• rajashreedeviyoga

আপুনি সাজু নে দেৱশিশুক আদৰিবলৈ?নতুনকৈ মাতৃ হবলৈ ওলোৱা সকললৈ ১০ টা জৰুৰী কথা...

নতুনকৈ মা হবলৈ উলাওঁতে কিমান যে চিন্তা! ডেলিভেৰীৰ পিছত লাগিব বুলি কিমান যে বস্তু ভৰাও, আকৌ উলিয়াই ধুই থওঁ, আকৌ ভৰাও। আকৌ কেতিয়াবা "এইটো নালাগে, সিটো ভৰাই থওঁ" উফ্ মানে ওলোৱা সোমোৱা চলি থাকে। আপোনালোকৰ হৈছেনে তেনেকৈ? মোৰ কিন্তু শেষৰ তিনিমাহ সেইবোৰ কৰোঁতেই গল😁 পোৱালিৰ কাপোৰ অনলাইন কিনি, ধুই, ভৰাই, আকৌ ধুই ভৰাই... মানে কি কম, যেন ধোৱা শেষেই নহয়, আৰু এবাৰ ধুলে যেন আৰু কোমল হব।😁 যিমানেই দিনবোৰ কাষ চাপি আহে সিমানেই যেন ধৈৰ্য্য কমি আহে,"কেতিয়া যে আহিব, কেতিয়া যে কোলাত লম, কেতিয়া পেটটোৰ ওজন কমিব। হা হা হা। কিমান ভাল লাগে, নহয় নে? আজি বাৰু মই কেনেকৈ কি কি জমা কৰিছিলোঁ, কেনেকুৱা অভিজ্ঞতা হল এইবোৰ লিখিম । ১) কপাহী, বুকুত বুটাম থকা(হুক থকা চোলা যিমান পাৰি এৰাই চলক, চকুত লাগিলে মজা ওলাই যাব) ফ্ৰক লোৱা আটাইতকৈ ভাল। শিশুৰ জন্মৰ পিছত আৰু নিজৰ কাপোৰ চাবলৈ সময় কম হৈ পৰে(নাই বুলিয়েই ধৰক)। গতিকে সেই সময়ত পুতুক কে সুমুৱাই দিয়া চোলা উত্তম। চুটি হলে সুবিধা বেছি। অনলাইন কিছুমান পোৱা যায়, পথালিকৈ বা দীঘলকৈ চেইন থকা। পথালিকৈ চেইন থকা এটা লৈছিলোঁ কিন্তু সেইটো সিমান সুবিধাজনক নাপালোঁ breastfeeding কৰাওঁতে। কাৰণ চেইন খোলাৰ পিছত ফ্ৰ্ক টোৰ ওপৰৰ অংশ হাতেৰে ধৰি থকা বা ডিঙি ৰে চেপি থাকিব লগীয়া হৈ যিটো মোৰ বাবে একদমে বিৰক্তকৰ 😁 নতুনকৈ পোৱালি চম্ভালিম নে চোলা চম্ভালিম অ? ঢিলা Half pant aru t-shirt ও সুবিধাজনক যদিহে c section নহয়। ২) adult diaper pants. ইয়াৰ বিষয়ে আগৰ পোষ্ট বোৰত বহলাই লিখা হৈছে গতিকে অকল উল্লেখ কৰিলোঁ। ৩) breast pad. ইয়াৰ কথাও আগৰ পষ্টত পাব। দুয়োবিধ কিনি থব। (আগৰ পোষ্ট পঢ়িলে বুজি পাব) ৪) breast pump এটা যোগাৰ কৰি থব, গাখীৰ বেছি হলে ওলাবলৈ সুবিধা হয়। কিন্তু মোৰ ক্ষেত্ৰত মই সিমান সুবিধাজনক নাপালোঁ, কাৰণ pumping কৰোঁতে nipple ত দুখ পোৱা যায় (আটাইৰে নহব পাৰে) তথাপি বহু সময়ত ই বহুত সহায় কৰিলে। ৫) Hot water bag. পিঠিৰ বিষ ইত্যাদিত বহুত কামত দিব। যদি পাৰে electrical এটা লব, বাৰে বাৰে কৰিবলৈ সুবিধা হব। ৬)যদি bleedingৰ কাৰণে pad লব বিচাৰিছে, চাই লব, কাৰণ কেতিয়াবা ইয়াৰপৰা infection হব পাৰে। অকণমান সন্দেহ হলেই ডাক্তৰ ৰ ওচৰলৈ যাওক। toilet roll paper আনি থব, বহুত কামত দিব। ৭) bra যদি লব বিচাৰিছে দুটামান ডাঙৰ চাইজৰ লওক নিজৰ সুবিধা মতে, গাখীৰ উৎপাদন হোৱাৰ কাৰণে স্তন ডাঙৰ হৈ পৰিব, গতিকে আৰামদায়ক হোৱাত গুৰুত্ব দিয়ক। বেছি টান নিপিন্ধিব। ৮) feeding bra পোৱা যায়। আকৌ মোৰ বাবে সেইয়া ও সিমান সুবিধাজনক নাপালোঁ 😁 তাতকৈ simple/ lightly padded bra ভাল পালোঁ। গতিকে আপোনাৰ ওপৰত কথা। ৯) মবাইলত notes লিখিবলৈ app install কৰক। শুনিবলৈ হাঁহি উঠে যদিও পিছত কথাবোৰ মনত নাথাকিব পাৰে 🤣, তেতিয়া বহুত সহায় কৰিব এইবোৰে। আপোনাৰ আৰু পোৱালিৰ কি কি কথা ডাক্তৰ ক সুধিব আছে সেইবোৰ লিখি ৰাখিব লগে লগে। ১০) নিজৰ medical details (doctor, hospital emergency no, important things about medicines, diet) লগতে ঘৰৰ মানুহৰ নম্বৰ, emergency ত আপুনি কি সুবিধা বিচাৰে, কি কি লৈ যাব, medical file, delivery bag কত থৈছে এই গোটেইবোৰ লিখি checklist আটায়ে দেখা ঠাইত ওলোমাই ৰাখক।

40 views
  • Black Facebook Icon
  • Black Instagram Icon
  • Black Pinterest Icon
  • Black Twitter Icon

© 2020 by YogaTales. Proudly created by Bite Crawler

  • Black Facebook Icon
  • Black Instagram Icon