- rajashreedeviyoga
ফুল ফুলক ৰদৰে ফুল
ফুল ফুলক
ৰদৰে ফুল
হৃদয় সেউজী ধৰা...(জুবিন মৰমৰ)
বহু বছৰ বাট চালোঁ তুমি আহিবা বুলি...
দুখবোৰ সামৰি থলোঁ তোমাক পাম বুলি...
হাঁহিৰে মচিলোঁ চকুলো তোমাৰ হাঁহি বুটলিম বুলি...
নাহিলা...
হয়তো আহিবা...
হয়তো ফুলিব ফুলপাহ।
(আজি পাতিম বিবাহিত জীৱন, যৌন জীৱন আৰু এপাহ ফুলৰ কাহিনী। )
খঙে দুখে জৰ্জৰিত হৈ তাইৰ চকুলো বৈ আহিল। চিঞঁৰি কান্দিবলৈ তাইৰ উপায় নাই। দুৱাৰত কাণ থৈ চাগে পৰিয়ালে কিনো কৰিছে শুনি আছে। চুবুৰীয়াৰ চাৱনি, সমাজৰ প্ৰশ্ন...
সি আছে বাবেই চাগে তায়ো আছে ইমানদিনে। সিয়েই সাহস। চকু মচি উঠি গৈ আইনাত চালে নিজকে। ধুনীয়া তাই, আৰু প্রশ্রয় নিদিয়ে তাই আনক।।। জীৱন সুন্দৰ কৰিব তাই, সি সাহস দিব। তাই জানে।
বিয়া হোৱাৰ পিছত সন্তান নোহোৱা মানেই শেষ আৰু সকলো। আনৰ দুখ বেদনা,ইচ্ছা অনিচ্ছা মাৰ' গুলি, সিহঁতৰ সন্তান লাগে মুঠতে।
1) সিহঁতক নালাগিলেও আমাক লাগে, ন'? কাৰণ ডাঙৰ আমি কৰিম, টকা পইচা, গোটেই জীৱনৰ ঠিকা আমি লম। মাত্ৰ সিহঁতৰ সন্তান হলেই হল।
2) সন্তান নোহোৱা সকলক লাগে প্ৰশ্নৰ তালিকা। যিমান পাৰি প্ৰশ্ন কৰক, কিয় হোৱা নাই, তাইৰ মাহেকীয়াৰ কিবা আছে নেকি, স্বামীৰ লগত সম্বন্ধ নহয় নেকি, যৌন ৰোগ আছে নেকি, চাকৰি কৰি থাকিলেই হব নেকি?
3) কুণ্ডলী মিলোৱা নাছিল চাগে ভালকৈ, তাই চাগে নীতি নিয়ম মানি নচলে, বেলেগ ছোৱালী চাম নেকি?
4) ইহ , সিহঁতে সন্তান নালাগে বুলি কলেই হবনে? না না না এইটো নাথাকিলে মানুহ সুখী হবই নোৱাৰে।
5) লৰাটোলৈ বেয়া লাগে পাই। কি যে হব !
6) আমাৰ বোৱাৰীক কিন্তু সেইজনীৰ লগত বেছি মিলামিছা কৰিব নালাগে বুলি কৈ দিছোঁ। ঠিক নাই তো, নজৰ লাগিব।
আৰু তাতোকৈ জমনি কথা আপুনি নিজে কিন্তু স্বাস্থ্য সম্বন্ধীয় বৈজ্ঞানিক কথাবোৰ সম্পৰ্কে সম্পূৰ্ণ অজ্ঞ, বুজালেও যে বুজি পাব সেইখিনিও সন্দেহ। কিন্তু মানুহৰ মন বুজি পোৱাত আপুনি পাকৈত। নমস্কাৰ।
বিবাহিত সকললৈ (যিসকলে এইবোৰ পাই আছে) সাহস আৰু মৰম দিলোঁ।
(উপায় দিবলৈ মোৰ কোনো স্বাস্থ্য বিভাগৰ ডিগ্ৰী ইত্যাদি নাই। গতিকে উপায় বুলি নকওঁ। মনলৈ অহাবোৰ যিদৰে লিখি যাওঁ...তেনেদৰেই পঢ়িব)
১) দুটা বস্তু লাগে আমাক সকলোকে। "Acceptance(মানি লোৱা)", "let go(এৰি দিয়া)"।
যদি দৈহিক কিছুমান সমস্যাৰ বাবে( আপোনাৰ বা আপোনাৰ পত্নীৰ) সন্তান হোৱাৰ সম্ভাৱনা নাই, মানি লওঁক খোলা অন্তৰেৰে(acceptance), কাৰণ এইবোৰ আমাৰ হাতত নাথাকে। যিবোৰ কথা আমাৰ হাতত নাথাকে, মানি লওঁক আৰু নেদেখা শক্তিৰ হাতত নিজকে সমৰ্পন কৰি(surrender) কৰি এৰি দিয়ক(লেট গ')। জীৱন ফুলেৰে ভৰি পৰিব, চাবচোন।
2) যিসকলে চেষ্টা কৰি আছে তেওঁলোকলৈ... সন্তান লাগেই বুলি ধৰি লৈ সম্পর্কবোৰ জটিল কৰি নিদিব। মানসিকভাবে নিজকে খোলা কৰক, সকলোতে মনটো আগতে আহে, হাজাৰ আসন কৰিও মনটো কোঁচ খুৱাই ৰাখিলে নহব। আপুনি নিজৰ পত্নী বা পতিক ভাল পাই কাৰণেই দৈহিক ভাবে আকৰ্ষিত হওঁক, দুয়োৰে মিলন হওঁক। হিচাপ নিকাচ কৰি নাথাকিব বেছি, সন্তান লাগে বাবেহে মিলন হয়, এনে যাতে নহয়। সন্তান লাগে কথাটো এৰি দিয়ক, দুয়ো প্ৰেমত ডুবি থাকক। In a word, be stressfree.
এইবোৰ কথাই বিশেষকৈ মহিলাগৰাকীক প্ৰভাৱিত কৰে বেছিকৈ। কিন্তু পুৰুষেও সহিব লগীয়া হয়। দুয়ো ভোগে হতাশাত। জীৱন সুন্দৰ, যদিহে কথাবোৰ ইতিবাচক দিশেৰে আগবাঢ়িছে। আৰু তাৰ বাবে আপোনাক নালাগে আনক উত্তৰ দিবলৈ। জীয়াই থকা মানেই জীৱন উপভোগ কৰা নহয়, আপুনি যাতে উপভোগ কৰিব পাৰে জীৱনটোক। শুভেচ্ছা থাকিল।