- rajashreedeviyoga
ডিব্ৰুগড়
আমাৰ খুব কম যোৱা হয় উজনি অসম, কলেজ আৰু Universityত পিছে বহুত লগৰ পাইছো। ২০১০চনত প্ৰথমবাৰ গ'লো । প্ৰথমবাৰৰ বাবে গৈছো, দেউতাৰ লগত। দাদাৰ হোষ্টেলৰ এগাল আছে তাত,গেহৰা লোকেল, গোটেই হোষ্টেল যেন উঠি আহিল… মই বোলো বাপৰে,এইটো কম নহয়, বেলেগ পপুলাৰ।🙄 তাৰে এজনে বেগটো লৈ ৰেলৱে ষ্টেচনৰ পৰা মেইন ৰ'ডলৈ পোৱালেহি(তেতিয়া মেইন টাউনত আছিল প্ৰথম যাওঁতে, পিছত বহুত দুৰ হ'ল, তেতিয়া আৰু নোযোৱা হ'লো)। মেইন ৰডত ৰৈ সি ইফাল সিফাল চাই ক'লে," বিক্ৰম আহিব অলপ পিছত।" ৰৈ আছো কোন আৰু দাদাৰ লগৰ বিক্ৰম বোলাটো আহিব বুলি। "টেম্প'" এখন অহাত সি "খুৰা, ভণ্টি উঠক" বোলে। দেউতাই ক'লে," বিক্ৰম আহিব যে, তালৈ নৰখা নেকি?" ধেইত তেৰিকা, বিক্ৰম মানে টেম্প' বুলি তেতিয়াহে গম পালো। 😕😝🤣🤣🤣 যি নহওঁক, দাদাৰ লগৰবোৰে আৰু সিহঁতৰ গোটেই পৰিয়ালসমূহে ইমান মৰম দিলে আৰি ইমান সহায় কৰিলে যে হিয়া ভৰি গ'ল আমাৰ। 🤗🤗🤗🤗 ডিব্ৰুগড়ৰ জলবায়ু মোৰ লগত একদম ৰাহিজোৰা নিমিলেহে নিমিলে। সিৰসিৰাই যায় অ' যি বতাহ।😒😔 মই ইফালে গৰম দেশত থাকি ভাল পোৱা মানুহ, মানে দেহাই নামানে। গতিকে প্ৰায়ভাগ সময় মোৰ কিবা নহয় কিবা বেমাৰ লাগিয়ে থাকিল। এদিন "বিক্ৰম" দাদাজনক ক'লো ভাল ডক্টৰ এজনৰ নাম কওঁক। সিও ক'লে তই অমুক জাগালৈ আহ, মই ৰৈ থাকিম। সি থাকিব যেতিয়া জাগাৰ নামটোত মই গুৰুত্ব নিদিলো, গৈ আছো, গৈ আছো,নামটো মনত নপৰেহে নপৰে। উপায় নাপায় আকৌ ফোন কৰিলোঁ, " কি নাম আছিল ? কি বজাৰ? ধহম? গৰম?" 🤤মোৰ ইমান গাধা যেন লাগিল নিজকে, সি সিফালে টেঁটুফালি চিঞঁৰিছে আৰু মই একোৱে বুজি পোৱা নাই। মোৰ ধহম,গৰম শুনি অৱশেষত মানুহ এগৰাকীয়ে "গ্ৰাহাম বজাৰ অ'" বুলি জোকাৰিলে মোক। হিঃ হিঃ হিঃ, তেতিয়াহে যি শান্তি।😝 আটাইতকে বেছি ভাল লাগিল এটা কথাত, শিক্ষকসকলে চাইকেল চলাই আহে(কেইজনমান), লগতে বেছিভাগ হোষ্টেলৰ ছোৱালীয়েও কেম্পাছত চাইকেল চলাই অহা যোৱা কৰে। ইমান সাধাৰণ মানুহৰ দৰে তেওঁলোকে চাইকেল খন চলাই লৈ যায়, সঁচাকৈ অনুকৰণীয়। 🚴🚴 তামোলৰ পিকবোৰ কিন্তু মানিব লাগিব, ইমান ডাঙৰ বহলকৈ পিকায় অ' বাপ্পা ঐ। মই তাত গৈহে ইমান আহল বহল পিক দেখা পাইছো। 🙆 সেই তেতিয়া হিট হৈছিল "তুমি জিলিকি জিলিকি থকা সৌ দুৰ আকাশৰ তৰা"👯💃 আৰু বহুত কথাই মনত পৰিছে, কুমাৰণীছিগা আৰু কি কি নাম আছিল পাহৰিছোঁ। তাত লগ পোৱা আটাইকে মাজে মাজে মনত পৰে। বৰ ধুনীয়া আৰু মৰম দিব জনা ঠাই। মিছ কৰোঁ দেই😉😉😌😘😘