• rajashreedeviyoga

প্ৰেম জনমে জনমে

Updated: Apr 24, 2020

বহু ভাবি চিন্তি তাৰ প্ৰেমৰ কথা তাইক কব বুলি ঠিক কৰিলে সি। আচলতে তাইৰ প্ৰেমত পৰা বহুদিন হল, কবলৈহে সাহস হোৱাগে নাই তাৰ। ফেচবুকত ছোৱালী চোৱাৰ সমান মজাৰ কাম নাই আৰু। ফটক কে ছোৱালীৰ নামত একাউণ্ট এটা খুলি ল আৰু বছ খেল আৰম্ভ। সি যে কিমানটা গ্ৰুপত সোমাই লৈছে তেনেকৈ। কি কি পকপকাই ছোৱালীবোৰে তাৰ চব আন্দাজ হৈ গৈছে। মডেল যেন লগাৰ পৰা আৰম্ভ কৰি দুখত থকা আন্টিলৈকে সি " টোকৰীয়াই" চাইছে। এইবোৰ কৰি থাকোতেই সি প্ৰেমত পৰিছিল তাইৰ। প্ৰেম মানে একদম হাবু দুবু খোৱা প্ৰেম। গ্ৰুপত নিজৰ ফটো এখন দিছিল তাই, সি চকু আঁতৰাব নোৱাৰিলে সিদিনাৰ পৰা। কথা পতা আৰম্ভ কৰি যেন দুগুণ গধুৰ হৈ গল তাৰ প্ৰেমৰ টোপোলাটি। ইমান মিঠাকে , ইমান মৰমৰে কেনেকৈ যে কথা কব পাৰে তাই! ৰৈ থাকে সি দিনটো তাই কেতিয়া অনলাইন আহিব, কেতিয়া কথা পাতিব। বেষ্ট ফ্ৰেইণ্ড বুলি মাতিছে তাই সিদিনা তাক। তাই বোলে নিজৰ কোনোবা বহুদিনৰ চিনাকি মৰমৰ লগৰ এজনী পোৱা যেন লাগে তাৰ লগত কথা পাতিলে।

"ক্যা তুমনে কভি কিছিছে প্যাৰ কিয়া হেই?" ঋষি কাপুৰ ষ্টাইলত সি পজ এটা দি চেলাউৰী নচুৱাই নচুৱাই মেছেঞ্জাৰ খুলিলে। "আহা প্ৰিয়ে, দৰ্শন দিয়া।" বুলি ভাবোতেই পুতুংকে তাইৰপৰা "হেল্লো" বুলি আহিলেই। "তাক ধিনা ধিন"... তাৰ বুকুত ধুম ধাম বাজিব ধৰিলে। আজি সি কৈয়েই এৰিব। আৰু নোৱাৰে সি, সঁচা প্ৰেম কৰিছে সি। হব পাৰে ভুল, ভুল জানো মানুহৰ নহয়? সি জানে তাই নিশ্চয় বুজি পাব তাক।

"হাই, কি কৰিছা?" তাই আকৌ মেচেজ দিলে। "তোমাক কথা এটা কব আছিল।"

"কোৱা আকৌ।"

"মোক ভুল নুবুজিবা টো? আমাৰ ফ্ৰেণ্ডছিপ্ ৰ প্ৰমিজ খোৱা।"

"কি কথা ইমান যে প্ৰমিজ? সব ঠিকে আছেনে? কিবা প্ৰব্লেম হৈছে নি? মোৰ টেনচন হে হৈছে শুনি।" "তোমাক একদম চিক্ৰেট কথা এটা কম।"

"ও কোৱাছোন ।"

"তোমাক মই বহুত ভাল পাওঁ, তোমাক দেখাৰ পৰা মই একদম ভালকে থাকিব পৰা নাই, বহুত ভাল পাওঁ তোমাক। মই আচলতে লৰা হয়, ফেইক একাউণ্ট চলাই আছোঁ, কিন্তু মই বেয়া লৰা নহয়, এনেই ফুৰ্তিত কৰিছিলোঁ। তোমাক লগ পোৱাৰ পৰা মই বুজিছো প্ৰেম কেনেকুৱা। তুমি ভুল নুবুজিবা, মই সব এৰি দিম তোমাৰ কাৰণে। অকল তোমাৰ কথা শুনিম। "

"*লা মই নিজে লৰা হয়।"

...টাইপিং টাইপিং টাইপিং...

ব্লক্দ্ ব্লক্দ্ ব্লক্দ্...

7 views0 comments

Recent Posts

See All
  • Black Facebook Icon
  • Black Instagram Icon
  • Black Pinterest Icon
  • Black Twitter Icon

© 2020 by YogaTales. Proudly created by Bite Crawler

  • Black Facebook Icon
  • Black Instagram Icon