• rajashreedeviyoga

পিতৃ হোৱাৰ সুখ...আপুনি সাজু নে সন্তানক আদৰিবলৈ? 

" মোৰ "মানুহ জনী" pregnant, টকা পইছাৰ হিচাপ মই কৰিম, বাকী মাহঁত আছে যত্ন লবলৈ।" বুলি যদি ভাবি আছে, উঠক এতিয়াই আৰু আইনাখনত নিজকে এপাক চাই লওক , এৰা আপুনিয়েই পিতৃ হবলৈ ওলাইছে, আপোনাৰ মৰমৰ পত্নীৰ গৰ্ভত আপোনাৰ সন্তানে আপোনাৰ লগত খেলিবলৈ ৰৈ আছে। ধিপধিপ কৈ বাজি আছে আপোনাৰ সন্তানৰ বুকু তেওঁৰ গৰ্ভত যাক আপুনি "সুখে দুখে আমি একেলগে" বুলি নিজৰ কৰি আনিছিল। তেন্তে এই সুখখন আপুনি ভগাই লবলৈ কিমান সাজু? মানিছো, আপোনাৰ পৰিয়াল, তেওঁৰ পৰিয়াল আছে যত্ন লবলৈ, কিন্তু আপোনাৰ যত্ন আৰু মৰম তেওঁৰ কাৰণে আটাইতকৈ জৰুৰী আৰু ভাল। গতিকে উশাহ এটা লৈ সাজু হওঁক দেউতাক হবলৈ। 😁 কি কলে? এইবোৰ "ছোৱালী মানুহৰ কথা"? আইঔ দেহি? সেইবোৰ যুগ কেতিয়াবাই গল। আপুনি ছোৱালীক বিয়া কৰা নাই জানো? বিয়াৰ দিনাই "ছোৱালী মানুহৰ কথা" আপোনাৰ কথা হৈ গল অ। 🤣 গতিকে নিজৰ ধৰ্ম এটাই এতিয়া, নিজৰ গৰ্ভৱতী পত্নীৰ যত্ন লোৱা আৰু তেওঁক এগাল মৰম কৰা। লগতে পেটত থকা সন্তানটিৰ লগত উমলি কথা পতা। 👼 মাতৃ হবলৈ সাজু হোৱা সকলেও যিমান পাৰি নিজৰ পতিৰ লগত আলোচনা কৰক, তেওঁক সহায় কৰক পিতৃ হোৱাৰ সুখ কেনে বুজিবলৈ। ই এক যাত্ৰা দুয়ো দুয়োৰে লগৰী হৈ সন্তানক আদৰি অনাৰ। পঢ়িবলৈ সুবিধা হবলৈ numbering কৰি দিছোঁ ১)পত্নী depressionত যাতে নাথাকে তাৰ দায়িত্ব আপোনাক দিলোঁ। কাৰণ pregnancy hormonesৰ বাবে তেওঁ depression হোৱাৰ সম্ভাৱনা থাকে, তেওঁৰ মনৰ কথা শুনিবলৈ প্ৰতিটো সময় যাতে আপুনি তেওঁৰ লগত থাকে। 😍 ২)আৰু এটা কথা মন কৰিব যে সেই সময়ত হৰমনৰ প্ৰভাৱত তেওঁৰ কথাবোৰ কিবা কিবি হবও পাৰে mood swing'ৰ বাবে। কেতিয়াবা খুব দুখ কেতিয়াবা আকৌ খুব খং উঠিবও পাৰে তেওঁৰ কোনো কাৰণ নথকাকৈ, তেওঁক বুজিবলৈ চেষ্টা কৰক, আৰু মৰমেৰে সহায় কৰক। সন্তান জন্ম দিয়া ইমান সহজ জানো? 😉 ৩)আপোনাৰ মাহঁতে যে গৰ্ভৱতী মহিলাৰ সকলো কথা জানে বা তেওঁলোকে কোৱা সকলো কথাই শুদ্ধ সেই কথা আপুনি আৰু আপোনাৰ পৰিয়ালে যদি ভাবি আছে, অকণমান ডক্তৰকো সুবিধা দিয়ক। এই কথাৰ কাৰণে মোক বেয়া পালেও উপায় নাই , কিন্তু মাহঁতৰ সময় বেলেগ আছিল, এতিয়া বেলেগ। গতিকে আপোনাৰ পত্নী আৰু ডাক্তৰৰ কথাত গুৰুত্ব দিয়ক । বহুত কথা আছে যিটো মাহঁতে নাজানে(এইটো কথা পত্নীৰ মাকৰ ওপৰতো প্ৰযোজ্য দেই) যদি জানে সেয়া বেলেগ কথা বাৰু। ৪) ইতিমধ্যে দেউতাক হোৱা সকলৰ পৰা পৰামৰ্শ লওক, কিছুমান কথা তেওঁলোকে ভালকৈ বুজাব পাৰিব। ৫) পত্নীৰ স্বাস্থ্যৰ (দৈহিক, মানসিক) প্ৰতিটো সৰু সৰু কথা আপুনি মনত ৰাখক। তেওঁ সেই সময়ত পাহৰি যাব পাৰে সৰু সৰু কথা। (মই যেনেকৈ weight জুখি আহি লগে লগে পাহৰি গৈছিলো🤦🤣) ৬) "Let go" বোলা ধাৰণাটো খুব জৰুৰী এই সময়ত। আগৰ lifestyle এতিয়া আৰু নাপাবও পাৰে, কিন্তু নিজৰ সন্তান এটি কোলাত পাব দেখোন! গতিকে আগতে কেনেকুৱা আছিল, অমুক তমুক কৰিছিলোঁ ...নাই সেইবোৰ নাভাবি নতুন জীৱন এটি আঁকোৱালি লবলৈ positive thinking লৈ আগবাঢ়ক। Digital worldত নিজকে ব্যস্ত নাৰাখি পত্নী আৰু সন্তানক সম্পূৰ্ণ সময় দিয়ক। কিমান ভাল লাগে যেতিয়া পেটত থকা পোৱালি মোৱালীটোৱে আপুনি অফিচৰ পৰা ঘৰলৈ অহাৰ পিছত আপোনাৰ মাত শুনিয়েই পেটৰ ভিতৰত ধুমধাম নচা আৰম্ভ কৰে? পাইছেনে আপুনি? ভাল নালাগেনে? বহুত বহুত শুভেচ্ছা থাকিল পিতৃ সকললৈ। মৰম আৰু সময় সেইয়াই লাগে আমাক।

11 views
  • Black Facebook Icon
  • Black Instagram Icon
  • Black Pinterest Icon
  • Black Twitter Icon

© 2020 by YogaTales. Proudly created by Bite Crawler

  • Black Facebook Icon
  • Black Instagram Icon