• rajashreedeviyoga

পিতৃৰ প্ৰতিও হওঁক সচেতন

সন্তান জন্ম হোৱাৰ লগে লগে মাতৃ এগৰাকী যিদৰে স্বাভাৱিক ভাবে বিভিন্ন মানসিক চাপৰ মাজত ভোগে(তাৰ মাজত ডিপ্ৰেছনটো আছেই) ঠিক তেনেদৰে পিতৃ এজনো একেই চাপ আৰু দায়িত্বৰ মাজত চলিব লগীয়া হয়। অৱশ্যে আপুনি যদি তথাকথিত "মাহঁত আছে" ধৰণৰ সেই আইতা, মাহঁতৰ যুগৰ লৰা তাত বাৰু কেনে অভিজ্ঞতা হয়,মই নাজানোঁ।

নতুন দায়িত্ব আৰু নতুন সম্বন্ধৰ আৰম্ভণিত দেউতাক সকলে মাতৃ গৰাকীৰ প্ৰতিও সচেতন হৈ থাকিবলগীয়া হয়, শিশুটিৰ লগে লগে। এতিয়াও সমাজত পিতৃ সকলৰ বাবে কোনো প্ৰশিক্ষণ দিয়া নহয়, শিশুৰ জন্মৰ পিছত কিদৰে গা ধোৱাব লাগে, ধৰিব লাগে,তেল লগোৱা, ডাইপাৰ পিন্ধোৱা, শ্বেদল কৰা ইত্যাদি। এইখিনি জৰুৰী, সন্তান জন্ম হোৱাৰ আগত মাক দেউতাক দুয়োকে প্ৰশিক্ষণ দিয়াটো। লগতে মানসিক ভাৱে কিদৰে সুস্থ হৈ থাকিব পাৰি এই বিষয়েও বাধ্যতামূলক আলোচনা কৰাটো জৰুৰী বুলি ভাবো। অৱশ্যে মাক সকলৰে কোনো প্ৰশিক্ষণ নাই, পিতৃটো এতিয়াও দূৰতে আছে।


মানসিক চাপ আৰু নতুন দায়িত্বত ভাৰসাম্য ৰক্ষা কৰিব নোৱাৰিলে যিকোনো সম্বন্ধত অশান্তিৰ সৃষ্টি হোৱাটো স্বাভাৱিক। নতুন সন্তানৰ আগমনে যিদৰে নতুন পোহৰ লৈ আহে, সেইদৰে কিছুমান প্ৰশ্নও লৈ আহে যিটোৰ সমাধান লগে ভাগে মিলিহে কৰিব পাৰি।


সঁচা অৰ্থত দায়িত্ব পালন কৰা প্ৰত্যেক গৰাকী "দেউতা হলো" বুলি কঁপা কঁপা মাতেৰে কোৱা সকললৈ শুভেচ্ছা যাছিলোঁ। নতুন যাত্ৰা শুভ হওঁক।



সকললৈ শুভেচ্ছা যাছিলোঁ। নতুন যাত্ৰা শুভ হওঁক।

11 views0 comments

Recent Posts

See All
  • Black Facebook Icon
  • Black Instagram Icon
  • Black Pinterest Icon
  • Black Twitter Icon

© 2020 by YogaTales. Proudly created by Bite Crawler

  • Black Facebook Icon
  • Black Instagram Icon