• rajashreedeviyoga

বিবিজানৰ আঠু

মা চৰকাৰী চাকৰিয়াল আছিল গতিকে খুব সৰুতেই আমি দিনটো আনৰ লগত থাকিবলগীয়া হৈছিল। সেই সময়ত এতিয়াৰ দৰে ছমাহ ছুটি পোৱা নাছিল। গতিকে থাক বেলেগৰ লগত। বিবিজান আছিল মোক চাই মেলি দিয়া ধাই। সিমান বিতং নাজানো কিন্তু তেওঁ মালিচ কৰি দিছিল বুলি খুব শুনিছোঁ। আমাৰ ফালৰ বহুতে বিবিজানক নিশ্চয় চিনি পাব। যিসকল চাকৰিয়াল মাক তেওঁলোকে নিশ্চয় বুজি পাব, পোৱালিক থৈ চাকৰি কৰা কেনেকুৱা লাগে। (উই মা...মই কিন্তু নোৱাৰো দেই🤣) মায়ে দুখ কৰে এতিয়াও মাজে মাজে বৰ সৰুতে এৰা বুলি কিন্তু উপাই নাই যেতিয়া আৰু তেনেকেই ডাঙৰ হৈছিলোঁ। সৰু আছিলোঁ, ( সেইয়া সোধাই নাই আজিলৈকে) মাক দেখিলে কোলাত যাবলৈ কান্দিবলৈ পৰা হোৱা সময়। সেয়ে মায়ে মই নেদেখাকৈ যাবলগীয়া হয়। সেইদিনাও মোক বিবিজানে পিছফালে লৈ গল, মাহঁত ওলোৱাৰ সময় হোৱাৰ বাবে। মা উলাইছিলেই, আকৌ ঘূৰি আহিল পিছফালে বাথৰুমলৈ বুলি... মই দেখিলে আমনি কৰিম বুলি হাতত সাৰে ভৰিত সাৰে মায়ে বাথৰুমৰ পৰা ঘূৰি যোৱাৰ সময়ত দেখিলে... মই বিবিজানৰ শাৰীৰ পৰা উলাই থকা আঠু পৰম তৃপ্তিৰে চুপি আছোঁ । কৃষ্ণ 🤦

  • Black Facebook Icon
  • Black Instagram Icon
  • Black Pinterest Icon
  • Black Twitter Icon

© 2020 by YogaTales. Proudly created by Bite Crawler

  • Black Facebook Icon
  • Black Instagram Icon