• rajashreedeviyoga

চন্দন আৰু চম্পাৰ যুগমীয়া প্ৰেম

Updated: Aug 14, 2019

"অসীমত যাৰ হেৰাল সীমা"ৰ চম্পা আৰু চন্দনক চিনি নোপোৱা কোনো নোলাব চাগে…ঠিক তেনেদৰে আমাৰ মণিপুৰী সমাজতো চন্দন আৰু চম্পাৰ প্ৰেম অতুলনীয়। আচৰিত লাগে ভাবিলে, কেনেকৈ যে নামদুটাও মিলি গৈছে। আমাৰ সমাজত বিয়া সবাহত সকলোৱে চন্দন লগায় নাক,কপাল আৰু ডিঙিত ।বিশেষকৈ বিয়াত লগাবই আটায়ে। শ্ৰাদ্ধলৈ গ'লে অকণ সৰুকৈ লগায়, পৰিস্হিতি সাপেক্ষে। খুব পৱিত্ৰ এই চন্দন। বিয়াৰ দিনা দৰা, কইনাই লগোৱা চন্দন একদম special …চন্দন অঁকাত expert এজনে অকণো ভুল নোহোৱাকে এবাৰতে আঁকিব লাগে,এবাৰো যাতে মুচিবলগীয়া নহয়। সৰু বাঁহৰ কাঠী এডাল ব্যৱহাৰ কৰা হয়। মোৰ বৌ এইবোৰত তামাম, মোৰ বিয়াত তাই আটাইকে আঁকি দিছিল। এইবাৰ আহিছো চম্পাৰ কাহিনীলৈ।ধুনীয়াকৈ মণিপুৰী "ফনেক(মেখেলা) ফিদোপ(চাদৰ)" পিন্ধি চন্দন লগাই ঘৰৰ পদূলিতে থকা গছৰ পৰা চম্পা ফুলপাহ মেলি দিয়া চুলিখিনিত বা খোপাত লগাই সাজু হয় বিয়ালৈ বুলি। কণমানীজনীৰ পৰা আৰম্ভ কৰি আইতাজনীলৈকে আটায়ে যেন এই দিনটোলৈকে ৰৈ আছিলে। চন্দন আৰু চম্পাৰ মিলনত যেন সমগ্ৰ পৃথিৱীখনেই সাক্ষী হোৱাৰ আশাৰে ঢাপলি মেলে বিয়ালৈ বুলি…

3 views0 comments

Recent Posts

See All
  • Black Facebook Icon
  • Black Instagram Icon
  • Black Pinterest Icon
  • Black Twitter Icon

© 2020 by YogaTales. Proudly created by Bite Crawler

  • Black Facebook Icon
  • Black Instagram Icon