- rajashreedeviyoga
ক্ষীণ কোন...আপুনি নে মই?
THE MATHS OF BULLYING
" তাইক হে পালেনে? বুকু চুকু নাই তো।"
"ইমান ক্ষীণ জনীক কেনেকৈ বিয়া পাতিব অ'?"
"মজা পাব জানো?"
আচ্ছা বেছি চিধাকৈ কলো নেকি? নে আপোনাৰ নাক কোচ খালে কথাবোৰ শুনি? কি কি যে নিলিখিবলগীয়া কথা লিখি থাকে! অদৰকাৰী!
ইমান প্ৰাইভেত!
Who cares!
গোটেই জীৱনটো এনেদৰে থকা সৰকা কৰা কথাই দেখোন শুনি আহিলোঁ, শুনি থাকোঁ। আপুনি হয়তো মাত্ৰ এবাৰ কৈছে,কিন্তু 15জন মানুহে যেতিয়া এবাৰ এবাৰকৈ 15 বাৰ কয়, মইতো 15 বাৰ bullied হলোঁ ন'? তেন্তে? আপুনি কোৱা কথাইটো মই লিখিছোঁ!
ক্ষীণ মানুহবোৰ মানে কতো যাব নোৱাৰি,নাপায়। একো পিন্ধিব নোৱাৰি,বেয়া দেখে। অকন কিবা খালেও "ইমান খাই তথাপি ইমান ক্ষীণ" কম খালেও "সেইকাৰণে ইমান ক্ষীণ" "এইযোৰ বেয়া দেখি,সেইযোৰ আৰু ক্ষীণ দেখি" আৰু লগতে এপাচি উপদেশ ফ্ৰী সেইসকলৰ বাবে যি "বিয়াৰ বয়স"ত চিংগল আৰু আনৰ বিয়া খাব গৈছে। কাৰণ তেওঁৰ দোষ দুটা, ক্ষীণ আৰু সময়মতে বিয়া নোহোৱাকৈ থকা। বাকী দেহৰ ৰং ইত্যাদি বাৰু নকলোৱেই যেনিবা।
আৰু আছে ৰব।
সৰুৰে পৰাই শুনিবতো শুনিবই, বিয়াৰ সময়ত এচাম উঠি পৰি লাগিব কিদৰে দৰা বা কইনাৰ দেহৰ পৰা আৰম্ভ কৰি গোটেই মানুহটো/মানুহজনী যে উপযুক্ত নহয় বিয়াৰ বাবে তাক প্ৰচাৰ কৰিবলৈ।
মই শুনিছোঁ, সেইকেইজনে পাতে যাৰ মোৰ লগত আজিলৈকে এশাৰী বাক্যৰ আদান প্ৰদান হোৱা নাই আৰু মই জানো তেওঁলোকৰ মোৰ লগত কথা পাতিবৰ যোগ্যতাও নাই(ইয়াক আপুনি মোৰ গৰ্ব বুলি কলেও মোৰ কবলগীয়া নাই)।
কবলগীয়া একো নাই, নিজকে যোগৰ শিক্ষা দিয়ে যেন কাৰণ আপোনাৰ এনে ৰোগ কোনো ডাক্তৰে ঠিক কৰিব নোৱাৰে। নিজেই নিজকে ভাল পাবলৈ শিকক তেতিয়াহে চাগে এনে মানসিকতাৰ পৰা মুক্ত হব। যোগে নিশ্চিত ভাবে সহায় কৰিব আপোনাক এই ক্ষেত্ৰত।
মই মোৰ দেহটোক ভাল পাওঁ, ইয়াৰ প্ৰত্যেকটো অংগই মোৰ প্ৰিয়।গৰ্ব কৰোঁ নিজকে লৈ,প্ৰেমত ডুবি থাকোঁ নিজৰ... দেহ আৰু মন দুয়োটাৰ প্ৰেমৰ বাবেই মই আজি "ৰাজশ্রী"।