• rajashreedeviyoga

বিবাহিতা

১) এইমাত্ৰ পোৱা Certificate খন বুকুত লৈ আকৌ এবাৰ শুঙি চালে তাই। তাইৰো যে এখন আকাশ আছে বিয়াৰ পিছতহে যেন বুজি পালে... ২)"মই pregnant, ইমান..." কথাষাৰ শেষ হোৱাৰ আগতেই তাৰ কানতলিয়া চৰত বাগৰি পৰিল তাই। ৩)গোটেই বাচনখিনি ধুই আহি সকলোকে টিভিত ব্যস্ত থকা দেখি তাই ৰ লাগি চালে," ময়ো যদি লৰা হলোঁ হয়!" ৪) শাহুৱেকে জোৰকৈ চাকৰিলৈ পঠোৱা দিনা তাই বুজি পাইছিল... মাকক যে ঘূৰাই পালে। ৫) কেৰাহীখন লৰাই বেকাকৈ হাঁহি মাৰি ভাত বনাই থকা গিৰিয়েকৰ পেটত খুচ এটা মাৰি দৌৰ দিলে তাই। ৬) " নিজৰ চুলিখিনিও যেতিয়া নিজৰ মতে কাটিব নোপোৱা, তাত থাকে কি ভালপোৱা? " গান গাই হুমুনিয়াহ এটা কাঢ়ি চুলিখিনি খোপা বান্ধিবলৈ ধৰিলে তাই।

  • Black Facebook Icon
  • Black Instagram Icon
  • Black Pinterest Icon
  • Black Twitter Icon

© 2020 by YogaTales. Proudly created by Bite Crawler

  • Black Facebook Icon
  • Black Instagram Icon