- rajashreedeviyoga
অশ্বিনী মুদ্ৰা
আজি কৰিম বলক একেবাৰে পানীৰ দৰে সহজ এটি মুদ্ৰা...(মুদ্ৰাৰ বিষয়ে বেলেগ এদিন লিখিম)।
আমাৰ সমস্যাৰ অন্ত নাই। দেহটোক লৈ যত যি চিন্তা। দেহ ভালে থাকিবলৈ আজিকালি আগতকৈ বহুত সচেতন হৈছে আটায়ে। বহুত কিবাকিবি কৰোঁ আমি। তাৰ মাজতে আমি মহিলাসকলে বিশেষকৈ নিজৰ দেহৰ যত্ন লোৱাটো খুবেই জৰুৰী। এনেদৰে কোৱা আৰম্ভ কৰিলেই বহুতে উত্তৰ দিয়ে, " আমি আৰু ঘৰৰ কাম কৰোঁতেই হৈ যায়, আৰু কি লাগে?" "ইমান ক্ষীণ তই, ব্যায়াম কৰিলে নাথাকিবিয়েই দেখুন।" , " পেটটো সোমালেই হল।"
এনেধৰণৰ ব্যক্তিৰ পৰা দূৰত থাকিব। চাফা কথা।😁
ঘৰৰ কাম কৰিয়েই যদি হৈ যায়, মহিলাসকল দেখোন শাৰীৰিক আৰু মানসিকভাৱে সাংঘাতিক ভাৱে সুস্থ হল হয়!
দেহ বুলি কলে অকল পেট, অকল হাত , অকল ভৰি ...ওহোঁ নচলিব। গতিকে আমি সকলো ধৰণৰ নেতিবাচক চিন্তা বাদ দি সমগ্ৰ শৰীৰৰ বাবে যোগাভ্যাস কৰিব লাগিব।
প্ৰায়ে গুৰুত্ব নিদিয়াকৈ থাকি যায় আমাৰ পেটৰ তলৰ অংশ খিনি। আমি এনেও এইবোৰ বিষয় পাতিবলৈ সিমান ভাল নাপাওঁ, লুকাই লুকাই পাতো। তাৰ ফলত বহু কথাই নজনাকৈ থাকি যাওঁ।
আজি গতিকে লৈ আহিছোঁ আমাৰ প্ৰজনন অংগ আৰু ইয়াৰ স্বাস্থ্যৰ বাবে জৰুৰী আৰু একেবাৰে সহজ উপায় এটি। যিসকলৰ কোনো অসুবিধা নাই(অপেৰাচন বা কিবা চিকিৎসা চলি থকা... তেওঁলোকে যাতে যধে মধে নকৰে অকল, চিকিৎসকৰ কথামতে চলিব)
সকলো মহিলাই কৰিবই লাগে লগতে গৰ্ভৱতী মহিলা, সন্তান জন্ম দিয়াৰ পিছত তথা মাহেকীয়াত পেটৰ বিষ, মাহেকীয়াৰ বাবে মানসিক ভাবে অশান্তিত ভোগা এই সকলোবোৰ সমস্যা যদি ভাল কৰিব বিচাৰে আন আন যোগাভ্যাসৰ লগতে এইবিধো নিশ্চয়কৈ কৰিব। মাহেকীয়াৰ দিনবোৰত কৰাৰ পৰা বিৰত থাকিব।
আমি ঘোঁৰাৰ মলদ্ৱাৰ দেখিছো,নহয় জানো?মল ত্যাগ কৰাৰ পিছত এবাৰ ভিতৰলৈ টানি চেপি দিয়ে আকৌ এৰি দিয়ে। আমিও ঠিক একেদৰে আমাৰ মলদ্ৱাৰ চেপা আৰু এৰা কৰিব লাগে যেতিয়াই পাৰে। সেয়ে এই মুদ্ৰাৰ নাম অশ্বিনী মুদ্ৰা। কিন্ত
সেইবুলি আৰু যিমান শক্তি আছে সিমান টানো বুলি যদি ভাবিছে, ওহো নকৰিব। লাহে লাহে আৰামেৰে কৰক। ঠিয় হৈ, বহি, শুই আপুনি যিদৰে আৰাম পাইছে তেনেদৰে কৰক। কোনো যোগাভ্যাস দৌৰি দৌৰি খৰধৰকৈ কৰাৰ পৰা বিৰত থাকিব। শান্ত মন এটি লৈ কৰিলেহে ইয়াৰ ফল পোৱা যায়। 15 বা 20 বাৰ মান কৰি চাওঁকচোন।
যিসকলৰ মাহেকীয়াৰ পেট বিষ ইত্যাদি সমস্যা আছে তেওঁলোকে 10 মিনিটৰ বাবে কুহুমীয়া পানীৰ টাব এটাত আওজি বহি (ভৰিখন টাবৰ বাহিৰত পৰাকৈ) 4 মিনিটৰ বাবে এইটো মুদ্ৰা কৰিব। কৰি উঠি টাবটোতে বাকী সময়খিনি জিৰণি লওঁক, নিজৰ লগত কটাওক শান্ত মন এটি লৈ। ইয়াক যোগত কোৱা হয় কটি স্নান। সন্তান জন্ম দিয়াৰ পিছত আমাৰ genital আৰু urinary অংগসমূহৰ সুস্বাস্থ্যৰ বাবে ই অতি জৰুৰী।
মন কৰিব যে এনেদৰে টাবত বহাটো কঁকালৰ বিষ হলেও আৰাম পাব।
পুৰুষৰ কথা কোৱা নাই বুলি এইয়া নহয় যে তেওঁলোকে কৰিব নালাগে। মহিলাসকলৰ বাবে বিশেষকৈ জৰুৰী সেইয়াইহে কথা।