• rajashreedeviyoga

আমাৰ শৰীৰটো, হীনমন্যতা আৰু সমাজ...

শহাপহুৰ দৰে দাঁতকেইটাক লৈ মোৰ বহুত অশান্তি লগিবলৈ ধৰিলে। তেতিয়া চাগে মই কলেজত। তাৰ আগলৈকে সিমান দেখোন ভবা নাছিলোঁ এইবোৰ। কেইদিনমানৰ পৰা অকল ইয়াকে ভাবি মোৰ নিজৰ ওপৰত খুব খং, দুখ লাগে। মাহতৰ ওপৰতো খুব খং উঠে। সময় থাকোঁতে কিয় ঠিক নকৰালে? লোকৰ কথা শুনি Dentistৰ ওচৰলৈ গলোঁ, তেওঁ কলে বয়স অকন বেছি হল কিন্তু উপাই নথকা নহয়। Jassi jaissi koi nahiৰ Jassiৰ দৰে থাকিবলৈ মোৰ মন নাছিল, গতিকে খুলিব পৰা ক্লিপ লগালোঁ। বিষ উঠি যাই, তথাপি নেৰো। ভাল হৈহে এৰিম। পিছলৈ এলাহ লাগিল, নিজেও অকন বুজিলো এইবোৰ আৰু লাভ নাই। দুখটো অকন থাকি গল পিছে। তাতে depression হোৱাৰ সময়ত আৰু বেয়া হৈছিল গা মন। যেতিয়া ওলাবলৈ চেষ্টা আৰম্ভ কৰিলোঁ, লাহে লাহে গা মন ধুনীয়া হবলৈ ধৰিলে। মোৰ আগৰ ফটোবোৰ চালে গম পাব, দাঁত ওলাই খোলা হাঁহি মাৰিব পৰা নাছিলোঁ। কিন্তু depression গচকি ওলাই আহোঁতে পুৰণিজনীক তাতে থৈ আহিলো। বুজি পালোঁ, মই ময়েই। মই, মই হোৱা বাবেই পৃথিৱীখন ধুনীয়া। কলা, বগা, খীণ, শকত... দেহৰ গঠন... একোৱেই তুলনা কৰিব নোৱাৰে মোৰ সত্ত্বাক। মই মোৰ দৰেই, নাচিবলৈ, হাহিবলৈ, গান গাবলৈ, সুহুৰি মাৰিবলৈ, দৌৰি যাবলৈ...কোনো লাজ নকৰোঁ। আনে কি ভাবিব,আটাইৰে কাৰণে ভাল ছোৱালী হবলৈ চেষ্টা কৰা ইত্যাদি কোনোবা দিনাই এৰি আহিছোঁ। মই স্বাৰ্থপৰ হবলৈ শিকিলোঁ, তেতিয়াহে বুজিলোঁ নিজৰ প্ৰতি থকা মৰম কি বস্তু। মাজে মাজে পাহৰি যাওঁ, স্বামীৰ সহায় লওঁ। কেতিয়াও এৰি নিদিওঁ এই মানসিক শান্তি। নিজৰ লগত নিজে যুঁজি কিমান কষ্ট দিলোঁ, আৰু দিব নোৱাৰি। জীৱনৰ বাটত কৰি অহা কামবোৰ ( নিজে বা আনৰ কথাত ভোল গৈ) হিচাপ নিকাচ কৰি নিজৰ বৰ্তমান আৰু ভৱিষ্যত বেয়া নকৰিব। মানুহে বুজি নোপোৱা বস্তুবোৰ কিবা কিবি কৈ নিজৰ পৰিচয় দিয়ে, আনৰ কথাত নিজকে কষ্ট নিদিব। সদায় মনত ৰাখিব, আপুনি ধুনীয়া আৰু ধুনীয়া মানে "simply beautiful." ইয়াত কলা বগা, ওখ ,চাপৰ ইত্যাদি নাহে। আনে কি বিচাৰে সেইয়া তেওঁলোকৰ কাম, আমাৰ নিজৰ কাম এটাই, নিজকে সুখী ৰখা। সেইয়া অকল আপোনাৰ হাতত। আজি মই আটাইতকৈ ধুনীয়া ছোৱালজনী হবলৈ পাই নিজক লৈ গৰ্ব কৰোঁ। Stop trying to serve each and everyone. You are not a cup of tea. 😝😊 Love and respect🙏 to each and every beautiful soul out there. ফটোখন মোৰ বৰ মৰমৰ... শুই উঠিয়েই জধলা চুলিখিনিৰে কিমান ধুনীয়া মই...😊😊

  • Black Facebook Icon
  • Black Instagram Icon
  • Black Pinterest Icon
  • Black Twitter Icon

© 2020 by YogaTales. Proudly created by Bite Crawler

  • Black Facebook Icon
  • Black Instagram Icon