• rajashreedeviyoga

আই মৰমৰ

আই

মৰমৰ,


আজি কিয় জানো 20 বছৰৰ আগৰ "আইজনী"লৈ মনত পৰিল। এতিয়াৰ দৰে তেতিয়াও ধুনীয়া আছিলি। মৰমবোৰো একেই আছিল। দিনৰ দিনটো কামকে কৰি থকা দেখিছিলোঁ তোক। ককা, আইতাৰ কথাবোৰ তেতিয়ালৈ বুজি উঠিছিলোঁ। সদায় তোলৈ কমতকৈয়ো কম ভাত খিনি আইতাই আগবঢ়াই দিছিল...তই একো কোৱা নাছিলি। মোৰ আগত কান্দিছিলি কেতিয়াবা অকলে, মই চাই ৰৈছিলোঁ তোৰ চকু দুটিলৈ। "দুখ পাইছোঁ হাতত অ', সেয়ে কান্দিছোঁ" মিছা মাতিছিলি, বুজিছিলোঁ মই। দেউতাক শেষলৈকে নিমাতেই দেখিলো গোটেই জীৱনত। যিমানে ডাঙৰ হৈ আহিছিলোঁ, ভাবিছিলোঁ তোক মই ভালকৈ ৰাখিম, চাকৰি কৰিম, তই ভাল পোৱাকৈ বোৱাৰী আনিম। তই যিমান কষ্ট পাই আহিছিলি, মই ভাল কৰিম। তোক কলে "ধেৎ নাপায়, কি কষ্ট?" বুলি কৈছিলি, বুজিছিলোঁ মই।


মোৰ সদায় সুধিব মন যায়, ঘৰৰ গোটেই কাম কৰোঁতে তই এবাৰো ভবা নাছিলি নে, দেউতায়ো যদি অকণ সহায় কৰি দিলে হয়! আইতাই তোক গালি পাৰি হাত উঠোৱা সময়ত বিচাৰিছিলিনে দেউতাৰ মাতষাৰ? কান্দি জিৰাবলৈ তেওঁৰ বুকুখন? ভাতখিনি সদায় অকলেই খালি, কেতিয়াবা মন গৈছিল নে দেউতাৰ লগত বহি খাবলৈ?


পিহুক ভাল লাগিছিল মোৰ প্ৰথমদিনাই। তাই মোৰ মনটোক বুজি উঠিছিল। মৰম কি ঘৰখনত কাহানিও নেদেখাকৈ ডাঙৰ হোৱা লৰা মই। সাহস দিছিল তাই পৃথিৱীৰ ধুনীয়াখিনি বুজি উঠাত। সেইবাবেই হয়তো দুয়ো দুয়োৰে আজন্ম প্ৰেমী হৈ পৰিছিলোঁ। ভাল লাগিছিল জীৱনটো, তোক যেন দৌৰি গৈ সকলো কমগৈ...

তই মন বেয়া কৰিছিলি, গালি দিছিলি কিন্তু মই জানিছিলোঁ তই ইমান নুবুজা নহয়। পিহুক লগ পালে তই যে ভাল পাবি মই নিশ্চিত আছিলোঁ। ভাল পাওঁ তোক, ভাল পাওঁ বাবেই পিহুক মোৰ জীৱনসংগী হবলৈ প্ৰস্তাৱ দিছিলোঁ। তই মৰম কি বুজিবি, আমি গঢ়িম তোৰ সংসাৰ আকৌ, মৰমৰ সংসাৰ।


সপোনবোৰ চাগে বেছি ৰচিছিলোঁ...

আজি তই কৰবাত যেন হেৰাই গলি।

ৰাতিপুৱাই তোৰ মাতষাৰ... আজিলৈকেতো এনেকুৱা নাছিলি। গোটেই ঘৰৰ কাম অকলেই কৰি থাকোতে মই কিদৰে শুই থাকিব পাৰিম, ভাবিছনে কেতিয়াবা? তই দিয়া গালিবোৰ খুবেই অচিনাকি, আই। "ঘৰত মাৰ বাপেৰে কি শিকালে?" বুলি তই যেতিয়া তাইক চিঞৰ মাৰ', মোৰ বুকু কঁপি উঠে। মই কি শিকিলোঁ! "আজিকালি তই মোৰ মুখে মুখে কথা কোৱা আৰম্ভ কৰিছ'?" মোক গালি দিয়'। আই, দিনটোৰ কামৰ হেঁচা আৰু পিছদিনাৰ চিন্তাত তাই যেতিয়া ৰাতি সকলো শোৱাৰ পিছত কাম শেষ কৰি ৰুমলৈ আহে, মোৰ সাহস নহয়গৈ তাইৰ চকুলৈ চোৱাৰ। উশাহ যেন ঘূৰাই নাপাওঁ, শোৱাৰ অভিনয় কৰোঁ যাতে তাইৰ সন্মুখীন হব নালাগে। তাই তোৰ দৰে, মোক নকয় চকুলোৰ বেথাবোৰ। আৰু ভয় লাগে মোৰ ,তাই তোৰ দৰেই জীৱন এটা পাই বুলি। ভাগৰত লালকাল হোৱা পিহুক চাওঁ তাই শোৱাৰ পিছত...বহুত সপোন দেখিছিল চাগে... মই বহুত সপোন দেখাইছিলোঁও। কিমান বেদনা থাকিলে শুকাই যায় সপোনবোৰ, আই,তই বুজিবি। তাইৰ টোপনি ভাঙে বুলি যিমান পাৰি লাহেকৈ চুমা এটা দিওঁ কপালত। তাতকৈ বেছি মোৰ যেন অধিকাৰ নাই, দিনটোৰ কামৰ কষ্ট, ভাগৰত কি সপোন ৰচিম আমি! তাইক আৰু কষ্ট দিব নোৱাৰোচোন। তাৰ পিছতো তাই শুনিবলগীয়া হয় " আকৌ চুৱা হলিয়েই নে? বাজীজনীক লৈ আহিল, লৰা পামহে আৰু তোৰপৰা।" এবাৰো নাভাব' তোৰ লৰাৰ বুকুত কেনেকৈ বিন্ধে সেইষাৰ কথাই। যিমান গালি,অপমান তাইৰ কৰিছ' , মোলৈ সকলোবোৰ পঠিয়াইছ আচলতে। যিমানে তাই মনে মনে থাকে, সিমানে মই নামি যাওঁ তাইৰ চকুত। তোৰ চাগে সেইয়া ভাবিবোৰ নহল, যিদৰে ভাবিবৰ নহল ককা, আইতা আৰু দেউতাৰ।


আই, মই দেউতা নহয়। পিহুক তোৰ দৰে জীৱন এটিও দিব নোখোজোঁ। তই ধুনীয়া, এতিয়াও ধুনীয়া। পিহুকো ধুনীয়া হবলৈ দিম মই। সপোনবোৰ হেৰুৱাবলৈ লৈছে তাই, মই নিদিওঁ সেইয়া হবলৈ। তই বুজিবি এদিন, যিদৰে মই বুজিছিলোঁ তোক।


তোৰ

পোনা মৰমৰ।

  • Black Facebook Icon
  • Black Instagram Icon
  • Black Pinterest Icon
  • Black Twitter Icon

© 2020 by YogaTales. Proudly created by Bite Crawler

  • Black Facebook Icon
  • Black Instagram Icon