- rajashreedeviyoga
গৰ্ভৱতী মাতৃলৈ বুলি
সৰু সৰু কথা...মনলৈ অহা ১) গৰ্ভৱতী মহিলা সকলে সন্তান জন্ম হোৱাৰ আগতেই নিজৰ নিপল চেক কৰিব, কিছুমান নিপল সোমাই থাকে, সেইয়া আগতীয়াকৈ ডাক্তৰক জনাই ঠিক কৰাই লব। শেষ মুহূৰ্ত্তত দিগদাৰ হব নহলে। ২) এপিদিউৰেল যদি ব্যবহাৰ কৰিম বুলি ভাবিছে আগতীয়াকৈ জনাব ডাক্তৰক। মই গৰ্ভৱতী থকা অৱস্থাত প্ৰি নাটাল ক্লাছত কৈছিল যে পেইন কোনে কিমান সহ্য কৰিব পাৰে সেইয়া মানুহ মানুহ লৈ বেলেগ, গতিকে এপিদিউৰেলৰ প্ৰতিক্ৰিয়া ও মানুহ মানুহ লৈ বেলেগ হব। সম্পূৰ্ণ পেইনলেছ বুলি যাতে ভাবি নাথাকে। এতিয়া আহো মোৰ ডাক্তৰৰ কথালৈ...আমি সুধিছিলোঁ, ইয়াৰ সুবিধা, অসুবিধা। মোক উৎসাহিত নকৰিলে তেওঁ, নৰ্মেল দেলিভেৰীত যিহেতু পুছ(push) কৰিব লাগে মাকে, গতিকে কেতিয়াবা পুছ কৰিব নোৱাৰিব পাৰে বুলি তেওঁ কলে। আমিও গতিকে নোলোৱাকৈ পাৰিম বুলি ভাবিলো। লেবাৰ পেইন যেতিয়া হাই লেভেল হলগৈ, মই তাক এবাৰ কলো, লওঁ নেকি? সি সুধিলে লগত থকা ডাক্তৰক কিন্তু তেতিয়া দেৰি হল বুলি কলে। ভগৱানে সাহস দিছে তাৰ মানে পাৰিম বুলি দুগুণ উৎসাহ পালোঁ সেইয়া শুনি।😁 3)সন্তান জন্ম হোৱাৰ পিছত হস্পিটেল এৰাৰ আগত ডাক্তৰৰ পৰা সকলো জানিবলৈ চেষ্টা কৰিব। মাক বাপেক স্মাৰ্ট হবই লাগিব, আজিকালি কিছুমান মানুহে নুসুধিলে কোনো কথাই নকয়, গতিকে প্ৰশ্ন কৰিবলৈ লাজ, এলা হ নকৰিব। পিছত ঘৰলৈ নি কি কৰিম বুলি যাতে নাথাকে। ৪) যিসকলে ফৰ্মূলা খোৱাবলগীয়া হয়, যিমান পাৰি বটল এৰাই চলক। চামুচ লওঁক। হস্পিটেল যোৱাৰ আগত বেগত ভৰাই লবলৈ নাপাহৰিব। কেনে পৰিস্থিতি হয় কোনেও নাজানে। ৫)শিশুৱে যিমান স্তন চুপিব সিমানে গাখীৰ ওলাব। গাখীৰ কম বা চুপিব নাজানে বুলি যাতে এৰি নিদিয়ে। মূলমন্ত্ৰ: ইতিবাচক হৈ থাকক। #YogaWithRajashree