- rajashreedeviyoga
বৈ যা ঐ... বৈ যা
হিয়াৰ একোণত আপোনাৰ, মোৰ, সকলোৰে থাকে এখন "নিজৰ বুলি নদী।"
হয় ন?
যত আমি নিজৰ লগত উমলি ফুৰিব বিচাৰোঁ। নদীৰ সোঁত বিচাৰি হাবাথুৰি খাওঁ কেতিয়াবা। বিশেষকৈ যেতিয়া সময় আমাৰ লগত নাথাকে। দুখবোৰ...কথাবোৰ... গুপুতে ভৰাই থওঁ এটি এটি কৈ, নদী যে ভৰযৌৱনা...
বৈ যাব দিয়ক...
যিমানে আপুনি কথাবোৰ "অকল নিজৰ" বুলি ভাবি খামুচি থাকিব... সিমানে নদীখনে নিজস্বতা হেৰুৱাব।
কাৰণ নদী যে কেতিয়াও থমকি ৰব নোখোজে...
আপুনি, মই কেনেকৈ ধৰি থম বাৰু!
জীৱন ধুনীয়া...
হিয়া উজাৰি বিলাই দিয়ক...
9 views0 comments