- rajashreedeviyoga
প্ৰতিশোধ
"কোনে খাব? আজিলৈকে ভাল হৈছেনে? মই কিন্তু নাখাওঁ। "
তাৰ কথা শুনি থৰ হৈ ৰ'ল তাই। কেনেকৈ কৈ দিলে একে উশাহতে? কিমান উৎসাহেৰে কলখিনি লৈ গৈ তাক দেখাইছিল তাই।
"আজি কলৰ পিঠা বনাম, এইখিনি বেয়া হৈছে অকণ, পেলাই দিবও বেয়া লাগে। যি অৱস্থা আজিকালি। " তাইৰ নিজৰে খুব খাব মন গৈছিল, গতিকে ফটাফট বনাই থওঁ বুলি উলাহতে দেখুৱাব গৈছিল তাক।
একো নকলে তাই, সৰুকৈ মিচিকিয়া হাঁহিটো মাৰি গুচি আহিল তাই। তাৰ চকু কম্পিউটাৰত, work ফ্ৰম হম তাৰ। মিচিকিয়া হাঁহি ৰূমটোতে থৈ আহি তাই দৌৰাদৌৰিকৈ পাকঘৰত সোমাল। দুপৰীয়াৰ ভাত খাই উঠিছেহে সিহঁত, তথাপি এতিয়াই বনাই নথলে পিছলৈ সময় নাপাব তাই। ময়দাৰ টেমা বিচাৰি বিচাৰি নাকটো খজুৱালে তাই। অলপ পিছতে কল কল গোন্ধ এটা বিয়পি পৰিল ঘৰখনত।
"work ফ্ৰম হোম শেষ, এতিয়া work ফৰ হোম।" অফিচিয়েল ক'লটো থৈ লগ অফ হল সি। "পিঠি বিষ উঠি যায় অ, আৰু যে কিমানদিন এনেকৈ।" কম্পিউটাৰ টেবুলৰ পৰা উঠি চিধাই বিচনালৈ বাট পোনালে সি। "আই অ এতিয়াহে শান্তি" বুলি গাটো বিচনাত পেলাই এঙামূৰী এটা দিলে।
"মুখ খোলা"
তাৰ উত্তৰলৈ বাট নাচাই তাই ভৰাই দিলে মুখত কিবা।
"কি হয়?
উম...মই এইটোৱেই বিচাৰি আছিলোঁ, এতিয়া গম পাইছোঁ। খাই ইমান ভাল লাগিছে। কি হয়।?"
"কলৰ পিঠা।"
"ইমানদিনে কিয় এনেকৈ বনোৱা নাই?সদায় সদায় ইমান বেয়া হয়। আৰু এটা লাগে মোক।"
ডাঙৰকৈ মিচিকিয়া হাঁহি এটা মাৰি তাই দৰ্জাত থিয় হৈ চাই পঠিয়ালে তালৈ।
"সেইটো লাষ্ট আছিল।"