- rajashreedeviyoga
ভাল পাওঁ তোমাক
থৰক বৰক খোজেৰে খেপিয়াই খেপিয়াই আগবাঢ়িলোঁ মই। ইমান আন্ধাৰ হঠাতে কেনেকৈ হৈ গল ধৰিব নোৱাৰিলোঁ। হঠাতে যেন গোটেইখিনি সলনি হৈ পৰিল তেনে লাগিল মোৰ। যেন অচেতন হৈ পৰি আছিলোঁ আৰু চকু মেলি একো ধৰিব পৰা নাই, তেনে এক অৱস্থা। কোনফালে যাম,কি কৰিম ধৰিব নোৱাৰিলো বহুসময়।সেই অন্ধকাৰত ডুব গৈ থাকি কোনোমতে এয়া খোজ দিছোঁ। নিজৰ ছাঁ টোকে যেতিয়া দেখা পোৱা নাযায়, কিমান অকলশৰীয়া যেন লাগে !
কিমানদেৰী তেনেকৈ কটালোঁ ঠিক ধৰিব নোৱাৰোঁ। দিন, ৰাতি, সময় সকলো যেন অন্ধকাৰে গ্ৰাস কৰিছে
। মনত পৰিছিল...
ৰাতিৰ ৰং।
কাহানিও টো ভবা নাছিলোঁ ৰাতিৰো যে থাকে এটি ৰং...যিটো ৰঙত বিলীন হৈ যাব নোৱাৰি, উপভোগ কৰিব পাৰি মাথোন।
"উফ..."
সেইয়া ...সেইয়া...পোহৰ যেন লগা কিবা এটা দেখি যেন জীৱন ঘূৰাই পালোঁ। নিজকে টানিবলৈয়ো যেন শক্তি নাই মোৰ। পিয়াহ...পিয়াহ...ইমান পিয়াহ চাগে কেতিয়াও লগা নাছিল মোৰ। যিমান পাৰোঁ সিমান বেগেৰে একপ্ৰকাৰ নিজকে চোঁচৰাই লৈ গলো সেই পোহৰ বিচাৰি।
"খট খট।"
যিমান জোৰে পাৰো দৰ্জাখনত শব্দ কৰিবলৈ চেষ্টা কৰিলোঁ। মোৰ যেন পিয়াহ বাঢ়ি গৈ আছে। আৰু যে এখোজোঁ দিব নোৱাৰোঁ।
"হে, হাই।" দৰ্জাখন খুলি তাই মিচিকিয়া হাঁহি এটা মাৰিলে। যেন মোৰ কাৰণেহে ৰৈ আছিল... বহু দিনৰ যেন চিনাকী আমি।
মই একো কব নোৱাৰিলোঁ... চাই ৰলো একেথৰে।
এই মুখখন...এই হাঁহিটি... এই চকুযুৰি...ইমান চিনাকী চিনাকী।
"সোমাই আহা, ইমান ঠাণ্ডা বাহিৰত। পাৰিবানে? ৰবা, মই ধৰি দিছোঁ।"
এখন হাতেৰে সাৱটি মোৰ দেহৰ ওজন প্ৰায় কঢ়িয়াই লৈ গল তাই ...
"মই ৰৈ আছিলোঁ, সকলো ঠিক কৰি থৈছোঁ। ইয়াত আউজি শুই দিয়া অকন। বহিবলৈ কষ্ট হব চাগে। "
"চাওঁ মুখখন ধুৱাই দিওঁ।হৈছে।হাতখন চাওঁ। বঢ়িয়া। এতিয়া ভৰি।তাৰ পিছত আমি ভাল কাপোৰ এযোৰ পিন্ধি লম।"
তাই খৰখেদাকৈ অথচ খুব মৰমেৰে কামত লাগি গল...মই চাই ৰলো।
একো ধৰিব পৰা নাই, তাই সুবিধাও দিয়া নাই। অবাক হৈ চাই ৰৈছো... তাইক। কি ধুনীয়া ...কি মৰমলগা অথচ এক অদ্ভুত শক্তি যেন গোটেই মুখত ফুটি উঠিছে। যেন দেৱী এগৰাকী।
দেখিছোঁ... দেখিছোঁ মই তাইক...কত!!
"এইয়া চোৱা, তোমাৰ ফেৱৰেট।"
কেনেকৈ...কেনেকৈ গম পালে তাই নীলা যে প্রিয় মোৰ...!!!
" ভাল লাগিব তোমাক, আৰামো পাবা।" তাই কৈ গল আৰু মই চাই থাকিলোঁ তাইৰ চকুযুৰি...উফ।
"তোমালৈ ৰৈ আছিলোঁ বহুদিনৰ পৰা। জানিছিলোঁ এদিন আহিবা তুমি। "
চক খালোঁ তাইৰ কথাত। এইয়া কোমল বিচনাখনত মোক শোৱাই তাই হাত বুলাই দিছে মোৰ চুলিখিনিত... কাষত মোক খাই চাবলৈ দিয়া কেম'মাইল টি... মোৰ প্ৰিয়। তাইৰ হাতৰ আঙুলিৰ স্পৰ্শত অনুভৱ কৰিছোঁ...স্পৰ্শ যে কিমান লাগে মানুহক। স্পৰ্শ...জীৱনদায়িনী স্পৰ্শ।
" মনত আছেনে, আমি একেলগে বেলি ডুব যোৱা চাব গৈছিলোঁ...নদীখন বৈ গৈছিল আমাৰ বুকুৱেদি। কবিতা কবিতা যেন লগা সময় কিছুমান আছিল আমাৰ একেলগে... তুমি বৰ আকলুৱা আছিলা।"
মই শুনি গৈছিলোঁ তাইৰ পৰীৰ দেশৰ সাধু সাধু যেন লগা কথাবোৰ। বুজি পোৱা নাছিলোঁ যদিও তাইৰ প্ৰত্যেকটি কথাই যেন মোক লৈ গৈছিল কেইটামান নিৰ্দিষ্ট মুহূৰ্তলৈ... জীৱনৰ কিছু এৰি অহা মুহূৰ্তলৈ...মোৰ বুকুৰ আপোন...
"আৰু তুমি হেৰাই গৈছিলা... তোমাক মাতিছিলোঁ... হয়তো নুশুনিলা... কিন্তু জানিছিলোঁ মই...লগ পাম আমি আকৌ। সদায় বাট চাই আছিলোঁ, তুমি আহিলে এনেকৈ কৰিম, তেনেকৈ কৰিম...আৰু চোৱা। আজি আহিলা তুমি..."
সৰসৰকৈ চকুপানী সৰিছিল মোৰ...তাইৰ শান্ত,নিৰ্মল মুখখনত ফুলি উঠিছিল এপাহি ফুল।
কিমান প্ৰেম থাকিলে বিনা কাৰণত চকুপানী সৰে!
কিমান প্ৰশান্তি লভিলে ফুল হৈ ফুলি উঠে!
চকমকাই সাৰ পাইছিলোঁ।
তাই নাছিল ।।। কিন্ত মোৰ লগতে আছিল তাই,অনুভৱ মিছা হব নোৱাৰে...
নিজকে লগ পোৱাৰ কি এক মাদকতা!
মোৰ যে কব থাকি গল...
ভাল পাওঁ...
ভাল পাওঁ তোমাক।