- rajashreedeviyoga
ঋত্বিক ৰোশন আৰু মোৰ কিলাকুটি
কাহিনী সেই "kaho na pyaar hein" দিনৰ। আই ঐ দেহী, চিনেমাখন ওলোৱাৰ পিছত মইয়ো দেখাক দেখি তাৰ প্ৰেমত ডুবি আছোঁ। News paper ত ওলোৱা ফটোবোৰটো কাটোৱেই কাটো, আনকি চিনেমা হলত দি আছে বুলি লিখিলে সেইখিনিও ব্লেড এখন লৈ কাটি থওঁ। মুঠতে শয়নে সপোনে অকল ঋত্বিক, ঋত্বিক আৰু ঋত্বিক। দিন গল, প্ৰেম অটুট থাকিল। সি লাহেকে "Mission Kashmir" কৰিলে, মইয়ো সেইফালে হৃদয় মেলি দিলোঁ। গান সিমান পছন্দ হোৱা নাছিল যদিও, শুনিব নেৰো, নাচিব নেৰো(মোৰ নাচ আৰু গম পাইছেই চাগে)। সঁচা প্ৰেম যে! আগতেও কৈছোঁ, পঢ়া শুনাত খুব এটা মন নাছিল, পাঁচ মিনিট পঢ়িলে মোক দহ মিনিট ব্ৰেক লাগে। স্কুলত পৰীক্ষা আছিল, খুব জৰুৰী কিবা এটা পৰীক্ষা। মই তিঘিলঘিলাই আছোঁ বাৰীত। এপাকত মাক বিচাৰি মাৰ বিচনালৈ বাট পোনালোঁ। দেখিলোঁ মা এনেই বিছনাত শুই আছে, ঠাণ্ডা দিন, কম্বল লৈ । ময়ো মোজা পিন্ধি আছিলোঁ। মায়ে কি কৰি আছিলি, পঢ়া নাই ব্লা ব্লা ব্লা আৰম্ভ কৰাত মই "ভুমব্ৰো ভুমব্ৰো" বুলি নিজকে প্ৰীতি জিন্তা বুলি ভাবি নাচিব ধৰিলো। এপাকত মোজা পিন্ধা ভৰি পকাত পিচল খাই ধুপকে উবুৰি খাই পৰিলোঁ। হাতখন নচুৱাই আছিলোঁ কাৰণে উৱাদিহ নাপায় হাতদুখন কোঁচাই দিলোঁ পৰি থাকোতে , কিলাকুটি দুটা ঠাচকে পকাত লাগি বহুতদেৰি উঠিব নোৱাৰাকৈ তলমুৰ কৰি পকাতে পৰি থাকিলোঁ। মায়ে উঠাব আহিব বুলি আশা কৰি অকন ৰলোঁ। মোৰ মা আকৌ এইবোৰত খুব ভাল। "থাক পৰি, পঢ়া শুনাৰ ধান্দা নাই, কি নাচি আছিলি... ব্লা ব্লা ব্লা।" ঠোঁট মুখ চেলেকি নিজেই উঠি আহিলোঁ, কিলাকুটি টো লৰাই চালোঁ,"কৰক কৰক " কৈ শব্দ কৰে। ভয়তে মোৰ অৱস্থা বেয়া, পৰীক্ষা কেনেকৈ দিম।মোৰ যদি গোটেই জীৱনটোত আৰু লিখিব নোৱাৰা হৈ যাও! সেই যে শব্দ কৰা হল, এতিয়াও কৰি থাকে যিকোনো সময়ত। প্ৰেম ভঙ্গ হল, চিন থাকি গল।