইজনীয়ে কৈছিল,"তোৰ পৰা বৰ উৎসাহ পাওঁ অ'," কিবা প্ৰব্লেম হ'লে মোৰ ওচৰলৈ আহে, ফোন কৰে, যিমান পাৰো সহায় কৰো, জীয়াই থকাৰ প্ৰেৰণা দিওঁ। তাৰ মাজতে দুই এজনৰ লগত মতানৈক্য নোহোৱাও নহয়। সেই "মইজনী" এদিন থানবান হৈ থাকিল। দুই এজনে বুজি পালে, সাহস দিলে। হয়, কাকো বুজাবও নোখোজিলো, কাৰণ মই যে সাহসী।সদায় হাহিঁ থকা,আনক সহায় কৰাজনীয়ে কি কৰিছিলো, মোৰ লগত যে এনে হ'ল? ইমানেই থুনুকা আছিল নে কথাবোৰ, মোৰ ইমানেই দোষ আছিল? "তাইৰো এনেকোৱা হ'ল বুইছ?তাইহে বৰ ভালজনী আছিল।" লগৰকেইজনীয়ে যদি এনেকে উপলুঙা কৰি আলোচনা কৰে! কি ভুল কৰিছিলো, কিয়, কিয় হ'ল মোৰ লগত এনেকুৱা??? মোৰ গোটেই আত্মসন্মান টুকুৰা টুকুৰ হৈ যেন সৰি পৰিল, নিজকে নিজে বেয়া পোৱা হ'লো, পুতৌ জন্মিল " ক'ত গ'ল তোৰ গৰ্ব?" গুচিয়ে যাও নেকি… কাৰো আগত ব্যক্ত নকৰাকৈ থাকোতে নিজকে বিচাৰি চাও, আগৰ মইজনী কেনে আছিল মনত নপৰে, যিমান পাৰো যেন অকলে থাকিম। লগৰবোৰক দুৰত ৰাখিম, লাজ পাও নহ'লে যেন। কাকো যাতে কেতিয়াও লগ নাপাও। নিজে বনাই লোৱা খোলাটোতেই যেন সোমাই থাকিম।কোনেও গম নাপায় যাতে, নতুনকে পোৱা মানুহবোৰৰ আগত সেই ৰাংঢালীজনী হৈ থাকো। ভিতৰি চিন্তা। ওলাব বিচাৰো, নোৱাৰো। কিমান কি কৰিলো চেষ্টা কিয় যে নোৱাৰো। চাওঁতে চাওঁতে চাৰিবছৰ হ'বৰ হ'ল। মনটো হাঁহাকাৰ, বুজি পাও কথাবোৰ, কিন্তু সাহস নহয়গৈ। নতুন বছৰ এটি আহিব বুলি আটাইৰে আনন্দ। মনত পেলালো আগৰ মইজনীক। নতুন বছৰত কি কি কৰিম লিখি ৰাখিছিলো আৰু বছৰৰ শেষত গোটেইবোৰ কৰি done বুলি লিখিছিলো। নাই , বহুত হ'ল, মই আকৌ আগৰজনীক পাবই লাগিব, বিচাৰিমেই। নতুন বছৰ বুলি vodka অকণ খাই চালো, yes,I will change মই আকৌ আগৰজনী হৈহে এৰিম। লগে লগে তেতিয়াৰপৰা যেন সকলো সলনি হৈ গ'ল। সদায় যেন জীৱনৰ আটাইতকে ভাল লগা দিন। অন্তৰ খুলি দিলো। গোটেইখন যেন মোৰ সেই মৰমৰ পৃথিৱীখন। জীৱনটো ইমান ভাল লগা হ'ল, ইমানদিনে মোলৈ ৰৈহে আছিল যেন আটায়ে।জীৱনৰ ৰঙত মইজনী বিলীন হৈ গলো, এতিয়া যেন আগতকৈয়ো সাহসী, আগতকৈয়ো আত্মবিশ্ৱাসী। নিজকে প্ৰমাণ দিলো , আকৌ প্ৰথম হৈ জিলিকিলো নতুন পৃথিৱীখনত। মই যেন এতিয়া গান গাই উৰি ফুৰা পখী। নিজকে বিচাৰি পোৱা মুকলি মইজনী। Yes, মোৰ depression আছিল, চাৰিবছৰ depressionত ভুগি আছিলোঁ মই। মই বুজি পাওঁ যেতিয়া কোনোবাই আত্মহত্যা কৰে, বুজি পাওঁ যেতিয়া কোনোবাই আঁতৰি ফুৰে। কাৰণ ময়ো গচকি আহিছোঁ depressed মইজনীক। আজি মোৰ অকণো দুখ নালাগে, ভয় নালাগে ইমান ভাল record থকা মইজনীৰ এইবোৰ কথা গম পালে কি হব, simply I don't care now. কিন্তু মই জানো, আমাৰ মাজত হাঁহি মাতি থকা বহুত আছে যিসকল কিবা নহয় কিবা কাৰণে depressed ভিতৰত। উলাই আহক,নিজে নকৰিলে কোনেও সহায় কৰিব নোৱাৰে। Depression মাত্ৰ এটি অধ্যায়, ইয়েই শেষ নহয়। এবাৰ উলাই আহক খোলাটোৰ পৰা, চাবছোন ইমান মানুহ আছে সহায় কৰিবলৈ। বি: দ্ৰ: লেখাটো কেইবছৰমান পুৰণি কিন্তু খুব আপোন। যিদৰে লিখিছিলোঁ, কোনো সালসলনি নকৰাকৈ দিলোঁ। যুঁজি যাম সদায়। আশা কৰোঁ, এই কথাবোৰে নিজকে বিচাৰি পোৱাত আপোনালোককো সহায় কৰিব। আপুনি অকলশৰীয়া নহয়, পাহৰি নাযাব। মৰম।

43 views
  • Black Facebook Icon
  • Black Instagram Icon
  • Black Pinterest Icon
  • Black Twitter Icon

© 2020 by YogaTales. Proudly created by Bite Crawler

  • Black Facebook Icon
  • Black Instagram Icon